ETV Bharat / state

এপদ এপদকৈ নোহোৱা হৈছে সামগ্ৰী; পূৰণ হ'ব নে মাজুলীবাসীৰ সপোন ? - Jorhat Majuli link bridge

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Jorhat Majuli link bridge : বিগত প্ৰায় ১৫ দিন ধৰি বন্ধ হৈ আছে মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য । যন্ত্ৰপাতি লৈ যোৱাৰ উপৰিও নিশা হ'লেই ঠিকাদাৰী প্ৰতিষ্ঠানে লোৰ ৰড স্থানান্তৰ কৰিছে । এনে পৰিস্থিতিত যোৰহাট-মাজুলী সংযোগী দলঙৰ ভৱিষ্যৎ সম্পৰ্কে উদ্বিগ্ন মাজুলীবাসী ।

Jorhat Majuli link bridge
এপদ এপদকৈ নোহোৱা হৈছে সামগ্ৰী;পূৰণ হ'ব নে মাজুলীবাসীৰ সপোন (ETV Bharat)

মাজুলী, ২১ ছেপ্টেম্বৰ : বছৰ বছৰি ধৰি মাজুলীৰ ১০ লক্ষাধিক জনতাৰ আশা আছিল এখন দলং । যোৱা কিছু বছৰ ধৰি সেই আশা পূৰণ হ'ব যেন লাগিছিল ! কিয়নো মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম তীব্ৰগতিত আৰম্ভ হৈছিল ।

কিন্তু মাজুলীবাসীৰ আশাত চেঁচাপানী ঢালি যোৱা ৫ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ আছে সংযোগী দলঙৰ কাম । জানিব পৰা মতে মূল ঠিকাদাৰী প্ৰতিষ্ঠান আৰু উপ ঠিকা লোৱা প্ৰতিষ্ঠানৰ মাজত হোৱা আভ্যন্তৰীণ সংঘাতৰ বাবে বন্ধ হৈ আছে যোৰহাট মাজুলী-সংযোগী দলঙৰ কাম ।

নিশা নিৰ্মাণস্থলীৰ পৰা লৈ যোৱা হৈছে লোৰ ৰড

ইয়াৰ মাজতে ঠিকাদাৰী প্ৰতিষ্ঠান বদ্ৰী ৰায় কোম্পানীয়ে নিৰ্মাণস্থলীৰ পৰা দলং নিৰ্মাণৰ যন্ত্ৰাংশ লৈ গৈছে । দলং নিৰ্মাণত ব্যৱহৃত সামগ্ৰীও এতিয়া লৈ যোৱা হৈছে । দলং নিৰ্মাণস্থলীৰ পৰা নিশা হ'লেই লৈ যোৱা হয় দলং নিৰ্মাণৰ বাবে অনা লোৰ ৰড । শুকুৰবাৰে নিশাও এখন ট্ৰলীৰে লোৰ ৰড লৈ যোৱা হয় । স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি লগে লগে ৰড ভৰ্তি AS-২৩-CC-৬০৩৫ নম্বৰৰ ট্ৰলীখন আৱদ্ধ কৰি ৰাখে ।

বিগত ১৫ দিনে বন্ধ হৈ আছে মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম । সেই সময়তে দিনৰ ভাগত দলং নিৰ্মাণৰ বাবে ব্যৱহৃত গধুৰ যন্ত্ৰপাতি আৰু নিশা ৰডবোৰ লৈ যোৱা হয় । এনে পৰিস্থিতিত এতিয়া মাজুলীবাসীৰ মনত সন্দেহ হৈছে । সঁচাকৈয়ে মাজুলীবাসীৰ সপোনৰ দলংখন হৈ উঠিবনে ?

ক্ষোভিত এগৰাকী লোকে কয়, "এনেদৰে নিশা দলং নিৰ্মাণৰ সামগ্ৰী ইয়াৰ পৰা লৈ যোৱাৰ উদ্দেশ্য কি ? কিবা নিব থাকিলে দিনৰ পোহৰত নিব লাগে, ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ কিয় নিব লাগে ?" ইফালে ট্ৰেইলাৰখনৰ চালকে কয়, "ৰডবোৰত মামৰে ধৰাৰ বাবে ঘূৰাই নিবলৈ দিয়া হৈছে । ৰডখিনি দুলীয়াজানলৈ লৈ যাম ।"

জানিব পৰা মতে, দুলীয়াজানত আছে বদ্ৰী ৰায় কোম্পানীৰ কাৰ্যালয় । প্ৰথমে ৰডবোৰ কাৰ্যালয়লৈ লৈ যোৱা হ'ব আৰু পিচত আন স্থানত চলি থকা নিৰ্মাণস্থলীলৈ লৈ যোৱা হ'ব । চালকজনে জনোৱা মতে ট্ৰেইলাৰখনত প্ৰায় ৩৬ টন ৰড আছে । ইয়াৰ পূৰ্বেও তেওঁ প্ৰায় ২৭ টন ৰড লৈ গৈছিল ।

আশাহত মাজুলীবাসী

ৰাইজে অভিযোগ কৰা মতে মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য বন্ধ হোৱা প্ৰায় ১৫ দিন অতিক্ৰম কৰিলে যদিও এতিয়ালৈ স্থানীয় বিধায়ক তথা চৰকাৰী পক্ষই কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । তেনেস্থলত এতিয়া নিৰ্মাণস্থলীৰ পৰা এপদ এপদকৈ সামগ্ৰী লৈ যোৱাত অধিক আশাহত হৈছে মাজুলীবাসী ।

লগতে পঢ়ক :আশাহত মাজুলীবাসী, আধাতে সামৰিলে দলঙৰ কাম - Majuli Jorhat connecting bridge

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.