কোকৰঝাৰ,18 এপ্ৰিলঃ শুকুৰবাৰে কোকৰাঝাৰ কমাৰ্চ কলেজত কোকৰাঝাৰৰ জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষকসহ বিভাগীয় বিষয়াসকলৰ সৈতে লক ডাউন সম্বন্ধীয় এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৰাজ্য চৰকাৰৰ সমাজকল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম ৷ এই গুৰুত্বপূৰ্ণ বৈঠকত বিভাগীয় বিষয়াসকলৰ পৰা জিলাখনৰ বৰ্তমান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে লক ডাউনৰ সময়ছোৱাত জিলাখনৰ কোনো লোক যাতে সমস্যাৰ সন্মুখীন নহয় তাৰ ওপৰত সষ্টম হৈ থাকিবলৈ প্ৰশাসনক কঠোৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ উপৰি জিলাখনৰ কৃষক ৰাইজে যাতে শস্য উৎপাদনৰ ক্ষেত্ৰত কোনোধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবেও বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে জিলাখনত পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী মজুত থকাৰ কথাও সাংবাদিকক জানিবলৈ দিয়ে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷
লগতে পঢ়কঃ কেবাগৰাকী বিশিষ্ট ব্যক্তি সৈতে টেলিফোনিক বাৰ্তালাপ মুখ্যমন্ত্ৰী সোণোৱালৰ