কোকৰাঝাৰ, 23 অক্টোবৰ : বিগত কেইমাহমান পূৰ্বে ৰাজনৈতিক প্ৰেক্ষাপটত ভাৰত-বাংলাদেশৰ মাজত এক সু-সম্পৰ্ক থকা পৰিলক্ষিত হৈছিল ৷ কিয়নো বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰমুখ্যে ভাৰত চৰকাৰৰ একাংশ উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰিছিল আমৰ কেইবাটাও টুকুৰী ৷ কিন্তু ইমানৰ পিছতো যেন বাংলাদেশত থকা হিন্দুসকল সুৰক্ষিত নহয় ৷ উক্ত লোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত তাৰতম্য ঘটা বুলি বিগত দুৰ্গা পূজাৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাই যেন প্ৰতিফলিত কৰে ৷ এই অনাকাংক্ষিত ঘটনা সম্প্ৰতি সকলোৰে জ্ঞাত ৷
এই ঘটনাৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ দেশ ৷ বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণৰ বিৰুদ্ধে ৰাজ্যতো চলিছে প্ৰতিবাদ ৷ কোকৰাঝাৰতো এনে অমানৱীয় আক্ৰমণ আৰু অত্যাচাৰৰ বিৰুদ্ধে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদৰ অসম ৰাজ্যিক সমিতিয়ে ৷ কোকৰাঝাৰ চহৰৰ সুভাষপল্লিস্থিত মহেশ মন্দিৰ প্ৰাংগণত পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচীখনি ৰূপায়ণ কৰা হয় ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত বাংলাদেশত হিন্দু লোকৰ ওপৰত চলোৱা আক্ৰমণ আৰু অত্যাচাৰক তীব্ৰ নিন্দা দি সংগঠনটোৰ নেতা কৰ্মীসকলক "বাংলাদেশ চৰকাৰ হুঁচিয়াৰ, হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, সংখ্যালঘু হিন্দুৰ ওপৰত অত্যাচাৰ কৰা নচলিব, বাংলাদেশ চৰকাৰ হায় হায়, আৰ জে পি জিন্দাবাদ, ভাৰত মাতা কি জয়, জয় শ্ৰীৰাম" আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷
ইপিনে প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়া ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ উপ সভাপতি কনক দে’এ সংবাদ মাধ্যমৰ আগত বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত চলোৱা অকথ্য অমানৱীয় নিৰ্যাতন আৰু হিন্দু মন্দিৰৰ বিনষ্ট সাধন কৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দি বাংলাদেশ চৰকাৰক দেশখনত বসবাস কৰা সংখ্যালঘু হিন্দুলোকৰ বাবে সংখ্যালঘু আয়োগ গঠন তথা সংখ্যালঘু সুৰক্ষা আইন প্ৰণয়ন কৰি সুৰক্ষা প্ৰদানৰ দাবী জনায় ৷ অন্যথা ভাৰতত বসবাস কৰি থকা প্ৰায় ১১০ কোটি হিন্দু লোকে বাংলাদেশত চলা আক্ৰমণৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ’ব বুলি হুংকাৰ প্ৰদান কৰে ৷
একেদৰে মহেশ মন্দিৰৰ পূজাৰী উপেন্দ্ৰ পাণ্ডেয়ে বাংলাদেশত হিন্দু লোকৰ ওপৰত চলা অমানৱীয় অত্যাচাৰ সম্পৰ্কে গভীৰ উদ্বেগ প্ৰকাশ কৰে ৷ পৰিষদৰ জিলা সভাপতি পীযুষ সৰকাৰেও তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদৰ অসম ৰাজ্যিক মিডিয়া প্ৰমুখ গোপাল প্ৰসাদ, বিটিআৰ ক্ষেত্ৰীয় পৰিষদৰ সম্পাদক ৰঞ্জিত মাহাতো প্ৰমুখ্যে সংগঠনটোৰ বহু নেতা-কৰ্মী উপস্থিত থাকে ৷
লগতে চাওক: বজাৰত মূল্য বৃদ্ধিৰ জুই; চৰকাৰক নিদ্ৰাৰ পৰা জগাবলৈ আছুৰ গণ সত্যাগ্ৰহ