কোকৰাঝাৰ,৩০ জানুৱাৰী: কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই (Kokrajhar DC Varnali Deka) এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাৰ প্ৰতিবাদ জনাই সোমবাৰে প্ৰতিবাদী পেনডাউন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়িত হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ পেনডাউন কাৰ্যসূচীত জিলা উপায়ুক্তৰ প্ৰায়ভাগ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰি জিলা উপায়ুক্ত গৰাকীৰ বৰ্বৰতাৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷
জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদতে ৰূপায়িত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত স্তব্ধ হৈ পৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাম-কাজ ৷ যাৰ ফলত জনসাধাৰণৰ ব্যাপক অসুবিধাৰ সন্মুখীন হয় । ইফালে ৰহস্যজনকভাৱে জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সভাপতি সঞ্জয় দেৱৰয় প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থকা পৰিলক্ষিত হয় । উল্লেখ্য যে, কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই বয়োজেষ্ঠ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসক প্ৰহাৰ কৰাৰ পিচত জিলা উপায়ুক্ত গৰাকীক ৰক্ষণাবেক্ষণ দিবলৈ উঠিপৰি লাগিছিল । উপায়ুক্ত গৰাকীৰ ব্যক্তিগত সহায়ক সঞ্জয় দেৱৰয়সহ এচাম কৰ্মচাৰীয়ে (Kokrajhar DC thrashes employee) ।
বিশেষকৈ সঞ্জয় দেৱৰয় মীমাংসা কৰাৰ নামত শনিবাৰে মাজনিশা কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভুক্তোভোগীসকলক অযথা হাৰাশাস্তি কৰা আৰু মীমাংসাৰ কাগজ পৰ্যন্ত লুকুৱাই ৰখাৰ অভিযোগ উত্থাপিত হৈছে । ভুক্তভোগীৰ পৰিয়ালৰ লোকে বাৰে বাৰে মীমাংসাৰ কাগজখন বিচাৰি হাবাথুৰি খাইছে যদিও জিলা উপায়ুক্তৰ ব্যক্তিগত সহায়ক গৰাকীয়েই ভুক্তভোগীক আপোচনামাৰ কোনো নথি দিয়াৰ কথা উল্লেখ কৰা নাই ।
দীপক দাসৰ কন্যাই আনে লিখা আবেদনত তেওঁৰ পিতৃৰ পৰা কৌশলেৰে চহী লোৱা বুলি অভিযোগ উত্থাপন কৰিছিল আৰু শেহতীয়াভাৱে লাভ কৰা ভিডিঅ'ত দেখা গৈছে যে জিলা উপায়ুক্তক কালিমামুক্ত কৰিবলৈ মধ্যস্থতাকাৰীৰ দলটোৱে বিশষকৈ জিলা উপায়ুক্তৰ ব্যক্তিগত সহায়ক সঞ্জয় দেৱৰয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে । অতি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি দলটোৱে কৌশলেৰে আপোচনামাত চহী লোৱাৰ পিছত ভুক্তভোগীৰ পৰিয়ালক তিলমানো গুৰুত্ব নিদিয়া কথাটো ভিডিঅ'ত স্পষ্ট ৰূপত ধৰা পৰিছে । ইফালে জিলা উপায়ুক্তৰ বিৰুদ্ধে দিয়া এজাহাৰখন এজাহাৰকাৰীয়ে গোচৰ উঠাই লোৱাত আৰু আপোচনামাত চহী কৰাত সম্প্ৰতি পৰিয়ালটো শংকাত ভূগিছে ।
লক্ষণীয়ভাৱে জিলা উপায়ুক্তৰ প্ৰহাৰৰ পিছতে দীপক দাসক ভৰ্তি কৰোৱা হৈছিল কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত (RNB Civil Hospital in Kokrajhar) ৷ ইয়াৰ মাজতে শনিবাৰে মাজনিশা কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়লৈ গৈ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ক্ষমা খোজা বুলি ভুক্তভোগী পৰিয়ালটোৱে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰিছিল (District commissioner Varnali Deka apologized) ।
লগতে পঢ়ক: Assam short film awarded: পংকজ সভাপণ্ডিতৰ গল্পৰ আধাৰত নিৰ্মিত ছবিলৈ ৰাষ্ট্ৰীয় বঁটা