ETV Bharat / state

কোকৰাঝাৰত বিটিএডি গাঁওবুঢ়া সন্থাৰ অধিবেশনৰ লাইখুঁটা স্থাপন

দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰৰ খাৰগাঁওস্থিত কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হ'ব বিটিএডি গাঁওবুঢ়া সন্থাৰ তৃতীয় পঞ্চম বাৰ্ষিক অধিবেশন ৷ সেই উপলক্ষে দেওবাৰে মাংগলিক কাৰ্যসূচীৰে অধিবেশনৰ লাইখুঁটা স্থাপন কৰা হয় ৷

author img

By

Published : Dec 20, 2020, 9:24 PM IST

গাঁওবুঢ়া সন্থাৰ অধিবেশনৰ লাইখুটা স্থাপন

কোকৰাঝাৰ, 20 ডিচেম্বৰ : অহা 5 আৰু 6 জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰৰ খাৰগাঁওস্থিত কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হ'ব বিটিএডি গাঁওবুঢ়া সন্থাৰ তৃতীয় পঞ্চম বাৰ্ষিক অধিবেশন ৷ সেই উপলক্ষে দেওবাৰে যজ্ঞ, পূজা-অৰ্চনা তথা মাংগলিক কাৰ্যসূচীৰে অধিবেশনৰ লাইখুঁটা স্থাপন কৰা হয় ৷ অধিবেশনত বিটিচিৰ চাৰিওখন জিলাৰ পৰা প্ৰায় সহস্ৰাধিক গাঁওবুঢ়াই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷

অধিবেশনত আগন্তুক 5 বছৰীয়া কাৰ্যকালৰ বাবে নতুনকৈ কাৰ্যকৰী কমিটিও গঠন কৰা হ'ব ৷ অধিবেশনৰ লাইখুঁটা স্থাপন কৰি বিটিএডি গাঁওবুঢ়া সন্থাৰ সাধাৰণ সম্পাদক ৰ'বাৰ্ট কেৰকাতাই সদৰী কৰা অনুসৰি, অধিবেশনত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ প্ৰত্যেক ৰাজহ গাঁৱৰ গাঁওবুঢ়া সকলক চৰকাৰে নিয়োগ আৰু পাৰিতোষিক প্ৰদান কৰা কৰাৰ লগতে, বাক্সা আৰু ওদালগুৰি জিলাৰ খালী থকা গাঁওবুঢ়া পদসমূহ অচিৰেই পূৰণ কৰা, প্ৰত্যেক ভিচিডিচিত উন্নয়নমূলক কামত গাঁওবুঢ়া সকলক চামিল কৰা আদি বিষয়ত গুৰুত্ব সহকাৰে আলোচনা কৰা হ'ব ৷

কোকৰাঝাৰত বিটিএডি গাঁওবুঢ়া সন্থাৰ অধিবেশনৰ লাইখুটা স্থাপন

তদুপৰি বিটিআৰ অঞ্চলৰ সকলো গাঁৱৰ মাজত সমন্বয় স্থাপন কৰা, সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়, উন্নতি, ভাতৃত্ববোধ স্থাপন কৰা আদি বিষয়তো অধিবেশনত আলোচনা কৰা হ'ব ৷ অধিবেশনখন সাফল্য মণ্ডিত কৰাত সহযোগ কৰিবলৈ গাঁওবুঢ়া সন্থাৰ সম্পাদক গৰাকীয়ে সন্থাৰ জিলা, আঞ্চলিক কমিটিৰ সভাপতি, সাধাৰণ সম্পাদকসহ গাঁওবুঢ়া সকলক আহ্বান জনায় ৷

লগতে পঢ়ক: ধেমাজিৰ ঘূগুহা দ’লৰ নৱনিৰ্মিত ড্ৰেগনৰ প্ৰতিমূৰ্তি উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.