ETV Bharat / state

UPPL Conference in Kokrajhar : পুনৰ ইউপিপিএলৰ সভাপতি হিচাবে নিৰ্বাচিত প্ৰমোদ বড়ো

author img

By

Published : Nov 13, 2022, 9:12 PM IST

ইউপিপিএলৰ তৃতীয় ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ সামৰণি (UPPL Conference in Kokrajhar)৷ লোকে লোকাৰণ্য কোকৰাঝাৰৰ জৌগালু পথাৰ ৷ পুনৰ ইউপিপিএলৰ সভাপতি হিচাবে নিৰ্বাচিত প্ৰমোদ বড়ো (Pramod Boro re-elected as president of UPPL) ৷ মুকলি সভাত মুখ্য অতিতিৰূপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য- লোকসভা নিৰ্বাচনত বিজেপি, অগপ আৰু ইউপিপিএল মিত্ৰতাৰে অৱতীৰ্ণ হ'ব৷ ইউপিপিএলৰ অধিৱেশনত মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ৷

UPPL Conference in Kokrajhar
ইউপিপিএলৰ কেন্দ্ৰীয় অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ

কোকৰাঝাৰ, ১৩ নৱেম্বৰ : ‘‘বিটিআৰ এলেকাত আৰু কোনো মাতৃৰ বুকু শুদা হ’ব নোৱাৰিব । অস্ত্ৰ সংস্কৃতি কোনোপধ্যেই সহ্য কৰা নহ’ব । সকলো জাতি-জনগোষ্ঠীৰে ভাষা-সাহিত্য সংস্কৃতি নিশ্চিত কৰা হ'ব’’ । এই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa sarma in Kokrajhar)।

দেওবাৰে কোকৰাঝাৰ জৌগালু পথাৰত ইউপিপিএলৰ কেন্দ্ৰীয় তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশনৰ (UPPL Conference in Kokrajhar) অন্তিম দিনৰ মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উক্ত মন্তব্য প্ৰকাশ কৰে ৷ পূৰ্বতে বন্দুকৰ শব্দত ৰাতিপুওৱা বড়োলেণ্ড এলেকাত এতিয়া চৰাইৰ মাতত ৰাতিপুৱায় বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে সকলো জাতি-জনগোষ্ঠীৰ অধিকাৰ সুনিশ্চিত কৰাৰ পৰিণতিতে দেওবাৰে বিটিআৰ এলেকাৰ সকলো জাতি-জনগোষ্ঠীৰ মিলনভূমি হৈ পৰা বুলি উল্লেখ কৰে ড৹ শৰ্মাই ।

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ (Father of Bodos Upendra Nath Brahma) অৱদান সুঁৱৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰ চৰকাৰক সকলো জাতি-জনগোষ্ঠীৰ হৈ কাম কৰিবলৈ আহ্বান জনায় । বিটিআৰ চুক্তিৰ(Bodo Accord) প্ৰতিটো দফা সময়মতেই ৰূপায়ণ কৰা হ'ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কম সময়তে ইউপিপিএল দলে কৰা ভাল কামৰ বাবে অভিনন্দন জনায় ।

কম সময়ৰ ভিতৰতে ইউপিপিএলে বিটিআৰৰ শাসনৰ বাঘজৰী ল’বলৈ সক্ষম হোৱাৰ উপৰিও অসম বিধানসভাত প্ৰতিনিধিত্ব কৰা, ভাৰতৰ সংসদত ইউপিপিএলৰ প্ৰতিনিধি থকা আৰু ৰাজ্যৰ মন্ত্ৰী সভাত ইউপিপিএলৰ যোগদানৰে অসমৰ সমৃদ্ধি বৃদ্ধি কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

নাম প্ৰকাশ নকৰাকৈ পূৰ্বৰ বিটিআৰ চৰকাৰক সমালোচনা কৰি সেই অপসংস্কৃতি ঘূৰি আহিবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰে । আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি, অগপ, ইউপিপিএলে মিত্ৰতাৰে অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰি বিটিআৰ উন্নয়ণৰ বাবে বিজেপিয়ে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে । অহা বছৰত কোকৰাঝাৰ মেডিকেল কলেজ মুকলি কৰিব আৰু চলিত বৰ্ষৰ ১১ ডিচেম্বৰত তামুলপুৰত মেডিকেল কলেজৰ(Tamulpur Medical College) আধাৰশিলা স্থাপন কৰা হ'ব বুলি ঘোষণা কৰি ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ (Bodoland University) চৌহদ স্থাপন কৰা হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

