ETV Bharat / state

কোকৰাঝাৰক সেউজ কৰি তোলাৰ লক্ষ্যৰে ডাষ্টবিন বিতৰণ প্ৰমোদ বড়োৰ - এনটিপিচি, বঙাইগাওঁ নাম সলনি

কোকৰাঝাৰত ব্যৱসায়ীৰ মাজত বাঁহৰ ডাষ্টবিন বিতৰণ প্ৰমোদ বড়োৰ । কোকৰাঝাৰ পৌৰসভাৰ উদ্যোগত আৰু এন টি পি চি, বঙাইগাঁৱৰ সহযোগত কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যলয়ত বৃহস্পতিবাৰে ব্যৱসায়ী সকলৰ মাজত বাঁহৰ ডাষ্টবিন বিতৰণ কৰা হয় ৷ এনটিপিচি, বঙাইগাওঁ নাম সলনি কৰি এনটিপিচি, কোকৰাঝাৰ নামাকৰণৰ দাবী  বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ৷

কোকৰাঝাৰক সেউজ কৰি তোলাৰ লক্ষ্যৰে ডাষ্টবিন বিতৰণ প্ৰমোদ বড়োৰ

author img

By

Published : Feb 26, 2021, 11:37 AM IST

কোকৰাঝাৰ ২৬ ফেব্ৰুৱাৰী: কোকৰাঝাৰ পৌৰসভাৰ ব্যতিক্ৰমী আঁচনি 'আই লাভ কোকৰাঝাৰ' আঁচনিৰ অধীনত বৃহস্পতিবাৰে ব্যৱসায়ীসকলৰ মাজত বাঁহৰ ডাষ্টবিন বিতৰণ কৰা হয় । বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰক স্বচ্ছ আৰু সেউজ কৰি তোলাৰ লক্ষ্যৰে এই আঁচনি গ্ৰহণ কৰা হয় ।

কোকৰাঝাৰক সেউজ কৰি তোলাৰ লক্ষ্যৰে ডাষ্টবিন বিতৰণ প্ৰমোদ বড়োৰ
কোকৰাঝাৰক সেউজ কৰি তোলাৰ লক্ষ্যৰে ডাষ্টবিন বিতৰণ প্ৰমোদ বড়োৰ

এই উপলক্ষে কোকৰাঝাৰ পৌৰসভাৰ উদ্যোগত আৰু এন টি পি চি, বঙাইগাঁৱৰ সহযোগত কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়ত এক অনুষ্টপীয়া সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত মুখ্য অতিথি হিচাপে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকি ব্যৱসায়ীসকলৰ মাজত বিনামূলীয়াকৈ বাঁহৰ ডাষ্টবিন বিতৰণ কৰি কোকৰাঝাৰ চহৰখনক পৰিস্কাৰ-পৰিচ্ছন্নতাৰ চহৰ হিচাপে গঢ় দিয়াৰ বাবে আহ্বান জনায় ৷

কোকৰাঝাৰ পৌৰসভাৰ ব্যতিক্ৰমী আঁচনি 'আই লাভ কোকৰাঝাৰ' আঁচনি

ইপিনে ডাষ্টবিন বিতৰণ কাৰ্যসূচীৰ অন্তত সংবাদমাধ্যমৰ আগত প্ৰমোদ বড়োই কোকৰাঝাৰক শান্তিৰ চহৰ হিচাপে এক নতুন মাত্ৰা সংযোজন কৰি সন্ধিয়া ৬-৭ বজাতে বন্ধ হোৱা চহৰখনত মানুহৰ আদান প্ৰদান আৰু ভাৱ বিনিময়ৰ স্বাৰ্থত নিশা দহ বজালৈ দোকান পোহাৰ খোলা ৰখাৰ আহ্বান জনায় ৷ এনে দিশে অৰ্থনৈতিক ক্ষেত্ৰতো অৰিহনা যোগাব বুলি মন্তব্য কৰে বড়োই ৷

বৃহস্পতিবাৰে এই কাৰ্যসূচীৰ যোগেদি বড়োই এনটিপিচি যিহেতু কোকৰাঝাৰত অৱস্থিত সেয়ে এন টি পি চি, বঙাইগাওঁঁ নামটোৰ সলনি এনটিপিচি কোকৰাঝাৰ কৰিব লাগে বুলি দাবী কৰি বিষয়টো উৰ্দ্ধতম কৰ্তৃপক্ষক লিখিতভাৱে অৱগত কৰিৱ বুলি সদৰী কৰে ৷

উল্লেখ্য যে, ডাষ্টবিন বিতৰণ কাৰ্যসূচীত কোকৰাঝাৰ জিলা উপাযুক্ত ভাস্কৰ ফুকন, ইউপিপিএলৰ যুৱ নেতা লৰেন্স ইছলাৰী, নেত্ৰী প্ৰতিভা ব্ৰহ্ম, কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস, এনটিপিচিৰ বিষয়াসকল আৰু কোকৰাঝাৰ পৌৰসভাৰ কৰ্মচাৰীকে ধৰি কোকৰাঝাৰ চহৰৰ ব্যৱসায়ীসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:ঘৰে ঘৰে গৈ বিজেপিৰ কামৰ খতিয়ান দাঙি ধৰিলে বিশ্বজিৎ দৈমাৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.