কোকৰাঝাৰ, 8 মে’: অসম আৰক্ষীয়ে লাভ কৰা দেশৰ অন্যতম সামৰিক সন্মান ৰাষ্ট্ৰপতি কালাৰ সম্মানৰ (President colour award to Assam police) লগত সংগতি ৰাখি কোকৰাঝাৰত সদৰ চহৰত আৰক্ষীয়ে গ্ৰহণ কৰিছে এক বিশাল পদযাত্ৰা কাৰ্যসূচী (Celebration of winning Presidents Colour Award)। দেওবাৰে কোকৰাঝাৰ আৰক্ষীৰ উদ্যোগত তথা চৰাইখোলাস্থিত সপ্তম অসম আৰক্ষী বেটেলিয়ানৰ সহযোগত এই কাৰ্যসূচী হাতত লয় ৷
কোকৰাঝাৰ সদৰ আৰক্ষী থানাৰ পৰা আৰম্ভ হোৱা এই আৰক্ষীৰ পদযাত্ৰা কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে সপ্তম অসম আৰক্ষী বেটেলিয়ানৰ অধিনায়ক মৃণাল তালুকদাৰে (Route march by Assam police in Kokrajhar) । এই কাৰ্যসূচীত 129 নং চিআৰপিএফৰ অধিনায়ক গুলাব সিং, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ, উপ আৰক্ষী অধীক্ষক পুনম পেগু আৰু কোকৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনেশ্বৰ বে’ উপস্থিত থাকে ৷
অনুষ্ঠানৰ শুভাৰম্ভ কৰা সপ্তম অসম আৰক্ষী বেটেলিয়ানৰ অধিনায়ক মৃণাল তালুকদাৰে ৰাষ্ট্ৰপতিৰ নিচান পোৱাটো অসম আৰক্ষীৰ বাৱে গৌৰবৰ বিষয় বুলি মন্তব্য কৰে ৷ ইয়াৰোপৰি বিগত 25 বছৰজুৰি অসম আৰক্ষীয়ে অতি নিষ্ঠা আৰু সততাৰে জনসাধাৰণৰ হিতাৰ্থে কাম কৰি অহা বুলি মন্তব্য কৰিছে অধিনায়কগৰাকীৰ লগতে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিঙ পানেছাৰে ৷
আগন্তুক 10 মে’ত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে (Union Home Minister Amit Shah) অসম আৰক্ষীক আনুষ্ঠানিকভাৱে এই বিৰল সন্মান প্ৰদান কৰিব ৷
লগতে পঢ়ক: অসমৰ ডেকা লৰাৰ তেজৰ ফাকু বন্ধ হ'ব লাগে : মুখ্যমন্ত্রী