ETV Bharat / state

শ্ৰীৰামপুৰ হাইস্কুলৰ পকী বেৰ নিৰ্মাণৰ নামত ব্যাপক দূৰ্নীতি, নিৰ্মান সম্পূৰ্ণ নৌহওঁতেই পকী দেৱালত ফাঁট

নিৰ্মাণকাৰ্য সম্পূৰ্ণ নোহোৱাৰ পূৰ্বেই পকী দেৱালখনৰ ঠায়ে ঠায়ে ফাট পিচে নীৰৱ স্কুল কৰ্তৃপক্ষ

author img

By

Published : Mar 12, 2019, 11:43 PM IST

IMAGE 7

কোকৰাঝাৰ, ১২ মাৰ্চ: কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰস্থিত হাইস্কুলৰ চাৰি সীমাৰ বেৰ পকী দেৱালৰ নিৰ্মাণত ব্যাপক অনিয়ম । তথ্য অনুসৰি বিটিচি চৰকাৰে শ্ৰীৰামপুৰ হাইস্কুলৰ পকী নিৰ্মাণৰ বাবে 40 লাখ টকা মঞ্জুৰী দিয়াৰ পিছতো পকী দেৱালৰ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দূৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে অঞ্চলটোৰ ৰাইজে ।

VIDEO

অভিযোগ অনুসৰি বিভাগীয় নীতি নিয়মক উলংঘা কৰি নিম্ন মানৰ সা-সঁজুলি ব্যৱহাৰ কৰি কোনোমতে নিৰ্মাণ সম্পন্ন কৰি ধন আত্মসাৎ কৰাৰ বুদ্ধি কৰিছে ঠিকাদাৰজনে । ৰাইজৰ অভিযোগ যে দেৱালৰ গাঁঠনিৰ কামত অতি নিম্ন মানৰ চিমেন্ট বালি,ইটা আৰু ৰ'ড ব্যৱহাৰ কৰা হৈছে । উল্লেখ্য যে নিম্নমানৰ বালি শিল ব্যৱহাৰ কৰি চিমেন্টৰ অনুপাত সঠিক নোহোৱাৰ ফলত নিৰ্মাণকাৰ্য সম্পূৰ্ণ নহোৱাৰ পূৰ্বেই পকী দেৱালখনৰ ঠায়ে ঠায়ে ফাট মেলিছে ।
এনেকৈ দেৱালৰ ফাট দেখা দিয়াত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ।

শ্ৰীৰামপুৰ হাইস্কুলৰ পকী সীমাৰ বেৰ নিৰ্মানৰ নামত দূৰ্নীতিঃনিৰ্মান সম্পূৰ্ণ নৌহওঁতেই পকী দেৱালত ফাঁট।

SLUG_A_KOJ_12MARCH_SCHOOL WALL_811_812_KANAK@FTP

গোসাইগাঁও 12 মাৰ্চ,কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰস্হিত হাইস্কুলৰ চাৰি সীমাৰ বেৰ পকী দেৱাল দি নিৰ্মাণৰ বাৱে বিটিচি চৰকাৰে 40 লাখ টকা মঞ্জুৰী দিয়ে এই পকী দেৱাল নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দূৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে অঞ্চলটোৰ ৰাইজে।অভিযোগ মতে বিভাগীয় নীতি নিয়মক উলংঘা কৰি নিম্ন মানৰ সা-সা-সঁজুলি ব্যবহাৰ কৰি কোনোৰকমে নিৰ্মাণ সম্পন্ন কৰি ধন আত্মসাৎৰ পাং পাতিছে।এই পকী দেৱাল নিৰ্মাণ কামটোৰ দায়িত্বত থকা ঠিকাদাৰজনে।অভিযোগ অনুসৰি পকী দেৱালৰ খুঁটাৰ তলত পিচিচি ঢালাই দি "5×8"এম এম ৰ'ডৰ জালিৰ ওপৰত 10/12 এম এমৰ চাৰি ডাল ৰ'ড ব্যৱহাৰ কৰি পকী খুটি নিৰ্মাণ কৰিৱ লাগে,নিৰ্মাণৰ দায়িত্বত থকা মিস্ত্ৰী শ্ৰমিকে মাটিৰ ওপৰতেই পকী খুটি বহুৱাইছে।দেৱালৰ গাঁথনি অতি কম চিমেন্ট বালি দি নিৰ্মাণ কৰিছে।তদুপিৰ চিমেন্ট বালিৰ মিশ্ৰণ তৈয়াৰ কৰোঁতে মেচিন ব্যৱহাৰ কৰিৱ লাগে কিন্তু ঠিকাদাৰজন মেচিন ব্যৱহাৰ কৰা নাই,নিম্নমানৰ ইটা ব্যৱহাৰ কৰা নিম্ন মানৰ ৰ'ড ব্যৱহাৰ কৰা নিম্নমানৰ বালি শিল ব্যৱহাৰ কৰি চিমেন্টৰ অনুপাত সঠিক নোহোৱাৰ ফলত পকী দেৱালখনৰ ঠায়ে ঠায়ে ফাট মেলিছে,নিৰ্মাণকাৰ্য সম্পূৰ্ণ নহোৱাৰ পূৰ্বেই এনেকৈ দেৱালৰ ফাট দেখা দিয়াত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।শ্ৰীৰামপুৰ হাইস্কুলৰ প্ৰধান শিক্ষিকা শ্ৰী মাতি কাকলি পাল এই ক্ষেত্ৰত নীৰৱ ভূমিকা গ্ৰহণ কৰাত যথেষ্ট ৰহস্যৰ ইংগিত বহন কৰিছে।অনুৰূপ ভাৱে বিদ্যালয়খনত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী তথা পৰিচালনা সমিতিয়ে এইস্কুলৰ পকী বেৰ নিৰ্মানৰ নামত ভেঁকোভাওনা প্ৰত্যক্ষ কৰি মৌনতা অৱলম্বন কৰাটো স্হানীয় ৰাইজে সহজভাবে ল'ৱ পৰা নাই।তদুপৰি বিদ্যালয়ৰ এই পকী বেৰ নিৰ্মানৰ তদাৰকীৰ দায়িত্ব থকা গঢ়কাপ্তানী বিভাগটোৱে চকু মুদা কুলিৰ ভাও লোৱাত ৰাইজৰ মাজত যথেষ্ট প্ৰশ্ন উত্থাপন হৈছে।ৰাইজে এই ক্ষেত্ৰত তদন্ত ক্ৰমে যথাযত ব্যৱস্হা গ্ৰহণৰ বাৱে চৰকাৰৰ ওচৰত দাবী জনাইছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.