ETV Bharat / state

NDFB ভংগঃ চিৰদিনৰ বাবে অৱনমিত পতাকাৰ তলত অৱেগিক সংগ্ৰামী সতীৰ্থ

author img

By

Published : Mar 10, 2020, 8:14 PM IST

নেচনেল দেমক্ৰেটিক ফ্ৰণ্ট অব বড়োলেণ্ড চমুকৈ এনডিএফবিৰ গোবিন্দ বসুমতাৰী গোটে মঙ্গলবাৰে আনুষ্ঠানিক ভাবে ভংগ কৰিলে দীৰ্ঘদিনে চলাই অহা সশস্ত্ৰ সংগ্ৰামখনক ৷

THE END OF NDFB
চিৰদিনৰ বাবে অৱনমিত পতাকাৰ তলত অৱেগিক সংগ্ৰামী সতীৰ্থ

একালত বড়োসকল অধিকাৰ বিচাৰি সশস্ত্ৰ সংগ্ৰাম কৰা সংগঠনটো আজিৰ পৰা অতীত হৈ পৰিল ৷ চিৰ দিনৰ বাবে পতাকা অৱনমিত কৰি অনুষ্ঠানিক ভাৱে ভংগ ঘোষণা কৰা হ'ল একালত নিজৰ অধিকাৰ বিচাৰি ৰাজ্য ৰক্তৰে ৰঞ্জিত কৰা NDFB নামৰ নামৰ বিদ্ৰোহী সংগঠনটোক ৷

কোকৰাঝাৰৰ ছেৰফাংগুৰিত থকা দেজিগনেটেড কেম্পত 2005 চনৰ পৰা যুদ্ধবিৰতীত থকা NDFBৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে পতাকা চিৰদিনৰ বাবে অৱনমিত কৰি অনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰিলে সংগঠটোক ৷ এক আৱেগিক পৰিৱেশত নেতা গোবিন্দ বসুমতাৰীৰ ভৰিত সেৱা লৈ NDFBৰ মজিয়াৰ পৰা চিৰদিনৰ বাবে বিদায় ল'লে সতীৰ্থ বিদ্ৰোহী সদস্য সকলে ৷

স্বাধীন বড়োলেণ্ডৰ দাৱীৰে 1986 চনৰ 3 অক্টোবৰত বড়ো চিকিউৰিটি ফৰ্চ চমুকৈ BSF নামৰে জন্মগ্ৰহণ কৰা সংগঠনটোৰ 1991 চনৰ 25 নৱেম্বৰৰ পৰা নতুন নাম হৈ পৰে NDFB ৷ বড়ো সকলৰ অধিকাৰৰ হকে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি ৰাজ্য অশান্ত কৰি অহা সংগঠনটোৰ এই সংগ্ৰামৰ সফল পৰিসমাপ্ত ঘটা বুলি বিশ্বাস কৰি চিৰদিনৰ বাবে অস্ত্ৰ সম্বৰণ কৰিলে সংগঠনটোৰ কেডাৰসকলে ৷ আগন্তক দিনত দৌইমু নামকৰণেৰে এটা বেচৰকাৰী সংস্থাৰ জন্ম দি বড়োসকলৰ কল্যাণৰ হকে কাম কৰি যোৱাৰ সংকল্প হৈছে একালৰ বিদ্ৰোহী সংগঠটোৰ সদস্যসকলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.