ETV Bharat / state

বিৰোধী দলে ভোটাৰৰ মাজত ধন বিলোৱাত শংকিত প্ৰমিলাৰাণী ! - assam election

30 নং পুৱ কোকৰাঝাৰ (জনজাতি) বিধানসভা সমষ্টিত বিৰোধী দলে ভোটাৰৰ মাজত ধন বিলোৱাৰ অভিযোগ উত্থাপন কৰিছে সমষ্টিটোৰ বিপিএফ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মই ৷ তদুপৰি কোকৰাঝাৰৰ আৰক্ষী প্ৰশাসনেও ইউপিপিএল দলৰ মানুহক হে সহায় কৰি আছে বুলি অভিযোগ কৰে নেত্ৰীগৰাকীয়ে ৷

Pramila Rani Brahma put allegation againt opposition party
বিৰোধী দলে ভোটাৰৰ মাজত ধন বিলোৱাত শংকিত প্ৰমিলাৰাণী !
author img

By

Published : Apr 6, 2021, 5:49 PM IST

কোকৰাঝাৰ, ৬ মাৰ্চ : বিপিএফৰ জ্যেষ্ঠ নেত্ৰী, মন্ত্ৰী তথা 30 নং পুৱ কোকৰাঝাৰ (জনজাতি) বিধানসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মই সাব্যস্ত কৰিলে নিজৰ গণতান্ত্ৰিক অধিকাৰ ৷ মঙলবাৰে কোকৰাঝাৰ বিদ্যাপীঠ হাইস্কুল ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ব্ৰহ্মই ৷

বিৰোধী দলে ভোটাৰৰ মাজত ধন বিলোৱাত শংকিত প্ৰমিলাৰাণী !

বিগত 30 বছৰ ধৰি একেৰাহে সমষ্টিটোৰ পৰা জয়যুক্ত হৈ বিধায়িকা তথা মন্ত্ৰী হোৱা প্ৰমিলাৰাণী ব্ৰহ্ম এইবাৰ কিছু শংকিত হোৱা পৰিলক্ষিত হৈছে ৷ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি সাংবাদিকৰ আগত মন্তব্য আগবঢ়াই বিৰোধী দলে সমষ্টিটোত ভোটাৰৰ মাজত ধন বিলোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰমিলাৰাণী ব্ৰহ্মই ৷

প্ৰমিলাৰাণী ব্ৰহ্মই কয় যে, "এইবেলিও বিপুল ভোটত জয়ী হ’ম বুলি আশা আছিল যদিও বিৰোধী দলে ভোটাৰৰ মাজত ধন বিলোৱাৰ ফলত শংকিত হৈ পৰিছো ৷" তদুপৰি কোকৰাঝাৰৰ আৰক্ষী প্ৰশাসনেও ইউ পি পি এল দলৰ মানুহক হে সহায় কৰি আছে বুলি অভিযোগ কৰে বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷

লগতে পঢ়ক: পত্নী-পুত্ৰক লগত লৈ ভোটাধিকাৰ সাব্যস্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.