কোকৰাঝাৰ, 12 জুনঃ 1987 চনৰ 12 জুনত দু্স্কৃতিকাৰীৰ শিলাবৰ্ষনত শ্বহীদ হৈছিল বড়ো আন্দোলনৰ প্ৰথমগৰাকী যোদ্ধা ৷ গুৱাহাটীত অনুষ্ঠিত বড়োলেণ্ড দাবীৰ এক ৰেলীত অংশগ্ৰহণ কৰি নিজ গৃহ অভিমুখে আহি থকা অৱস্থাতে,দু্স্কৃতিকাৰীৰ শিলাবৰ্ষণত শ্বহীদ হৈছিল সুজিত নাৰ্জাৰী ৷ এই ঘটনাৰ পৰৱৰ্তী সময়ৰ পৰাই 12 জুনৰ দিনটোত বড়োলেণ্ড আন্দোলনৰ এইগৰাকী শ্বহীদ যোদ্ধাক স্মৰণ কৰি আহিছে বড়ো লোকসকলে ৷
শুকুৰবাৰে শ্বহীদ সুজিত নাৰ্জাৰীৰ মৃত্যুৰ দিনটোত শ্বহীদ গৰাকীৰ স্মৰণত ভাটিপৰাত থকা তেওঁৰ শ্বহীদ বেদীত উপস্থিত হৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাকে ধৰি বিভিন্ন ৰাজনৈতিক নেতাই ৷ কোকৰাঝাৰত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন উপ-প্ৰধান খামফা বৰগয়াৰী, প্ৰাক্তন কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌড়া ব্ৰহ্ম,নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক দ্বীপেন বড়ো,লোৰেন্স ইছলাৰীকে ধৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ কেবাগৰাকীও কৰ্মকৰ্তা ৷
লগতে পঢ়কঃ মিছামাৰীত বন বিষয়াৰ তৎপৰতাত সুস্থ হৈ উঠিল এজনী হাতী