ETV Bharat / state

এদিনীয়া কাৰ্যসূচীৰে বিটিচিৰ গ্ৰীষ্মকালীন অধিৱেশন সমাপ্তি

author img

By

Published : Aug 28, 2019, 11:00 PM IST

বুধবাৰে বিটিচি বিধান পৰিষদৰ এদিনীয়া কাৰ্যসূচীৰে গ্ৰীষ্মকালীন অধিৱেশন অনুষ্ঠিত ৷ প্ৰশ্ন উত্তৰ শিতানেৰে আৰম্ভ হোৱা অধিৱেশন খনত বিটিচিৰ বানপানী, শিক্ষা, স্বাস্থ্য আদি বিষয়ত আলোচনা কৰা হয় ৷

এদিনীয়া কাৰ্যসূচীৰে বিটিচিৰ গ্ৰীষ্মকালীন অধিৱেশন সমাপ্তি

কোকৰাঝাৰ, 28 আগষ্টঃ বুধবাৰে এদিনীয়া কাৰ্যসূচীৰে বিটিচি বিধান পৰিষদৰ গ্ৰীষ্মকালীন অধিৱেশন অনুষ্ঠিত হয় ৷ বিটিচি বিধান পৰিষদৰ ভৱনত তৃদীপ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই অধিবেশন খন প্ৰশ্ন উত্তৰ শিতানেৰে আৰম্ভ হয় আৰু বিটিচিৰ বানপানী, শিক্ষা, স্বাস্থ্য আদি বিষয়ত প্ৰশ্ন উত্থাপন কৰে বিৰোধী সদস্য সকলে৷ বিৰোধী দলপতি ৰোনগোৰা নাৰ্জাৰীয়ে গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান আৰু বানে উটুৱাই নিয়া ঘৰ সমূহ চৰকাৰে পুনৰ নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰে ৷ প্ৰত্যুত্তৰত বিটিচি প্ৰধান হাগ্ৰামা মাহিলাৰীয়ে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে বুলি মন্তব্য কৰাৰ লগতে বানত আক্ৰান্তসকলৰ পুনৰ সংস্থাপনৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে ৷

Intro:বিটিচিৰ গ্ৰীষ্মকালীন অধিবেশন আজি এদিনীয়া কাৰ্যকসূচীৰে সমাপ্ত হৈ। বিটিচিৰ বিধান পৰিষদিও ভৱনত অধ্যক্ষ তৃদীপ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বিটিচিৰ গ্ৰীষ্মকালীন অধিবেশনত মূলত প্ৰশ্নউত্তৰ শিতানেৰে আৰম্ভ হয় আৰু বেচিভাগে বানপানী, শিক্ষা, স্বাস্থ্য আদি বিষয়ত প্ৰশ্ন উত্থাপন কৰে বিৰোধী দলে।

Body:বিটিচি বিধান পৰিষদৰ বিৰোধী দলপতি ৰোনগোৰা নাৰ্জাৰীয়ে গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধানৰ পোষকতা কৰে আৰু বানপানীয়ে উটুৱাই দিয়া ঘৰসমূহ চৰকাৰে পুনৰ নিৰ্মান কৰি দিবলাগে বুলি দাবী তোলে।
বিটিচি প্ৰধান হাগ্ৰামা মাহিলাৰীয়ে বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হোৱা উচিত বুলি মন্তব্য কৰি বানপানীত আক্ৰান্তসকলক যথাসভাব কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাহব বুলি সদৰী কৰে ।

Conclusion:আনহাতে বিটিচি নিৰ্বাচিত সদস্য জৈতিৰেন্দ্ৰ ব্ৰহ্মৰ এক প্ৰশ্নউত্তৰত হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ত 8 গৰাকী বিষয়া ডেপুতেচোন আৰু 16 গৰাকী অৱসৰপ্ৰাপ্ত বিষয়াক পুনৰ পদবী মকৰল দিয়াৰ সদৰি কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.