ETV Bharat / state

প্ৰমোদ বড়ো আৰু ইউ জি ব্ৰহ্মৰ শোকপ্ৰকাশ

author img

By

Published : Nov 24, 2020, 11:27 AM IST

প্ৰাক্তন মুখ্যমন্ত্ৰী, সফল ৰাজনীতিবিদ তৰুণ গগৈৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৰ লগতে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্ময়ে ৷ পৰিয়াললৈ গভীৰ সমবেদনা জনাই প্ৰমোদ বড়োৱে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অৰিহণা ৰাজ্যবাসীয়ে পাহৰিব নোৱাৰে বুলি ব্যক্ত কৰে ৷

Pramod Boro and UG Brahma given last tribute to tarun gogoi kokrajhar assam etv bharat news
তৰুণ গগৈৰ মৃত্যু

কোকৰাঝাৰ,24 নৱেম্বৰ: ৰাজ্যত একেৰাহে তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ গাদীত অধিষ্ঠিত তৰুণ গগৈৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে প্ৰতিগৰাকী ৰাজনীতিবিদে ৷ ৰাজনীতিৰ উৰ্ধত তৰুণ গগৈ আছিল এগৰাকী স্থিতপ্ৰজ্ঞ আৰু জনপ্ৰিয় ব্যক্তি ৷ গগৈৰ মৃত্যুত শোকপ্ৰকাশ কৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্ময়ে ৷ পৰিয়াললৈ গভীৰ সমবেদনা জনাই প্ৰমোদ বড়োৱে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অৰিহণা ৰাজ্যবাসীয়ে পাহৰিব নোৱাৰে বুলি ব্যক্ত কৰে ৷

প্ৰমোদ বড়োৰ শোকপ্ৰকাশ

আনহাতে, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মৱেয়ো তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷ ৰাজ্যত শান্তিৰ হকে কাম কৰা নেতা হিচাপে পৰিচিত গগৈ অতি সাহসী ৰাজনীতিবিদ আছিল বুলি ব্ৰহ্ময়ে মন্তব্য কৰে ৷ তৰুণ গগৈয়ে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা দিনতে 2003 চনত বিএলটি আৰু চৰকাৰৰ সৈতে শান্তি চুক্তিৰে বিটিচি গঠন কৰা হৈছিল ৷

ইউ জি ব্ৰহ্মৰ শোকপ্ৰকাশ

লগতে চাওকঃ তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী ৰঞ্জিত দত্ত,বিবেক দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.