ETV Bharat / state

forest protection and conservations in BTR: বনাঞ্চলত অবৈধভাৱে বসবাস কৰাসকলক অন্য স্থানলৈ স্থানান্তৰ ! - Review meeting on forest protection and conservations in BTR

বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ অধ্যক্ষতাত বিটিআৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত হয় এক বৈঠকৰ ৷ এই বৈঠকত বিটিআৰৰ বনাঞ্চলত বসৱাস কৰা লোকসকলক অন্য স্থানলৈ সংস্থাপনৰ জৰিয়তে বনাঞ্চল ৰক্ষা কৰা আৰু পৰ্যটনৰ দিশটোক লৈ আলোচনা কৰা হয় (Review meeting on forest protection and conservations in BTR) ৷

Review meeting held on forest protection and conservations in BTR
বিটিআৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত হয় এক বৈঠক
author img

By

Published : Jul 13, 2022, 8:45 AM IST

কোকৰাঝাৰ, 13 জুলাই : কোকৰাঝাৰস্থিত বিটিআৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত মঙলবাৰে ৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ পুনৰীক্ষণ বৈঠকৰ আয়োজন কৰা হয় ৷ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ অধ্যক্ষতাত আয়োজিত কৰা হয় এই বিশেষ বৈঠকৰ (Meeting chaired by BTR Chief Pramod Boro) ৷

এই বৈঠকতে বিটিআৰৰ বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক অন্য স্থানলৈ স্থানান্তৰিত কৰা আৰু বিটিআৰৰ পৰ্যটন ক্ষেত্ৰসমূহৰ উন্নয়ন আদি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয় (Review meeting on forest protection and conservations in BTR) ৷ লগতে প্ৰায় চাৰিঘণ্টা জোৰা ৰুদ্বদ্বাৰ বৈঠকৰ অন্তত ৰাজ্যৰ পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যৰ আন প্ৰান্তৰ লগতে বিটিআৰৰ সেউজীয়া বনাঞ্চলৰ সুৰক্ষা প্ৰদান কৰা, অবৈধ কাঠ ফলা কল, খনিসমূহ বন্ধ কৰাৰ ওপৰতো বিতংভাৱে আলোচনা কৰা হয় ৷

BTR ৰ বনাঞ্চলসমূহ সেউজী কৰাৰ স্বাৰ্থত পৰিষদীয় আৰু অসম চৰকাৰে যৌথভাৱে কাম কৰিব : প্ৰমোদ বড়ো

সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷

আনহাতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই সংবাদ মাধ্যমৰ আগত কয় যে, বিটিআৰ অঞ্চলৰ চিৰ সেউজ বনজ সম্পদ তথা আপুৰুগীয়া বন্যপ্ৰাণীক লৈ জৈৱ পৰ্যটনৰ দিশটো আগুৱাই নিয়া (Forest protection and conservations in BTR) সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হয় ৷ এইক্ষেত্ৰত বিটিআৰ পৰিষদীয় চৰকাৰ আৰু অসম চৰকাৰে যৌথভাৱে কাম কৰি যাব বুলি মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে ৷

Review meeting held on forest protection and conservations in BTR
বিটিআৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত হয় এক বৈঠক

উল্লেখ্য যে, বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, উদ্যোগ আৰু বাণিজ্য বিভাগৰ কাৰ্যবাহী সদস্য ৰেৱৰেৱা নাৰ্জীহাৰী, গোসাইগাঁৱৰ বিধায়ক জিৰণ বসুমতাৰী, পৰিৱশ আৰু বন বিভাগৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্ৰসাদ, কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকা, কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবে আৰু বিটিআৰ বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : DGP at Tinsukia: যুৱ প্ৰজন্মৰ একাংশই ভুল পথ অৱলম্বন কৰা পৰিলক্ষিত হৈছে: ভাস্কৰজ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.