ETV Bharat / state

Tense situation in Kokrajhar: দলবদ্ধ আক্ৰমণক লৈ উত্তপ্ত কোকৰাঝাৰৰ বাংগালডোবা - Tense situation in Kokrajhar

কোকৰাঝাৰৰ বাংগালডোবাত উত্তপ্ত পৰিস্থিতি ৷ ভিচিডিচিৰ সদস্য ছাহানুৰ ইছলামৰ পৰিয়ালৰ দলৱদ্ধ আক্ৰমণত গুৰুতৰ ভাবে আহত খনছেৰ আলী ৷হাত ভৰি বান্ধি প্ৰহাৰ খনছেৰ আলীক ৷ উদ্ধাৰ কৰিবলৈ যোৱা মছজিদৰ ইমামসহ খনছেৰ আলীৰ তিনি পুত্ৰকো প্ৰহাৰ ৷

Member of South Naikgaon VCDC
কোকৰাঝাৰৰ বাংগালডোবাত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Jun 15, 2023, 2:19 PM IST

কোকৰাঝাৰ, ১৫ জুন :-কোকৰাঝাৰ জিলাৰ অন্তৰ্গত তথা ধুবুৰী জিলাৰ সীমান্তৱৰ্তী বাংগলডোবা দ্বিতীয় খণ্ডত খনছেৰ আলী নামৰ এজন লোকক হাত-ভৰি বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলতটোত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় ৷ ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত ইতিমধ্যে এক এজাহাৰ দাখিল কৰা হৈছে ৷

উত্থাপিত অভিযোগ মতে, জিলাখনৰ দক্ষিণ নায়েকগাঁও ভিচিডিচিৰ সদস্য তথা ইউপিপিএল দলৰো সদস্য ছাহানুৰ ইছলামৰ পৰিয়ালে একেখন গাঁৱৰে খনছেৰ আলী নামৰ এজন লোকক হাত-ভৰি বান্ধি মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ ছাহানুৰৰ পৰিয়ালৰ সদস্য ক্ৰমে মজিদ আলী (ভি ডি পিৰ সম্পাদক),ছাত্তাৰ আলী, ছাকিদুল ইছলাম আৰু ছাহজামাল আলীয়ে খনছেৰ আলীক নিৰ্মমভাৱে প্ৰহাৰ কৰে । তদুপৰি তেওঁৰ দুই নাবালক পুত্ৰকো প্ৰহাৰ কৰে ৷ পিতৃক উদ্বাৰ কৰিবলৈ যাওঁতে খনছেৰ আলীৰ জ্যেষ্ঠ পুত্ৰ ছানোৱাৰ হুছেইনকো প্ৰহাৰ কৰে ইউপিপিএলৰ সদস্যজনৰ পৰিয়ালটোৱে ৷ তদুপৰি খনছেৰ আলীক উদ্ধাৰ কৰিবলৈ যোৱা মছজিদৰ ইমামকো প্ৰহাৰ কৰে ছাহানুৰ ইছলামৰ পৰিয়ালে ৷

ছাহানুৰ ইছলামৰ পৰিয়ালে খনছেৰ আলীৰ ডিঙিত ৰছী বান্ধি দুই ফালৰ পৰা টানি হত্যাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ কৰে খনছেৰ আলীৰ পুত্ৰ ছানোৱাৰ হুছুইনে ৷ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ আৱন্টন দিয়াৰ নামত খনছেৰ আলীৰ পৰা ১২,৫০০ টকা উৎকোচ লোৱাৰো অভিযোগ কৰে ছানোবাৰ হুছেইনে ৷ উল্লেখ্য যে, সমগ্ৰ ঘটনাটোৰ সূত্ৰপাত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ আৱন্টন দিয়া-নিদিয়াৰ পৰা আৰম্ভ হয় । বুধবাৰে বিয়লি নামাজলৈ গৈ থকা সময়ত খনছেৰ আলীক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হয় ৷ ইপিনে, ঘটনাৰ খবৰ লাভ কৰাৰ পিছত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ সংকটজনক অৱস্থাত খনছেৰ আলীক উদ্ধাৰ কৰি কোকৰাঝাৰ আৰএনবি অসামৰাক চিকিৎসালয়ত চিকিৎসাৰ ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অবনতি ঘটাত পিছলৈ খনছেৰ আলীক কোকৰাঝাৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

ঘটনা সন্দৰ্ভত দক্ষিণ নায়েকগাঁৱৰ ইউপিপিএলৰ ভিচিডিচিৰ সদস্য ছাহানুৰ ইছলামসহ তেওঁৰ পৰিয়ালৰ পাঁচজনৰ বিৰুদ্ধে কালি সন্ধিয়া কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰা হৈছে ৷ সম্প্ৰতি কোকৰাঝাৰৰ উক্ত চিকিৎসালয়খনত খনছেৰ আলী আই চি ইউত চিকিৎসাধীন হৈ আছে ৷ উল্লেখ্য যে, ভিচিডিচি আৰু ইউপিপিএলৰ সদস্য ছাহানুৰৰ পৰিয়ালে খনছেৰ আলীৰ পুত্ৰ ছানোৱাৰ হুছেইনৰ পৰা নগদ পঁচ হেজাৰ টকাও কাঢ়ি নিয়া বুলি অভিযোগ উত্থাপিত হৈছে ৷ ইপিনে, এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি নজৰুল ইছলামে উক্ত ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে ৷

লগতে পঢ়ক:Raijor Dal Press Meet: ডিপিআৰ প্ৰস্তুত নকৰাকৈ আৰম্ভ হৈছিল জু-ৰোডৰ উৰণীয়া সেতু নিৰ্মাণ, চিবিআই তদন্তৰ দাবী ৰাইজৰ দলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.