ETV Bharat / state

শ্ৰীৰামপুৰত একে নিশাই তিনিখন দোকানত চুৰি - কোকৰাঝাৰ

নিশা আন্ধাৰৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান

চুৰিকাণ্ড
author img

By

Published : Feb 28, 2019, 1:01 PM IST

গোসাইগাঁও মহকুমা অন্তৰ্গত শ্ৰীৰামপুৰ বজাৰত বৃহস্পতিবাৰে নিশা এটা চুৰিকাণ্ড সংঘটিত হয়। বজাৰখনৰ তিনি খন দোকানৰ পৰা চোৰে লুট কৰি নিয়ে বহু সামগ্ৰীৰ লগতে নগদ ধন ।

চুৰিকাণ্ড

প্ৰাপ্ত তথ্য অনুসৰি শ্ৰীৰামপুৰ বজাৰত যোৱা নিশা চোৰে চিলিং ভাঙি তিনিখনকৈ দোকানতপ্ৰৱেশ কৰি কাপোৰ আৰু কেচ বাকচত থকা নগদ ধন লুট কৰি নিয়ে । চুৰি হোৱা দোকানসমূহ ক্ৰমে ভাওৱাল বস্ত্ৰালয়, ৰায় বস্ত্ৰালয় আৰু সাৰদা বুক ষ্টল । ইপিনে বজাৰত প্ৰতিনিশা পহৰাৰ ব্যৱস্থা আছিল যদিও বিগত এসপ্তাহ ধৰি পহৰা বন্ধ হৈ থকাত চোৰে এই সুযোগ গ্ৰহণ কৰে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে।

Intro:শ্ৰীৰামপুৰত একে নিশাই তিনিখন দোকানত চুৰিঃ চিলিং ভাঙি প্ৰৱেশ চোৰৰঃ

গোসাইগাঁও 28 ফেব্ৰুৱাৰী,গোসাইগাঁও মহকুমাৰ শিমূলটাপু আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰীৰামপুৰ বজাৰত যোৱা নিশা এক চুৰি কাণ্ড সংঘটিত হয়। বজাৰৰ তিনি খন দোকানত চোৰে চিলিং ভাঙি প্ৰৱেশ কৰি লুটি নিয়ে বস্তু-সামগ্ৰী লগতে টকা।

Body:গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ বজাৰত যোৱা নিশা চোৰে চিলিং ভাঙি তিনিখনকৈ দোকানত সোমাই চুৰি কৰা দোকানসমূহ ভাওৱাল বস্ত্ৰালয়, ৰায় বস্ত্ৰালয় আৰু সাৰদা বুক ষ্টল নামৰ দোকান তিনিখনত চোৰে চাফাই চলায়। দোকানত প্ৰৱেশ কৰি চোৰৰ দলে কাপোৰ লোৱাৰ উপৰি কেচ বাকচত থকা নগদ ধন লুটি নিয়ে।ইয়াক লৈ শ্ৰীৰামপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Conclusion:বজাৰত প্ৰতিদিনাই নৈশ পহৰাৰ ব্যৱস্থা আছিল যদিও যোৱা এসপ্তাহ ধৰি পহৰা বন্ধ হৈ থকাত চোৰে এই সুযোগ গ্ৰহণ কৰে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.