ETV Bharat / state

কোকৰাঝাৰত মহিলাৰ বিৰুদ্ধে অনৈতিক কাৰ্যকলাপৰ প্ৰতিবাদ - কোকৰাঝাৰ টেঙাপাৰাস্থিত বিএছইউৰ মুখ্য কাৰ্যালয়

কোকৰাঝাৰ জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে মহিলাৰ ওপৰত অনৈতিক কাৰ্যকলাপ ৷ ঘৰত অকলে থকা মহিলাৰ ওপৰত দুষ্টচক্ৰই লক্ষ্য কৰি অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ খবৰ সমগ্ৰ জিলাতে বিয়পি পৰিছে ৷ এই লৈ কোকৰাঝাৰত বহুকেইটা সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে কোকৰাঝাৰত প্ৰতিবাদ
author img

By

Published : Oct 1, 2019, 12:42 PM IST

কোকৰাঝাৰ, 1 অক্টোবৰ : কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত ক্ৰমাৎ মহিলাৰ ওপৰত অনৈতিক কাৰ্যকলাপ বৃদ্ধি পাই অহাত আতংকিত হৈ পৰিছে জিলাখনৰ মহিলাসকল ৷ ঘৰত অকলে থকা মহিলাৰ ওপৰত দুষ্টচক্ৰই সংজ্ঞাহীন স্প্ৰে ছতিয়াই অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ খবৰ সমগ্ৰ জিলাতে বিয়পি পৰিছে ৷ ইয়াৰ লগতে চুৰৰ সন্ত্ৰাস আৰু সোপাধৰাৰ ভুৱা বাতৰিয়েও কোকৰাঝাৰ জিলা প্ৰশাসনক চিন্তিত কৰি তুলিছে ৷

অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে কোকৰাঝাৰত প্ৰতিবাদ

সেয়েহে, সোমবাৰে বড়োলেণ্ড ছাত্ৰ সন্থা, এবিএমছু, সদৌ অসম বেংগলী ছাত্ৰ ফেডাৰেচন, আগসু, হিন্দীভাষী পৰিষদ আদি বিটিএডিৰ ছাত্ৰ সংগঠনসমূহে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিভিন্ন স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সমাজ কৰ্মীসকলেও এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু দুষ্টচক্ৰক আটক কৰি শাস্তি প্ৰদানৰ অভিযোগ উত্থাপন কৰে ৷ কোকৰাঝাৰ টেঙাপাৰাস্থিত বিএছইউৰ মুখ্য কাৰ্যালয়ৰ পৰা জেদ.ডি পথ হৈ কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁক স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীয়ে ৷

ক্ৰমাৎ বৃদ্ধি পাইছে এনে কাৰ্য
অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে কোকৰাঝাৰত প্ৰতিবাদ

বড়োলেণ্ড ছাত্ৰ সন্থাৰ সভাপতি স্বগমছাৰ বসুমতাৰীয়ে এই সম্পৰ্কত মন্তব্য কৰে যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া 'বেটি বচাও বেটি পড়াও' শ্লোগান অসমত কেৱল শ্লোগানহে হৈ ৰৈছে । কোকৰাঝাৰ পৌৰসভা আৰু প্ৰশাসনৰ উদ্যোগত এই পৰিবেশক লৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় ৷

Intro:
কোকৰাঝাৰ চহৰত বৃহৎ প্ৰতিবাদী সমদল। দুষ্টচক্ৰয়ে যুৱতী- মহিলাৰ ওপৰত টাৰ্গেট কৰি অনৈতিক কাৰ্যকলাপৰ প্ৰতিবাদ কৰি এই সমদল। বড়োলেণ্ড ছাত্ৰ সন্থাৰ উদ্ধোগত আৰু বিটিএডিৰ বিভিন্ন ছাত্ৰ সন্থাৰ সহযোগত বাহিৰ উলুৱা হয়।

Body:কোকৰাঝাৰ সদৰ চহৰ লগতে জিলাৰ বিভিন্ন প্ৰান্তত ক্ৰমাৎ যুৱতী-মহিলাৰ ওপৰত এটা দুষ্টচক্ৰৰ কাৰ্যকলাপ বৃদ্ধি পাইছে। সমগ্ৰ জিলাতে এতিয়া যুৱতী-মহিলাসকলৰ সম্প্ৰতি আতংকত ভুগিছে। এক দুষ্টচক্ৰই ঘৰত অকলে থকা যুৱতী-মহিলাসকলক টাৰ্গেট কৰি স্প্ৰে মাৰি অনৈতিক কাৰ্যলিপ্ত হোৱাৰ এটা খবৰে সমগ্ৰ জিলাতে বিয়পিছে আৰু আতংমই সৃষ্টি কৰিছে।

আনফালে চহৰত চুৰৰ সন্ত্ৰক, আৰু সোপাধৰা অহাৰ ভুৱা বাতৰিও আওল লগাইছে প্ৰশাসন আৰু ছাত্ৰ সমাজক।

জাৰবাবে আজি বড়োলেণ্ড ছাত্ৰ সন্থা, এবিএমছু, সদৌ অসম বেংগলী ছাত্ৰ ফেডাৰেচন, আগসু, হিন্দীভাষী পৰিষদ, আদি বিটিএডিৰ ছাত্ৰ সংগঠনসমূহ প্ৰতিবাদী সমদল বাহিৰ কৰে। বিভিন্ন চস্কুল, কলেজৰ ছাত্র ছাত্ৰীকে ধৰি সমাজ কৰ্মীও এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে। আৰু সেগৰে দুষ্টচক্ৰতোক আটক কৰি শাস্তি দিবৰবাবে দাবী তোলে। এই সমদল কোকৰাঝাৰ টেঙাপাৰা স্থিত বিএছউ ৰ মুখ্য কাৰ্যালয়ৰ পৰা জেদ.ডি পথ হৈ কোকৰাঝাৰ জিলা উপাইক্ত স্মাৰক পত্ৰ দাখিল কৰে।

Conclusion:বড়োলেণ্ড ছাত্ৰ সন্থাৰ সভাৱটি স্বগমছাৰ বাসুমতাৰীয়ে কৈয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটি বচাও বেটি পৰাও শ্লোগান এতিয়া এইখন অসমত কেৱল শ্লোগানহে হৈআছে। জাৰবাবে আজি কণ কণ যুৱতীয়ে নিজৰ সুৰুক্সাৰ বাবে ৰাজপথত ওলাবলৈ বাধ্য হৈছে।

আনফালে কোকৰাঝাৰ মিওনিশিপাতি বৰ্ড আৰু কোকৰাঝাৰ প্ৰশাসনৰ উদ্ধোগত এই আতংমই পৰিবেশক লৈ গুৰুপ্তপূৰ্ণ সভা হৈ। কোকৰাঝাৰ চহৰৰ প্ৰতিটো ৱাৰ্ডৰ ভাসিন্দাকলৈ শান্তি সমিতি গঠন কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.