ধুবুৰী, 26 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে কোকৰাঝাৰ জিলাৰ বিটিএডিৰ কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বন্নাগুৰি পাহাৰৰ দাঁতিৰ দাৰচৌকা ঈদগাহ ময়দানত উদ্ধাৰ কৰা হয় এগৰাকী যুৱতীৰ মৃতহেদ ৷ উদ্ধাৰ কৰা যুৱতী গৰাকী ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দাৰচৌকা প্ৰথম খণ্ড গাঁৱৰ বুলি জানিব পৰা গৈছে ৷
তথ্য অনুসৰি, পুৱতি নিশা দুৰ্বৃত্তৰ দলে হত্যা কৰি গছৰ তলত পেলাই থৈ যোৱাৰ অভিযোগ উখাপন হৈছে । কাজিগাও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে যদিও হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷
উল্লেখ্য যে, গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দাৰচৌকা প্ৰথম খণ্ড গাঁৱৰ 14 বছৰীয়া নাবালিকা গৰাকীৰ ভবিষ্যতে আৰক্ষীত যোগদান কৰাৰ হেপাহেৰে প্ৰতিদিনে পুৱা নিকটৱৰ্তী বন্নাগুৰিৰ উক্ত ঈদগাহ ময়দানত দৌৰৰ অনুশীলন কৰি আহিছিল । অন্যদিনৰ দৰে বুধবাৰেও দৌৰৰ অনুশীলন কৰিবলৈ গৈছিল যুৱতীগৰাকী । কিন্তু যুৱতি গৰাকীক মৃত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই বৰ্তমান অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক : নাৰীদেহ সৰবৰাহকাৰীৰ কবলৰ পৰা বাংলাদেশী মহিলাক উদ্ধাৰ বি এছ এফৰ