ETV Bharat / state

কোন হ'ব বি টি চিৰ মুৰব্বী ?

author img

By

Published : Dec 11, 2020, 9:23 PM IST

শনিবাৰে ভাগ্য নিৰ্ণয় হ'ব বিটিচি নিৰ্বাচনৰ প্ৰাৰ্থীৰ ৷ কোন হ'ব বিটিচিৰ চীফ তাকে লৈ বড়োভূমিত অব্যাহত আছে চৰ্চা ৷ পুৱা 8 বজাৰ পৰাই নিৰ্ণয় হ'ব বিটিচি পৰিষদীয় নিৰ্বাচনৰ 40 টা সমষ্টিৰ প্ৰাৰ্থীৰ ভাগ্য ৷

saturday-decelerd-btc-election-result
কোন হ'ব বি টি চিৰ মুৰব্বী ?

গুৱাহাটী, 11 ডিচেম্বৰ : 7 আৰু 10 ডিচেম্বৰত তুলনামূলকভাৱে শান্তিপূৰ্ণ ভাৱে বিটিচি নিৰ্বাচনৰ ভোট গ্ৰহণ পৰ্বৰ সামৰণি পৰাৰ পিচত এই অঞ্চলৰ ৰাইজ এতিয়া ফলাফলৰ অপেক্ষাত । ৰাজ্যিক নিৰ্বাচনী আয়োগৰ অধিসূচনা অনুসৰি, শনিবাৰে পুৱা 8 বজাৰ পৰা ওদালগুৰি, বাগছা, চিৰাং আৰু কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত থকা ষ্ট্ৰং ৰুম সমূহৰ কাষতে ভোট গণনা আৰম্ভ হ'ব ৷ উল্লেখনীয় যে, বিটিচিৰ 4 খন জিলাৰ 40 টা সমষ্টিৰ প্ৰায় 23 লক্ষাধিক ভোটাৰে দুদিনীয়া ভোটদান পৰ্বত অংশগ্ৰহন কৰি এতিয়া ফলাফলৰ অপেক্ষাত আছে ।

এনে এক নিৰ্বাচনী প্ৰেক্ষাপটত এতিয়া বি টি আৰৰ মুখ্য কাৰ্যবাহীৰ আসনত কোন অধিষ্ঠিত হ'ব তাকে লৈ সৰব আলোচনা চলিছে সচেতন মহলৰ মাজত । ভোটৰ সমীকৰণে দেখুৱাইছে যে, নিৰ্বাচনত কোনো এটা দলে একক সংখ্যা গৰিষ্ঠতা লাভ নকৰিব ৷ বড়োভূমিৰ তিনিটা মূল স্থানীয় দল ক্ৰমে, বি পি এফ, গন সুৰক্ষা পাৰ্টী আৰু ইউ পি পি এলৰ দলৰ কোনো এটা দলে নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতা লাভ নকৰে ।

লগতে পঢ়ক : কা বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সমদল

আনহাতে, নিৰ্বাচনী প্ৰেক্ষাপটত অতি লক্ষনীয়ভাৱে মাত্ৰ কেইটামান দিনৰ ভিতৰত প্ৰাসংগিক হৈ উঠা বিজেপিয়ে দাবী কৰি থাকিলেও একক সংখ্যা গৰিষ্ঠতা এই শাসকীয় দলৰ পক্ষে কেতিয়াও সম্ভব নহ'ব । সেয়ে চৰকাৰ গঠন কৰাৰ বাবে বি পি এফ কিম্বা ইউ পি পি এল দলয়ে আন দলৰ সহায় ল’ব লাগিব বুলি একপ্ৰকাৰ আকাংক্ষা কৰিব পৰা যায় । যদি ইউ পি পি এল আৰু বিজেপিৰ মাজত মিত্ৰতা হয় তেতিয়াহ'লে যি দলে অধিক আসন পাব সেই দলৰ পৰাই মুখ্য কাৰ্যবাহী নিয়োজিত হ'ব । হয়তো এই ক্ষেত্ৰত বিজেপিয়ে বিশ্বজিৎ দৈমাৰীক মুখ্য কাৰ্যবাহীৰ পদবীৰ বাবে প্ৰক্ষেপ কৰিব ।

ইফালে, ইউ পি পি এল দলৰ মুখ্য কাৰ্যবাহীৰ পদৰ প্ৰাৰ্থী অবধাৰিত ভাৱেই প্ৰমোদ বড়ো । কিন্তু এই দুই দলে মিত্ৰতা কৰিলে কি সমীকৰণেৰে মুখ্য কাৰ্যবাহীৰ আসনখন পুৰোৱা হ'ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই । অৱশ্যে, বি পি এফ দলে সংখ্যা গৰিষ্ঠতা পালে এ আই ইউ ডি এফ আৰু জি এছ পিৰ লগত হ'ব পৰা মিত্ৰতাৰে হাগ্ৰামা মহিলাৰীয়েই আকৌ বিটিচিৰ মুৰব্বী হ'ব ।

উল্লেখ্য যে, দুপৰীয়াৰ পৰা নিৰ্বাচনৰ ফলাফল স্পষ্ট হোৱাৰ পিচৰে পৰা বি টি আৰত আৰম্ভ হ'ব ক্ষমতা দখলৰ আন এক কছৰৎ ।

লগতে পঢ়ক : মাউন্ট এভাৰেষ্টৰ উচ্চতা: ৰাধানাথ চিকদাৰক স্বীকৃতি প্ৰদানৰ দাবী পিপিএফএৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.