ETV Bharat / state

পুত্ৰৰ সাফল্যই চিন্তিত কৰিছে পিতৃক - ইটিভি ভাৰত

ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখা বিজয়ক লৈ আনন্দিত হ'লেও উচ্চ শিক্ষাৰ বাবে প্ৰয়োজন হোৱা অৰ্থৰ চিন্তাই জুৰুলা কৰিছে পিতৃ মাতৃক । চৰকাৰ আৰু সদাশয় ব্যক্তিৰ পৰা সাহাৰ্য বিচাৰিছে পৰিয়ালটোৱে ।

RICKSHAW PULLER
author img

By

Published : May 16, 2019, 5:10 PM IST

গোসাঁইগাঁও,16 মে': পিতৃয়ে ৰিক্সা চলাই কোনোমতে পোহপাল দিছে পৰিয়ালটো ৷ নিজাকৈ এটুকুৰা মাটি নথকাত অস্থায়ী ভাৱে জুপুৰি সাজি কোনোমতে জীয়াই আছে পৰিয়ালটো ৷ ঘৰত নাই বহিবলৈ চকী,পঢ়িবলৈ নাই মেজ,নাই বিদ্যুৎ সংযোগ। এনে এটা পৰিৱেশৰ পৰাই 83 শতাংশ নম্বৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে বিজয় ৰায় ৷

RICKSHAW PULLER

দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ নহয় তাকে প্ৰমাণিত কৰি দেখুৱালে গোসাঁইগাঁৱৰ বিজয় ৰায়ে। পাঁচটা বিষয়ত লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ হৈ গোসাঁইগাঁও লৈ সুনাম কঢ়িয়াই আনিছে ৰূপচী গাঁৱৰ নিবাসী তথা ৰিক্সা চালক বিশ্বনাথ ৰায় আৰু মাতৃ অৰ্চনা ৰায়ৰ জেষ্ঠপুত্ৰ বিজয় ৰায়ে। ছাত্ৰজনৰ কৃতকাৰ্যতাত উৎফুল্লিত হৈছে গাঁওবাসী ৷ বিজয় ৰায়ে অসমীয়া বিষয়ত 65,ইংৰাজীত 82,গণিতত 92,বিজ্ঞানত 82,সমাজ বিজ্ঞানত 90 আৰু সংস্কৃতিত 88 নম্বৰসহ মুঠ 499 নম্বৰেৰে চিথিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হয় ৷ ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখা বিজয়ক লৈ আনন্দিত হ'লেও উচ্চ শিক্ষাৰ বাবে প্ৰয়োজন হোৱা অৰ্থৰ চিন্তাই জুৰুলা কৰিছে পিতৃ মাতৃক। চৰকাৰ আৰু সদাসয় ব্যক্তিৰ পৰা সাহাৰ্য বিচাৰিছে পৰিয়ালটোৱে।

  গোসাঁইগাঁৱত ৰিস্কা চালকৰ পুত্ৰৰ কৃতিত্ব : পাঁচটা বিষয়ত লেটাৰ লৈ উত্তীৰ্ন : গাঁওবাসীৰ সম্বৰ্ধনা : 

SLUG_A_KOJ_16_MAY_Gossaigaon_Student_Poor_visual_5_Asc10061

Anchore :-  দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ নহয় তাক প্ৰমাণিত কৰি দেখুৱালে গোসাঁইগাঁৱৰ এজন দৰিদ্ৰ ছাত্ৰই। ৰিস্কা চালকৰ পুত্ৰই পাঁচটা বিষয়ত লেটাৰ নম্বৰ লৈ উত্তীৰ্ন হৈ গোসাঁইগাঁও লৈ এক সুনাম কঢ়িয়াই আনিছে। থাকিবলৈ ঘৰ নথকা, বিদ্যুৎ দেখি নোপোৱা ছাত্ৰজনৰ কৃতকাৰ্য্যতাত উৎফুল্লিত গাঁৱৰ ৰাইজ। ঘৰত আহি সম্বৰ্ধনা ৰাইজৰ।

S /O :-  গোসাঁইগাঁও মহকুমাৰ একেবাৰে দৰিদ্ৰ পৰিয়ালৰ এজন ছাত্ৰই বিৰল কৃত কাৰ্যতা লাভ কৰাত উৎফুল্লিত গাঁওবাসী। দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ নহয় সেয়া আকৌ প্ৰমাণিত হল। গোসাঁইগাঁও মহকুমাৰ ৰূপচী গাঁৱৰ নিবাসী তথা ৰিস্কা চালক বিশ্বনাথ ৰায় আৰু মাতৃ অৰ্চনা ৰায়ৰ জেষ্ঠপুত্ৰ  বিজয় ৰায় এইবেলি চিথিলা হাই স্কুলৰ পৰা মেট্ৰিকত উত্তীৰ্ন হয়। তেওঁ অসমীয়া বিষয়ত ৬৫, ইংৰাজীত ৮২, গণিতত ৯২, বিজ্ঞানত ৮২,সমাজ বিজ্ঞানত ৯০ আৰু সংস্কৃতিত ৮৮ নম্বৰ সহ মুঠ ৪৯৯ নম্বৰ লাভ কৰে। ৮৩  শতাংশ পাই উত্তীৰ্ন হয়। দেউতা এগৰাকী দৰিদ্ৰ  - নিছলা। পেছাত ৰিস্কা চালক। বিশ্বনাথ কলে সকলো জানে। থাকিবলৈ নাই মাটি । আনৰ মাটিত  পলিথিনৰ জুপুৰি সাজি কোনোমতে পৰিয়ালটো জীয়াই আছে। মেধাৱী ছাত্ৰ বিজয় ৰায় আনৰ ঘৰত থাকি পৰা শুনা কৰে। তেওঁ নিতৌ আঢ়ৈ ঘণ্টা কৈ পৰিছিল। বিজয় কেতিয়াও মোবাইল ব্যৱহাৰ কৰা নাই। ঘৰত নাই বহিবলৈ চকী, পঢ়িবলৈ নাই মেজ। নাই বিদ্যুৎ। ভঙা চিঙা বিছনাত বহি বহি কৰে অধ্যয়ন। ঘৰৰ পৰা  আঠ - দহ কিলোমিটাৰ অতিক্ৰম কৰি যায় স্কুলত। ৰাস্তাৰ কাষত আনৰ মাটিত জুপুৰি সাজি পাঁচটা বিষয়ত লেটাৰ পাই উত্তীৰ্ন হোৱাত গাঁওবাসী তেওঁক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে উষ্ম আদৰণি জনায়। গাঁওবাসীৰে ভৰি পৰে বিজয়ৰ ঘৰ।  ভৱিষ্যত চিকিৎসক হোৱাৰ সপোন দেখা  বিজয়ক লৈ আনন্দত নহয় আৰ্থিক দৈনতাত ভাগি পৰিছে পিতৃ মাতৃ। চৰকাৰ আৰু সদাসয় ব্যক্তিৰ পৰা সাহায্য বিচাৰিছে। উল্লেখ যে বিজয় আৰু তেওঁৰ পৰিয়ালে থকা ঘৰৰ নাই বেৰ, চালি। ওপৰত আছে চিঙা পলিথিন আৰু বেৰ বুলিলে গাঁৱত আৰি দিয়া বিভিন্ন দল সংগঠনৰ পোষ্টাৰৰ বেৰ। 

Byte :-  ছাত্ৰ।
        অভিভাৱক।
         গাঁওবাসী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.