তদুপৰি কোকৰাঝাৰতো সৰুসজ্জাইৰ দৰে ডেৰশ কোটি টকা ব্যয় সাপেক্ষে ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰা হ'ব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে বিটিআৰ এলেকাত ভূমিপট্টা দিয়া হ'ব বুলিও ঘোষণা কৰে (Land Patta in BTR)। অহা এক জানুবাৰীৰ পৰা বড়োভূমিৰ দৰিদ্ৰ লোকৰ বাবেও নতুন অৰুণোদয় আঁচনি আৰু নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ কাম আৰম্ভ কৰিব আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ অসম আৰু বহিঃৰাজ্যত চিকিৎসাৰ বাবদ পাঁচ লাখ টকাৰ চিকিৎসা সেৱা প্ৰদানৰ দিহা কৰা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ইয়াৰোপৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইউপিপিএলৰ সাতবছৰীয়া বৰ্ণিল যাত্ৰাক অভিনন্দন যাঁচি বিজেপি মিত্ৰজোঁটৰ সৈতে থাকি ইউপিপিএল দলে আগবঢ়োৱা সহযোগিতাক কৃতজ্ঞতা জ্ঞাপন কৰি উন্নয়ণ, প্ৰগতি আৰু শান্তিৰ দিশত কাম কৰা ইউপিপিএল দলৰ প্ৰতি বিজেপিৰ সহযোগিতা থাকিব বুলি মন্তব্য কৰে ।

কোকৰাঝাৰ চন্দ্ৰপাৰাৰ জৌগালু পথাৰত অনুষ্ঠিত হোৱা ইউপিপিএলৰ কেন্দ্ৰীয় তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশনৰ অন্তিম দিনৰ মুকলি সভাত কমেও অৰ্ধলক্ষাধিক লোক সমৱেত হয় । প্ৰমোদ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত আদৰণি ভাষণ প্ৰদান কৰে বিধায়ক তথা অভ্যৰ্থনা সমিতিৰ সভাপতি লৰেঞ্চ ইছলাৰীয়ে ।

আনহাতে সভাত উপস্থিত থকা কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে উদ্বোধনী ভাষণ প্ৰদান কৰে । ইপিনে ইউপিপিএলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই নিজ ভাষণত বিপিএফ দলক ক্ষুৰাধাৰ সমালোচনা কৰে । বড়োলেণ্ড বিপিএফৰ দমন নীতি, শোষণ নীতি, দাদাগিৰি নচলিব বুলি স্পষ্ট কৰি দিয়ে ।

মুকলি সভাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ ৰৌণ গৌৰা নাৰ্জাৰী, বিধায়ক জয়ন্ত বসুমতাৰী, বিজেপিৰ কেইবাগৰাকী স্থানীয় নেতৃত্ব, বিটিআৰৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য, এমচিএলএ আৰু ইউপিপিএলৰ প্ৰায়ভাগ কেন্দ্ৰীয়-জিলা নেতৃবৃন্দ উপস্থিত আছিল ৷

উল্লেখ্য যে, ইউপিপিএলৰ এই অধিৱেশনৰ প্ৰতিনিধি সভাৰ জৰিয়তে প্ৰমোদ বড়োক পুনৰ সভাপতি আৰু ৰৌণগৌৰা নাৰ্জাৰীক কাৰ্যকৰী সভাপতি, ৰাজু নাৰ্জাৰীক সাধাৰণ সম্পাদক (প্ৰশাসনিক) আৰু মাধৱ চন্দ্ৰ ছেত্ৰীক সাধাৰণ সম্পাদক (সাংগঠনিক) সম্পাদক হিচাবে লৈ ইউপিপিএলৰ ১০১ জনীয়া নতুন কেন্দ্ৰীয় সমিতিখন গঠন কৰি দিয়া হয় ৷

লগতে পঢ়ক : Congress AIUDF alliance : কোনো কাৰণতে AIUDFৰ লগত মিত্ৰতা নহয় কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.