ETV Bharat / state

Press Meet on special TET : শিক্ষা বিভাগৰ ১৭০০ পদত এপ্ৰিলত আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়া

author img

By

Published : Mar 25, 2023, 9:38 PM IST

কোকৰাঝাৰত বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসৰ সংবাদমেল ৷ ৩০ এপ্ৰিলত বিটিআৰত অনুষ্ঠিত হ’ব বিশেষ টেট পৰীক্ষা ৷ অচিৰেই শিক্ষা বিভাগৰ প্ৰায় ১৭০০ পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব (special TET examination in BTR on April 30)।

E M Goutam Das Press Meet
বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসৰ সংবাদমেল

কোকৰাঝাৰ, 25 মাৰ্চ : বিটিআৰত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী উত্থাপন হৈ অহাৰ সময়তে অহা ৩০ এপ্ৰিলত বিটিআৰত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত হ'ব বুলি শনিবাৰে এক সংবাদ মেলযোগে ঘোষণা কৰে বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে । শিক্ষকৰ বদলিকৰণ আৰু টেট পৰীক্ষা সন্দৰ্ভত শনিবাৰে বিয়লি বিটিআৰ সচিবালয়ৰ সভাকক্ষত আয়োজিত হোৱা এক সংবাদমেলত বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে অহা ৩০ এপ্ৰিলত বিটিআৰত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত হ'ব বুলি সদৰি কৰি ইতিমধ্যে ৪২৭ টা পদৰ বাবে এচআইইউ অনুমোদন পোৱা হৈছে বুলি জানিবলৈ দিয়ে (TET Teachar appoinment in BTR) ৷

তদুপৰি, ১২১৬ টা পদ এচআইইউ অনুমোদনৰ বাবে পঠোৱা হৈছে বুলি বিটিআৰৰ কাৰ্যবাহী সদস্য গৰাকীয়ে জানিবলৈ দিয়ে । অতি শীঘ্ৰেই উক্ত পদসমূহৰ বাবে এচআইইউ অনুমোদন লাভ কৰিব বুলি আশা প্ৰকাশ কৰি বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে অচিৰেই শিক্ষা বিভাগৰ উক্ত প্ৰায় ১৭০০ টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি সংবাদ মেলখনত উল্লেখ কৰে । আনহাতে শিক্ষক বদলিকৰণৰ সন্দৰ্ভত বিটিআৰৰ কাৰ্যবাহী সদস্য তথা শিক্ষা বিভাগৰ পৰিষদীয় পৰ্যায়ৰ কমিটীৰ অধ্যক্ষ গৌতম দাসে বিটিআৰ চৰকাৰে শিক্ষক বদলিকৰণৰ বাবে ইতিমধ্যে এখন কমিটী গঠন কৰি দিছে আৰু কমিটীয়ে সকলো বিষয় চালি-জাৰি চাই বদলিকৰণৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ বাবে সাজু হৈছে বুলি উল্লেখ কৰে (special TET examination in BTR on April 30)।

প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শাখাত বিটিআৰ বহিৰ্ভূত এলেকাৰ পৰা ৮৭৩ জন শিক্ষকে বিটিআৰলৈ বদলি হৈ আহিবলৈ পৰ্টেলযোগে আবেদন কৰিছে ৷ আনহাতে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শাখাৰ পৰা ২২ গৰাকী শিক্ষকে বিটিআৰ এলেকাৰ পৰা বিটিআৰ বহিৰ্ভূত এলেকালৈ যাবলৈ আবেদন কৰিছে । সকলো দিশ চালি জাৰি চাই ইয়াৰে ১৯ জনক বদলিকৰণৰ বাবে এন অ’ চি দিয়া হ'ব বুলি উল্লেখ কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে । অৰ্থাৎ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শাখাত বিটিআৰৰ পৰা ১৯ গৰাকী শিক্ষক বদলি হৈ যোৱাৰ লগতে ১৯ গৰাকী শিক্ষক বিটিআৰ বহিৰ্ভূত এলেকাৰ পৰা বিটিআৰলৈ আহিব (Kokrajhar EM Gautom Das Press meet)।

একেদৰে হাইস্কুল শাখাত ৫৮ জন শিক্ষকে বিটিআৰলৈ আহিব বিচাৰিছে আৰু ১৪০ জন শিক্ষকে বিটিআৰৰ পৰা বদলি হৈ যাব বিচাৰিছে বুলি উল্লেখ কৰি ইয়াতো বিটিআৰ লৈ আহিব বিচৰা আৰু বিটিআৰৰ পৰা যাব বিচৰা শিক্ষকৰ অনুপাত সমানুপাতিকভাৱে মিলোৱা হৈছে বুলি উল্লেখ কৰে ৷ সকলো দিশ চালিজাৰি চাই ১৯ জনক হে বদলিৰ এনঅ'চি দিয়া হ'ব বুলি কাৰ্যবাহী সদস্য গৌতম দাসে সংবাদ মেলত উল্লেখ কৰে । শিক্ষা ব্যৱস্থাত যাতে অসুবিধাৰ সন্মুখীন নহয় তালৈ দৃষ্টি দি বদলিকৰণৰ পদক্ষেপ লোৱা হৈছে বুলি উল্লেখ কৰে দাসে ৷

আজি অনুষ্ঠিত হোৱা সংবাদমেলখনত বিটিআৰৰ শিক্ষা সঞ্চালক জে পি ব্ৰহ্ম আৰু বিটিচি বিধান পৰিষদৰ মনোনীত পাৰিষদ মাধৱ ছেত্ৰীও উপস্থিত আছিল ।

লগতে পঢ়ক : Haflong Municipal Board : হাফলং সাপ্তাহিক বজাৰত শাক পাচলি বিক্ৰেতাক প্ৰৱেশত বাধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.