কোকৰাঝাৰ ১৬ ছেপ্টেম্বৰ : ৰাজ্যত কৰ’ণা ভাইৰাছে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ নিৰ্বাচন সাময়িক ভাৱে পলম হ’লেও পৰিষদৰ নিৰ্বাচনত এইবাৰ শক্তিশালী ৰূপত অৱৰ্তীৰ্ণ হ’বলৈ সাঁজু হৈছে গেৰুৱা দল বিজেপি ৷ কৰ’ণাৰ আতংকৰ মাজতে শাসকীয় দল বিজেপিয়ে বুধবাৰে কোকৰাঝাৰত বিটিচি পৰিষদৰ নিৰ্বাচনকলৈ জিলা পৰ্যায়ৰ এক সাংগঠনিক পৰ্যালোচনা সভা অনুষ্ঠিত কৰে ৷
কোকৰাঝাৰ চহৰৰ জুগামি ভৱনত আয়োজিত বিজেপিৰ দলীয় সভাত বিশেষকৈ সমাগত বিটিচি পৰিষদৰ নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনকলৈ সাংগঠনিক ভেটি মজবুত কৰাৰ উদ্দেশ্যৰে এই সভা অনুষ্টিত কৰা হয় ৷ সভাত বিজেপি দলৰ কোকৰাঝাৰ জিলাৰ তত্বাৱধায়ক তথা প্ৰভাৰী তথা বিজেপিৰ ৰাজ্যিক নেত্ৰী ৰেখা ৰাণী দাস বড়ো উপস্থিত থাকে ৷ এই সভাত বিজেপি দলক তৃণমূলৰ পৰা শক্তিশালী কৰাৰ আহ্বান দি ৰেখা ৰাণী দাস বড়োৱে সংবাদমেলযোগে আগন্তক দিনত বিটিএডিত সু-শাসন,ৰাইজক সুৰক্ষা প্ৰদান, সমবিকাশ সমঅধিকাৰ আৰু সৰ্বাংগীন ৰাইজক উন্নয়নৰ এক পৰিৱৰ্তনৰ শ্ল’গানৰে বিজেপিয়ে ৰাইজৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতিৰ দিয়ে ৷
সংবাদমেলত ৰেখা ৰাণী দাস বড়োৱে কয়, ৰাজ্যত বিজেপিৰ ৪২ লাখ কাৰ্যকতা আছে আৰু বিটিচিত চাৰে তিনি লাখ কাৰ্যকৰ্তা কৰ্মী থকা সদৰী কৰি আহি থকা পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে প্ৰতিদ্বণ্ডিতা আগবঢ়োৱা ২৬ টাৰ ভিতৰত ২৪ খনে আাসন লাভ কৰিৱ বুলি নিশ্চিত কৰে ৷সংবাদমেলত নেত্ৰীগৰাকীয়ে লগতে বিটিচিত বিজেপি দলে চৰকাৰ গঠন কৰিৱ পাৰিম আৰু সেই লক্ষ্য আগত লোৱা বুলিও দাৱী কৰে ৷
প্ৰকাশ্য যে, আজি বিজিপিৰ জিলা পৰ্যায়ৰ দলীয় পৰ্যালোচনা সভাত সভাৰ আঁত ধৰে কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি বিভূতি বৰগয়াৰী আৰু বিটিচি নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱা পাঁচ গৰাকী দলীয় প্ৰাৰ্থীও তাত উপস্থিত থাকে ৷
লগতে পঢ়ক : মালিগাঁৱত 321.41 কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব উৰণীয়া সেঁতু