কোকৰাঝাৰ, ১৮ জানুৱাৰী : সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে কোকৰাঝাৰ চহৰতো ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে সোমবাৰৰ পৰা সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ কোকৰাঝাৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় আৰু জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত মাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ।
সোমবাৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে জিলা পৰিবহণ বিষয়া ধজেন বসুমতাৰীয়ে ৷ কোকৰাঝাৰ চহৰৰ উপৰিও জিলাখনৰ বিভিন্ন প্ৰান্তত বাটৰ নাট, মটৰ চাইকেল সমদল আৰু পথ সুৰক্ষাৰ বিষয়ে চালকসকলৰ মাজত বিভিন্ন সজাগতামলূক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ৷
একাংশ চালকে পথত ট্ৰেফিক আইন উলংঘা কৰি অভাৰটেক কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হোৱা বিষয়টোত উদ্বেগ ব্যক্ত কৰি বসুমতাৰীয়ে গাড়ী চালক আৰু মটৰ চাইকেল আৰোহীসকলক অভাৰটেকৰ প্ৰতিযোগিতা নকৰিবলৈ আহ্বান জনায় ৷ লগতে জিলা পৰিবহণ বিষয়াগৰাকীয়ে নিয়ম মানি চলিবলৈ সকলোকে আহ্বান জনায় ৷
লগতে পঢ়ক:অসম বিধানসভাৰ 13 শতাংশ বিধায়কৰ আছে অপৰাধজনিত গোচৰ