ETV Bharat / state

বড়ো সাহিত্য-সংস্কৃতিৰ সাধক প্ৰবক্তা প্ৰদীপ কুমাৰ গয়াৰীৰ বিয়োগ - Prodip Kr. Goyary

কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী ওৱাবাৰী নিৱাসী প্ৰদীপ কুমাৰ গয়াৰীয়ে প্ৰায় এমাহ ধৰি গুৱাহাটীত চিকিৎসাধীন হৈ থকাৰ অন্তত শুকুৰবাৰে বিয়লী ২.৫৩ বজাত ৬৪ বছৰ বয়সত মৃত্যুক আঁকোৱালি লয় । একেধাৰে কবি, সাহিত্যিক, সমাজকৰ্মী, প্ৰবক্তা, নাট ৰচিয়তা ইত্যাদি গুণেৰে বিভূষিত প্ৰদীপ কুমাৰ গয়াৰী ৷

Renovate Literature cum Social Worker  Prodip Kr. Goyary Demise
কবি, সাহিত্যিক, সমাজকৰ্মী, প্ৰবক্তা প্ৰদীপ কুমাৰ গয়াৰীৰ বিয়োগ
author img

By

Published : Dec 18, 2020, 10:29 PM IST

কোকৰাঝাৰ, ১৮ ডিচেম্বৰ : একেধাৰে কবি, সাহিত্যিক, সমাজকৰ্মী, প্ৰবক্তা, নাট ৰচিয়তা ইত্যাদি গুণেৰে বিভূষিত প্ৰদীপ কুমাৰ গয়াৰীয়ে শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী ওৱাবাৰী নিৱাসী প্ৰদীপ কুমাৰ গয়াৰী প্ৰায় এমাহ ধৰি গুৱাহাটীত চিকিৎসাধীন হৈ আছিল ৷ শুকুৰবাৰে বিয়লী ২.৫৩ বজাত হেলথ চিটি হাস্পতালত ৬৪ বছৰ বয়সত মৃত্যুক আঁকোৱালি লয় । কোকৰাঝাৰ ডায়েটৰ প্ৰবক্তাৰ উপৰি সৰ্বশিক্ষা অভিযান মিছনৰ জিলা আঁচনি বিষয়া, ডি পি ই পিৰ আঁচনি বিষয়া হিচাপে কৰ্ম সম্পাদন কৰিছিল গয়াৰীয়ে ৷ ব্যস্ততা পূৰ্ণ জীৱনৰ মাজতে কবিতা পুথি, গল্পপুথি, টেটৰ নানা কিতাপ-পত্ৰ আদি প্ৰকাশ কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ব্যক্তিগৰাকী ।

সৰ্বশিক্ষা অভিযান মিছনৰ আঁচনি বিষয়া হৈ থকা কালছোৱাত বিশেষকৈ বিদ্যালয়ে বিদ্যালয়ে গৈ নানা সভা সমিতিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক লৈ শিক্ষা মূলক জ্ঞান, সমাজৰ পৰা কু-সংস্কাৰ, অন্ধবিশ্বাস আঁতৰোৱাৰ লগতে নানা সামাজিক জ্ঞান বিস্তাৰ কৰাৰ ক্ষেত্ৰত গীত-মাত-নাট প্ৰদৰ্শন কৰি ছাত্র, ছাত্ৰী, অভিভাৱক তথা সকলো শ্ৰেণী ৰাইজক আমোদ দিছিল । তেওঁৰ মৃত্যুত পৰিয়ালৰ লগতে কোকৰাঝাৰৰ বিভিন্ন দল-সংগঠন, শুভাকাংক্ষীয়ে গভীৰ শোক প্ৰকাশ কৰে ।
লগতে পঢ়ক : SI কেলেংকাৰীৰ ২৬২১ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল চিআইডিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.