কোকৰাঝাৰ,14 ফেব্ৰুৱাৰী : কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মাগুৰমাৰী চাহ বাগান খেলপথাৰত দেওবাৰে জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত অংশগ্ৰহণ কৰে বিজেপিৰ যুৱ নেতা তথা বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই ৷ সন্মিলনত অংশগ্ৰহণ কৰি বিপিএফ আৰু মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মক সমালোচনা কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে ৷
![pristha pramukh sanmilon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-02-kjr-bjppristhamromukhsanmilon-vis-byte-photo-10044_14022021200125_1402f_1613313085_964.jpg)
তেওঁৰ ভাষ্য অনুসৰি, একেৰাহে ছয় বাৰ বিধায়িকা হিচাপে নিৰ্বাচিত হোৱা তথা তিনিটা কাৰ্যকালৰ বাবে মন্ত্ৰীত্ব লাভ কৰা বিপিএফৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই নিজ সমষ্টিৰ চাহ জনগোষ্ঠীৰ বাবে একো কৰা নাই । অকল চাহ জনগোষ্ঠীয়ে নহয় অইন অইন জনগোষ্ঠীৰ বাবেও একো নকৰিলে প্ৰমিলা ৰাণী ব্ৰহ্মই । পূৰ্বতে বিপিএফৰ বিজেপিৰ সৈতে মিত্ৰতা আছিল ৷ কিন্তু এইবাৰ ইউপিপিএলৰ লগত বুজাবুজি হৈছে । বিজেপি যাৰ লগত থাকিব তাকে আপোনালোকে ভোট দিব ।
![pristha pramukh sanmilon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-02-kjr-bjppristhamromukhsanmilon-vis-byte-photo-10044_14022021200125_1402f_1613313085_566.jpg)
ইয়াৰ লগতে অসম জাতীয় পৰিষদ, কংগ্ৰেছৰ জন সমৰ্থন নাই আৰু লুৰীণজ্যোতি গগৈ, ৰিপুণ বৰাক মানুহে ভাল নাপায় বুলি মন্তব্য কৰে অৰূপ কুমাৰ দেই ৷ তেওঁ কয় কয় য়ে, বিজেপিয়ে এইবাৰ এশৰো অধিক আসন লাভ কৰিব । মন গেৰুৱা, সমাজ গেৰুৱা আৰু দেশ গেৰুৱা কৰিবলৈ আহ্বান জনাই কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই বিজেপিয়ে চৰকাৰ গঠন কৰাতো খাটাং বুলি দাবী কৰে । আগন্তুক 4-5 দিনৰ ভিতৰতেই নিৰ্বাচনী আচৰণবিধি বলৱৎ হ’ব বুলিও সদৰি কৰি অৰূপ কুমাৰ দেই কাম কৰাৰ বাবে বিজেপিয়ে 45 দিন সময় পাব বুলি মন্তব্য কৰে ।
উক্ত সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন উপ সভাপতি তথা বৰ্তমানৰ কাৰ্যনিৰ্বাহক সদস্য বিমল ওচৱালে সংবাদমাধ্যমৰ আগত 126 টা সমষ্টিতে পৃষ্ঠা প্ৰমুখ সন্মিলন আৰম্ভ হৈছে বুলি সদৰি কৰে ৷ ৰাজ্যত ইতিমধ্য়ে 3 লাখ 33 হাজাৰ পৃষ্ঠা প্ৰমুখ দিয়া হৈছে বুলি তেওঁ মন্তব্য কৰে ।
বিজেপিৰ এই পৃষ্ঠা প্ৰমুখ সন্মিলনত ভাগ লয় জিলা বিজেপিৰ সভাপতি বিভূতি বৰগয়াৰী, সাধাৰণ সম্পাদক দেৱৰাজ পাল, অনুসূচিত জাতি মৰ্চাৰ সম্পাদক গোবিন্দ বৰ্মন, জিলা বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক অনিৰ্বান দাসকে ধৰি বিজেপি কেইবাগৰাকী নেতৃবৃন্দ আৰু সমষ্টিৰটোৰ বিভিন্ন ঠাইৰ পৰা অহা সহস্ৰাধিক ৰাইজে ৷
লগতে পঢ়ক : চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা ডিমা হাছাও জিলা কংগ্ৰেছৰ