ETV Bharat / state

সুদীৰ্ঘ 17 বছৰৰ অন্তত বি টি আৰৰ দ্বিতীয় মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ প্ৰমোদ বড়োৰ - ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

সুদীৰ্ঘ 17 বছৰৰ পিচত মঙলবাৰে বি টি আৰৰ দ্বিতীয় গৰাকী মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰে প্ৰমোদ বড়োই । কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত লক্ষাধিক জনতাৰ উপস্থিতিত প্ৰমোদ বড়োৱে আনুষ্ঠানিকভাৱে বড়ো ভাষাত শপত বাক্য পাঠ কৰে । উপস্থিত মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীকে আদি কৰি বহু কেইগৰাকী নেতা ৷

promoting-the-swearing-in-of-btr-as-the-second-chief-executive-for-at-least-17-long-years
সুদীৰ্ঘ 17 বছৰৰ অন্তত বি টি আৰৰ দ্বিতীয় মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ প্ৰমোদ বড়োৰ
author img

By

Published : Dec 15, 2020, 9:30 PM IST

Updated : Dec 15, 2020, 10:26 PM IST

কোকৰাঝাৰ, 15 ডিচেম্বৰ : সুদীৰ্ঘ 17 বছৰৰ পিচত মঙলবাৰে বি টি আৰৰ দ্বিতীয় গৰাকী মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰে প্ৰমোদ বড়োই । পৰিবৰ্তনৰ শ্ল'গানেৰে বিজেপি, ইউ পি পি এল, জি এচ পিয়ে মিত্ৰতাৰ চৰকাৰ গঠন কৰাৰ পিচতেই মঙলবাৰে কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত লক্ষাধিক জনতাৰ উপস্থিতিত প্ৰমোদ বড়োৱে আনুষ্ঠানিকভাৱে বড়ো ভাষাত শপত বাক্য পাঠ কৰে ।

ইটিভিৰ সংবাদদাতা আব্দুল মালেকৰ প্ৰতিবেদন

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ নৱ শৰণীয়া, সাংসদ ভূৱনেশ্বৰ কলিতা, মন্ত্ৰী ভৱেশ কলিতাকে ধৰি আন বহু বিশিষ্ট অতিথিৰ উপস্থিতিত প্ৰমোদ বড়োক গোপনীয়তাৰ শপত বাক্য পাঠ কৰাই ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ৷ বি টি আৰৰ মুখ্য কাৰ্যবাহী হিচাপে প্ৰমোদ বড়োই গোপনীয়তাৰে শপত বাক্য পাঠ কৰাৰ লগতে ইউ পি পি এলৰ নিৰ্বাচিত সদস্য গোবিন্দ বসুমতাৰীয়ে উপ মুখ্য কাৰ্যবাহী হিচাপে, বিজেপিৰ পৰা গৌতম দাস আৰু দিগন্ত বৰুৱা আৰু জি এচ পিৰ পৰা ঘনশ্যাম দাসে কাৰ্যবাহী সদস্য হিচাপে শপত বাক্য পাঠ কৰে ।

সুদীৰ্ঘ 17 বছৰৰ অন্তত বি টি আৰৰ দ্বিতীয় মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ প্ৰমোদ বড়োৰ

লগতে পঢ়ক : কৰিমগঞ্জত অসুস্থ বনৰীয়া হাতীৰ মৃত্যু

মুখ্য কাৰ্যবাহী হিচাপে শপত বাক্য পাঠ কৰাৰ অন্তত নিজ ভাষণ প্ৰসংগত বিটিচি প্ৰধান প্ৰমোদ বড়োই বি টি আৰ চুক্তিক মানৱতাৰ চুক্তি হিচাপে উল্লেখ কৰি বিজেপি, ইউ পি পি এল, জি এচ পিয়ে মিত্ৰতাৰ চৰকাৰ গঠনেৰে নতুন সমাজ গঢ়াৰ পণ লৈছে বুলি মন্তব্য কৰিলে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰমোদ বড়োই দুৰ্নীতিমুক্ত, হিংসামুক্ত বি টি আৰ গঠনৰ প্ৰতিশ্ৰুতি দিয়ে । সম-অধিকাৰ, সম-উন্নয়ন, সম-বিকাশৰ প্ৰতিশ্ৰুতি দি প্ৰমোদ বড়োই কয় যে, বি টি আৰ অঞ্চলত কাৰো ভূমিৰ অধিকাৰ কোনোপধ্যে খৰ্ব কৰা নহয় বৰঞ্চ আইন সংশোধন কৰি হলেও ভূমিৰ অধিকাৰ দিয়া হ'ব বুলি ঘোষণা কৰিছে প্ৰমোদ বড়োই ।

সকলোৰে সমস্যা সমাধানৰ বাবে প্ৰচেষ্ঠা লোৱা হ'ব আৰু যি কাম পৰিষদীয় চৰকাৰে কৰিব নোৱাৰে তেনে কাম ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগত কৰা হ'ব বুলি সদৰি কৰিছে । কোকৰাঝাৰ এতিয়াৰে পৰা শান্তিৰ নগৰী হ'ব বুলি আশা প্ৰকাশ কৰি দুৰ্নীতিমুক্ত বি টি আৰ গঠনৰ ক্ষেত্ৰত সকলো বিষয়া-কৰ্মচাৰীৰে সহযোগিতা কামনা কৰে মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে ৷

লগতে পঢ়ক : চৰকাৰী আঁচনি ৰূপায়নৰ নামত ধন দাবী, বিধায়ক গণেশ লিম্বুৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ

Last Updated : Dec 15, 2020, 10:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.