ETV Bharat / state

কোকৰাঝাৰত চৰকাৰলৈ বাট নেচায় ৰাইজে নিৰ্মাণ কৰিলে পথ

নিৰ্বাচনৰ আগেয়েই গাঁওখনৰ ৰাস্তা ঘাট নিৰ্মাণ কৰি দিয়ক অন্যথা লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰা হ'ব ৰাইজৰ সিদ্ধান্ত

কোকৰাঝাৰত চৰকাৰলৈ বাট নেচায় ৰাইজে নিৰ্মাণ কৰিলে পথ
author img

By

Published : Apr 12, 2019, 8:19 AM IST

কোকৰাঝাৰ,১১ এপ্ৰিলঃ কোকৰাঝাৰ কমলাচৰা গাঁৱৰ ৰাইজে নিজেই নিজৰ পথ নিৰ্মাণ কৰিলে। ক্ষুব্ধ হৈ ভোট বৰ্জনৰ হুমকা ৰাইজৰ।

কোকৰাঝাৰত চৰকাৰলৈ বাট নেচায় ৰাইজে নিৰ্মাণ কৰিলে পথ

উল্লেখ্য যে কোকৰাঝাৰ সদৰ চহৰৰ পাঁচ কিলোমিটাৰ দুৰত্বত অৱস্থিত কমলাচৰা গাঁৱখন। বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন সময়ত মডেল বিটিচি গঢ়াৰ কথা কৈ আহিছে যদিও কোনো উন্নয়ণৰ আঁচনিয়ে ঢুকি পোৱা নাই উক্ত গাঁৱখন । অৱশেষত, চৰকাৰ তথা ৰাজনৈতিক দলৰ প্ৰতি আস্থা নাৰাখি নিজৰ হাতৰ ধন খৰচ কৰি ওলাই আহিল পথ নিৰ্মাণ কৰিবলৈ । তিনি শতাধিক পৰিয়ালৰ পৰা দুশ টকাকৈ সংগ্ৰহ কৰি ট্ৰেক্টৰ লগাই হাতে-হাতে বেলচা,কোৰ লৈ নিজেই নিৰ্মাণ কৰিলে পথ। বিধায়ক নৱ শৰণীয়া আৰু প্ৰমীলা ৰাণী ব্ৰহ্মইও যোৱা নিৰ্বাচনৰ সময়ত পথটো নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে দুয়োজন ৰাজনৈতিক নেতাই। সেয়ে ৰাইজৰ সিদ্ধান্ত নিৰ্বাচনৰ আগেয়েই গাঁওখনৰ ৰাস্তা ঘাট নিৰ্মাণ কৰি দিয়ক অন্যথা লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

নিৰ্বাচনৰ প্ৰাক্ষনত কোনো চৰকাৰৰ প্ৰতি বাট নেচায় ৰাইজে শ্ৰমদানেৰে নিৰ্মাণ কৰিলে ৰাস্তা 

A_KOJ_11APRIL_ROAD CONSTRUCTION_801_806_KANAK

চৰকাৰ তথা কোনো দলৰ সহাৰি নেপালে ভোট বৰ্জন কৰাৰ হুংকাৰ

বৰ্তমান চলি আছে লোকসভা নিৰ্বাচনৰ গৰম বতাহ । পাঁচ নং কোকৰাঝাৰ লোকসভা সমষ্টিক উদ্ধাৰ কৰিবলৈ বৰ্তমান চলাই আছে মুঠ ৯ জন মনোনীত প্ৰাৰ্থী সকলে প্ৰতিযোগিতামূলক নিৰ্বাচনী প্ৰচাৰ অভিযান । সকলো প্ৰাৰ্থীৰ দাবী যে আমিয়েই বিজয়ী হম । কিন্তু তাৰমাজতে কোকৰাঝাৰ সদৰ চহৰ পৰা মাথোঁ পাঁচ কিলোমিটাৰ দূৰত্ব কমলাচৰা গাঁৱত উন্নয়নৰ ওলোটা ছবি দেখা পোৱা গৈছে । মডেল বি টি চি গঢ়াৰ বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন সময়ত কৈ আহিছে যদিও কোনো উন্নয়ন টুকি পোৱা নাই উক্ত গাঁৱত । যাৰবাবে কোনো চৰকাৰ তথা ৰাজনৈতিক দলৰ প্ৰতি আস্থা নাৰাখিব তথা বাট নাচায় নিজৰ ঘাটৰ ধন খৰচ কৰি ৰাইজে ওলাই আহিল ৰাস্তা নিৰ্মাণ কৰিবলৈ । তিনি শতাধিক পৰিয়ালৰ পৰা প্ৰত্যেক পৰিয়ালৰ পৰা দুশ (২০০/-) টকাকৈ সংগ্ৰহ কৰি ট্ৰেক্টৰ লগাই হাতে - হাতে বেলচা , কোডাল লৈ ৰাস্তা নিৰ্মাণ কৰিছে স্থানীয় ৰাইজে । স্থানীয় ৰাইজৰ দাবী নিৰ্বাচনৰ আগেয়েই গাঁওখনৰ ৰাস্তা ঘাট নিৰ্মাণ কৰি দিয়ক অন্যথা অহা লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰা হব । যোৱা ২০১৪ চনত নৱ শৰণীয়াক ভোট  দি জয় যুক্ত কৰিছিল যদিও নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে । সেয়ে এইবাৰ হিৰা শৰণীয়া ভোট ভিক্ষা খুজিবলৈ যদি আহে পহু খেদা খাব সেয়া নিশ্চিত বুলি কৈ হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে। আনহাতে বৰ্তমানৰ বি পি এফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মাও যোৱা নিৰ্বাচনৰ সময়ত ৰাস্তা নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই বুলি জনাইছে ৰাইজে । কোকৰাঝাৰ চহৰ মাগুৰমাৰী পৰা সংযুক্ত হৈ ফকিৰাগ্ৰাম ,চাপটগ্ৰাম আৰু ৰুপশী বিমান বন্দৰ লৈকে  যাব পৰা মূখ্য পথটো পকী কৰাৰ বাবে ৰাইজে এতিয়াও আশা প্ৰকাশ কৰিছে ভুক্তভোগি ৰাইজে । 

বাইট: স্থানীয় ৰাইজে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.