ETV Bharat / state

কোকৰাঝাৰৰ কৃত্ৰিম বান পৰিদৰ্শন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ

author img

By

Published : Jun 27, 2020, 7:56 PM IST

ৰাইজৰ দুৰ্দশাৰ বুজ ল'বলৈ কোকৰাঝাৰত উপস্থিত হয় মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম ৷ চন্দ্ৰফাৰা, বিজুলীবাৰী ইত্যাদি অঞ্চল পৰিদৰ্শন কৰি শীঘ্ৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, প্ৰতিবছৰে বানৰ ফলত ৰাইজৰ এনে অৱস্থা হোৱাৰ পাছতো আজিকোপতি কোকৰাঝাৰ চহৰৰ পৌৰসভাই বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই ৷

Pramila rani brahama
প্ৰমিলা ৰাণী ব্ৰহ্ম

কোকৰাঝাৰ, ২৭ জুনঃ বিটিএডিৰ সদৰ কেন্দ্ৰ কোকৰাঝাৰ চহৰত বিগত তিনিটা দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ কবলত পৰিছে সমগ্ৰ কোকৰাঝাৰবাসী ৷ বিশেষকৈ কোকৰাঝাৰ চহৰৰ মাজমজিয়াত অপৰিকল্পিতভাৱে নিৰ্মাণ হোৱা নলা নদৰ্মা আৰু চহৰৰ পদপথৰ ওপৰত অসাধু ব্যৱসায়ীয়ে নিৰ্মাণ কৰা দোকান গৃহৰ বাবে কৃত্ৰিম বানপানীৰ কবলত পৰিছে সাধাৰণ ৰাইজ ৷ এই সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, কোকৰাঝাৰ চহৰৰ ৰূপাথি নৌগৰ, গৌড়নগৰ, শান্তিনগৰ, সুভাষপল্লি, জে ডি ৰোড, আৰ এন বি ৰোড, থানাপাৰা, নাৰাবাৰী, বিবেকানন্দ পথ আৰু কোৰ্টপাৰাৰ বিস্তৃৰ্ণ অঞ্চলত কৃত্ৰিম বানৰ ফলত ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে ৷

লগতে পঢ়কঃ তিনিচুকীয়া জিলাৰ বিভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন মৰাণ ছাত্ৰ সন্থাৰ

শুকুৰবাৰে ৰাইজৰ দুৰ্দশাৰ বুজ ল'বলৈ উক্ত অঞ্চলত উপস্থিত হয় মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম ৷ চন্দ্ৰফাৰা, বিজুলীবাৰী ইত্যাদি অঞ্চল পৰিদৰ্শন কৰি শীঘ্ৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, প্ৰতিবছৰে বানৰ ফলত ৰাইজৰ এনে অৱস্থা হোৱাৰ পাছতো আজিকোপতি কোকৰাঝাৰ চহৰৰ পৌৰসভাই বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই ৷ ইফালে নলা নৰ্দমা নিৰ্মাণৰ সময়ত অভিযন্তা ঠিকাদাৰৰ মাজত হোৱা গোপন বুজাবুজিৰ বাবে পৌৰসভাই এই বিষয়টো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে একাংশ ৰাইজে ৷

Pramila rani brahama
কোকৰাঝাৰ

বিটিচিৰ একমাত্ৰ সদৰ কেন্দ্ৰ কোকৰাঝাৰত চহৰত নগৰ উন্নয়নৰ বিভাগ এটা আছে ৷ তৎসত্বেও বিগত ১৭ বছৰে শাসন চলোৱা বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে খোদ পথৰ দাঁতিৰ নলা নৰ্দমাত বিশাল অট্ৰালিকা নিৰ্মাণ কৰি অসাধু ব্যৱসায়ীক উদগনি যোগোৱা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে ৷ জিলাখনৰ থানাৰোডৰ পৰা নাৰাবাৰী গড়কপ্তানী পথছোৱাৰ নলা-নৰ্দমাৰ ওপৰত পকী দোকান নিৰ্মাণেই এই অভিযোগৰ জ্বলন্ত প্ৰমাণ ৷ এনেদৰে অসাধু ব্যৱসায়ীয়ে দিনে-দিনে কোকৰাঝাৰবাসীৰ বাবে সমস্যা সৃষ্টি কৰিছে ৷ চৰকাৰক এই সন্দৰ্ভত শীঘ্ৰেই ব্যৱস্থা লোৱাৰ আহ্বান কোকৰাঝাৰবাসীৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.