ETV Bharat / state

CM effigy burnt in Kokrajhar: উচ্ছেদৰ বিৰুদ্ধে কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ - কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ

আগতীয়া জাননী নিদিয়াকৈ চলোৱা উচ্ছেদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আমছু নেতাকৰ্মী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কোকৰাঝাৰতো আমছুৱে আজি ৰূপায়ণ কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি কোকৰাঝাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে(Protest by burning effigy of CM in Kokrajhar) ।

Protest by burning effigy of CM in Kokrajhar
কোকৰাঝাৰত আমছুৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Dec 27, 2022, 9:03 PM IST

কোকৰাঝাৰত আমছুৰ উত্তাল প্ৰতিবাদ

কোকৰাঝাৰ,২৭ ডিচেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰ জিলাতো মঙলবাৰে আমছুৱে ধৰ্মীয় সংখ্যালঘু ৰাইজক চৰকাৰী মাটিৰ পৰা উচ্ছেদ কৰা কাৰ্যৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে(AAMSU protests against eviction) ৷ আমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত জিলাখনৰ বৰুৱাপৰা আৰু ভোটগাঁৱত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷

কাৰ্যসূচী অনুসৰি আমছুৱে জিলাখনৰ কাশীপাৰাত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যসূচী গ্ৰহণ যদিও ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে উক্ত কাৰ্যসূচীত বাধা প্ৰদান কৰে ৷ কিন্তু আৰক্ষীৰ চকুত ধূলি দি আমছুৱে ভোটগাঁও আৰু মোকৰাপাৰাৰ মাজৰ পথত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি কাৰ্যসূচী সফল কৰি তোলে(Protest by burning effigy of CM in Kokrajhar) ৷ ছাত্ৰ সংগঠনটোৱে সংখ্যালঘু ৰাইজক উচ্ছেদ বন্ধ কৰক আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে ছাত্ৰ সংগঠনটোৱে কাশীপাৰাৰ পৰা প্ৰায় তিনি চাৰি কিলোমিটাৰ নিলগৰ বৰুৱাপাৰাত গৌৰাং নৈৰ ব্ৰীজৰ ওপৰত সমবেত হৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপি চৰকাৰৰ হায় হায়, সংখ্যালঘু বিৰোধী হুছিয়াৰ, ধৰ্মীয় সংখ্যালঘু ৰাইজৰ ওপৰত উচ্ছেদ চলোৱা বন্ধ কৰক, মুখ্যমন্ত্ৰী হায় হায় আদি শ্ল’গান দি ছাত্ৰ সংগঠনটোৱে সংখ্যালঘু ৰাইজক টাৰ্গেট কৰি উচ্ছেদ কৰা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইফালে এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়া আমছুৰ জিলা সভাপতি আমিনুল ইছলামে সংখ্যালঘু ৰাইজক উচ্ছেদ কৰাৰ আগতে তেওঁলোকক পুনৰ সংস্থাপন কৰাৰ বাবে চৰকাৰক দাবী জনায় ৷ ইফালে প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে যে অসমত থকা ধৰ্মীয় সংখ্যালঘু লোকসকলক টাৰ্গেত কৰি কোনো জাননী নিদিয়াকৈ উচ্ছেদ চলোৱা কাৰ্য হিমন্ত বিশ্ব শৰ্মাই মুখ্যনমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছৰ পৰাই আৰম্ভ হৈছে ।

লগতে কয় যে এই শীতৰ সময়চোৱাত কোনো জাননী নিদিয়াকৈ উচ্ছেদ চলাইছে । কিন্ত উচ্ছেদিত লোকসকল কলৈ যাব কেনেকৈ থাকিব সেই বিষয়ে চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান কৰা নাই । এয়া এক অমানবীয় কাণ্ড বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী আমুছু নেতাই । আমছুৱে উচ্ছেদৰ বিৰোধিতা কেতিয়াও কৰা নাই আৰু ভৱিষ্যতেও নকৰে । কিন্তু এনেদৰে আগতীয়া জাননী প্ৰেৰণ নকৰাকৈ কৰা উচ্ছেদ আমছুৱে কেতিয়াও মানি নলয় বুলি উল্লেখ কৰে ।

প্ৰতিবাদকাৰীসকলে উচ্ছেদিত লোকক পুনৰ সংস্থাপন আৰু আৰু থকা খোৱাৰ সু-ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰি কয় যে যদি এই উচ্ছেদ বন্ধ নকৰে তেন্তে অনাগত দিনত ইয়াতকৈ অধিক ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব আমছু তথা বিভিন্ন দল-সংগঠনে ।

লগতে পঢ়ক: DU Ragging Case: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকক ছাত্ৰাৱাসৰ পৰা বহিষ্কাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.