ETV Bharat / sports

অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ আন এক অভিলেখ, তেনে কৰা প্ৰথমগৰাকী ভাৰতীয়ত পৰিণত - ROHIT SHARMA RECORD

author img

By ETV Bharat Sports Team

Published : 3 hours ago

IND vs BAN 1st Test: ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাৰ আন এক মাইলৰ খুঁটি অৰ্জন ৷ এটা কেলেণ্ডাৰ বৰ্ষত 1000 ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতীয় অধিনায়কত পৰিণত খেলুৱৈগৰাকী ৷

ROHIT SHARMA RECORD
ৰোহিত শৰ্মা (AP PHOTO)

স্প’ৰ্টছ ডেস্ক, 21 ছেপ্টেম্বৰ: ভাৰত-বাংলাদেশৰ মাজৰ প্ৰথমখন টেষ্ট মেচ চলি আছে চেন্নাইত ৷ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই এই টেষ্টতে অৰ্জন কৰিছে এক কৃতিত্ব । শুকুৰবাৰে এম এ চিদাম্বৰম ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন টেষ্টত 5 ৰাণ সংগ্ৰহ কৰাৰ পিছতে 37 বছৰীয়া ৰোহিতে এই কৃতিত্ব অৰ্জন কৰে ।

এটা কেলেণ্ডাৰ বৰ্ষত 1000 ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতীয় অধিনায়কত পৰিগণিত হৈছে ৰোহিত শৰ্মা । কেৱল এয়াই নহয়, তেওঁ এই কৃতিত্ব অৰ্জন কৰা সৰ্বাধিক বয়সৰ ক্ৰিকেটাৰ । 2023 চনৰ পৰাই ৰোহিত শৰ্মাই এদিনীয়া বিশ্বকাপ 2023 আৰু টি-20 বিশ্বকাপ 2024 ত অব্যাহত ৰাখিছে ৰাণ সংগ্ৰহৰ ধাৰা ৷ শীৰ্ষ দুয়োখন প্ৰতিযোগিতাতে ক্ৰিকেটাৰগৰাকীৰ ষ্ট্ৰাইক ৰেট হৈছে 125 তকৈ অধিক ।

এইবেলি 37 বছৰীয়া ৰোহিতে 27 টা ইনিংছত গড়ে 41.70 ৰাণ কৰি তিনিটা শতক আৰু 6 টা অৰ্ধশতকৰ সহায়ত সংগ্ৰহ কৰিছে 1001 ৰাণ ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 39 আৰু 16* ইনিংছৰে বছৰটো আৰম্ভ কৰিছিল ৰোহিতে ৷ কেপটাউনত ভাৰতে ঐতিহাসিক প্ৰথম টেষ্ট জয় লাভ কৰি দুখন মেচৰ শৃংখলাটোত 1-1 ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সমতা স্থাপন কৰিছিল । যাৰ বাবে তেওঁ ৰেইনব’ নেশ্যনত তিনিখন মেচৰ শৃংখলা ড্ৰ’ কৰা দ্বিতীয়জন অধিনায়কত পৰিগণিত হয় ।

টি-20 ত আফগানিস্তানৰ বিৰুদ্ধে একেৰাহে দুবাৰকৈ শূন্যত আউট হৈছিল সোঁহতীয়া বেটছমেনগৰাকী ৷ তাৰপিছতো তেওঁ 69 টা বলত 121 ৰাণৰ সুন্দৰ ইনিংছ খেলে । 2024 চনৰ টি-20 বিশ্বকাপত ভাৰতৰ বিজয়ী অভিযানত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি প্ৰতিযোগিতাখনৰ দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীত পৰিণত হয় ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৰোহিত শৰ্মাৰ 92 ৰাণৰ ইনিংছ বহুদিনলৈ স্মৰণীয় হৈ থাকিব । ভাৰতীয় অধিনায়কগৰাকীয়ে 8 ইনিংছত গড়ে 36.71 আৰু 156.70 ষ্ট্ৰাইক ৰেটত 3 টা অৰ্ধশতকৰে 257 ৰাণ সংগ্ৰহ কৰি বাৰ্বাডোছত অনুষ্ঠিত হোৱা টি-20 বিশ্বকাপ 2024 ত ভাৰতক জয়লাভ কৰাত সহায় কৰে ।

অৱশ্যে, পৰৱৰ্তী সময়ত সংবাদমেলযোগে ৰোহিত শৰ্মাই টি-20 ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয় ৰোহিত । তিনিটা ইনিংছত গড়ে 52.33 আৰু 141.44 ষ্ট্ৰাইক ৰেটৰে 157 ৰাণ সংগ্ৰহ কৰে খেলুৱৈগৰাকীয়ে । টেষ্ট মেচত ভাৰতীয় অধিনায়কগৰাকীয়ে 13 টা ইনিংছত 38.83 গড়ে 466 ৰাণ সংগ্ৰহ কৰে ।

ইয়াৰ ভিতৰত দুটা শতক আৰু এটা অৰ্ধশতকো অন্তৰ্ভুক্ত আছে । কিন্তু বাংলাদেশৰ বিৰুদ্ধে চলি থকা প্ৰথমখন টেষ্টত অ’পেনাৰগৰাকীয়ে বেটিঙৰ জৰিয়তে ক্ৰিজত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে ৷ চেন্নাই টেষ্টত ৰোহিত শৰ্মাই প্ৰথম ইনিংছত 6 আৰু দ্বিতীয় ইনিংছত 5 ৰাণ সংগ্ৰহ কৰি নিজৰ উইকেট হেৰুৱায় ৷

লগতে পঢ়ক: 92 বছৰৰ পিছত টেষ্ট ক্ৰিকেটত অন্য এক অভিলেখ যশস্বী জয়ছোৱালৰ - YASHASVI JAISWAL TEST RECORD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.