কোকৰাঝাৰ,10 জুলাই: প্ৰাক্তন এনডিএফবি-ৰ অধ্যক্ষ ৰঞ্জন দৈমাৰী কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ সম্প্ৰতি গুৱাহাটীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে নেতাগৰাকীক ৷ উল্লেখ্য যে,বিগত 2008 বৰ্ষত ৰাজ্য কঁপোৱা বোমা কাণ্ডৰ মূল অভিযুক্তগৰাকী দীৰ্ঘদিনে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ হৈ আছিল ৷ ইতিমধ্যে কেন্দ্ৰীয় কাৰাগাৰৰ 1100 কাৰাবন্দীৰ ভিতৰৰ 25 জন কাৰাবন্দী আক্ৰান্ত হৈছে কৰ’ণাত ৷ ৰঞ্জন দৈমাৰীৰ সৈতে আক্ৰান্ত হোৱা অন্যান্য কাৰাবন্দীসকলৰ 19 গৰাকীয়েই বিভিন্ন উগ্ৰপন্থী দলৰ নেতা-সদস্য বুলি জানিব পৰা গৈছে ৷ বিগত 4 জুলাইত দৈমাৰীৰ স্বাৱ পৰীক্ষা কৰা হৈছিল ৷
লগতে চাওকঃ কাৰাগাৰত পাখি মিঞাৰ চিকিৎসা কৰাব পাৰে, অখিলৰ নোৱাৰে কিয়ঃ লুৰিণজ্যোতি গগৈ