কোকৰাঝাৰ,7 মাৰ্চঃ চাওতাল ছাত্ৰ সন্থাৰ গোঁসাইগাঁও, কোকৰাঝাৰ আৰু চিৰাং জিলা সমিতিৰ উদ্যোগত গোঁসাইগাঁও মহকুমাৰ কচুগাঁও পাব্লিক স্কুল খেলপথাৰত অনুষ্ঠিত হয় এক বিশাল গণ সমাৱেশ ৷ সমাৱেশত আদিবাসী জনগোষ্ঠীৰ সহস্ৰাধিক জনতাই অংশগ্ৰহণ কৰি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
শনিবাৰে গণ সমাৱেশত অংশগ্ৰহণ কৰা চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ৰীমান সোৰেণে কয় যে, "অসমত বসবাস কৰা আদিবাসীসকলক 70বছৰ ধৰি সকলো দিশতে বঞ্চিত কৰি ৰখা হৈছে । আদিবাসী বিভিন্ন দল-সংগঠনে দীৰ্ঘদিনৰ পৰা জনজাতিৰ মৰ্যদা প্ৰদানৰ বাবে দাবী জনাই আহিছে যদিয়ো চৰকাৰে আজিলৈ কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই ।"
লগতে চাওকঃকৰ'ণা ভাইৰাছকলৈ আতংকিত সত্ৰনগৰী মাজুলী !