কোকৰাঝাৰ,4 ফেব্ৰুৱাৰী: বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ তথা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ অধ্যক্ষ জনমোহন মুছাহাৰীৰ কোকৰাঝাৰস্থিত বাসভৱনত বৃহস্পতিবাৰে আৰক্ষীয়ে তালাচী অভিযান চলায় ৷ বিগত মঙলবাৰে জিলাখনৰ গোঁসাইগাঁও মহকুমাৰ শৰাইবিল অঞ্চলত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ অধ্যক্ষগৰাকীৰ বাসভৱনত তালাচী চলায় ৷ মুছাহাৰীৰ বাসগৃহত আৰক্ষীয়ে তালাচী চলোৱাক কেন্দ্ৰ কৰি চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
উল্লেখ্য যে,জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন, অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰমে মুকুট ৰাভা আৰু ৰোজীৰাণী শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে বৃহস্পতিবাৰে দুপৰীয়া মুছাহাৰীৰ বাসগৃহত উপস্থিত হৈ অভিযান আৰম্ভ কৰে ৷ প্ৰায় চাৰি ঘণ্টা ধৰি আৰক্ষীৰ দলটোৱে মেটেল ডিটেক্টৰৰ সহায়ত মুছাহাৰীৰ দুমহলীয়া বাসগৃহৰ প্ৰতিটো কোঠাত তন্ন-তন্নকৈ তালাচী চলায় ৷ জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে,গোঁসাইগাঁৱৰ শৰাইবিলৰ নাশ্ৰাইবিলত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱা ঘটনাৰ সন্দৰ্ভতে এই অভিযান চলোৱা হৈছে ৷ মূলতঃ অবৈধ অস্ত্ৰ মজুত ৰখাক কেন্দ্ৰ কৰি এই তালাচী চলোৱা হৈছে ৷ আৰক্ষীয়ে এই অভিযানকালত কেতবোৰ আপত্তিজনক সা-সামগ্ৰী উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে ৷ কিন্তু এই বিষয়ে সবিশেষ তথ্য প্ৰকাশৰ পৰা বিৰত থাকে আৰক্ষী অধীক্ষকগৰাকী ৷
ইপিনে সন্ধিয়া মুছাহাৰীয়ে বাসগৃহত এক সংবাদমেল আয়োজন কৰি, 2003 চনত অস্ত্ৰ সম্বৰণৰ পিছত শান্তিৰ হকে 2006 চনত প্ৰাক্তন বিএলটি কল্যাণ পৰিষদ গঠন কৰি কাম-কাজ কৰি থকাৰ কথা ব্যক্ত কৰে ৷ তাৰবাবে অসম আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ লগতে সেনা বাহিনীকো সহযোগ কৰি কৰা বুলি উল্লেখ কৰে মুছাহাৰীয়ে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে চলোৱা এই তালাচীৰ অন্তৰালত ৰাজনৈতিক ষড়যন্ত্ৰ থকাৰ আশংকা ব্যক্ত কৰে জনমোহন মুছাহাৰীয়ে ৷ মুছাহাৰীৰ ঘৰত পাবলৈ একো নাই বুলি মন্তব্য কৰি তালাচীৰ সময়ছোৱাত আৰক্ষীয়ে একাংশ বেংক একাউণ্ট, আ-অলংকাৰ, দুটা এয়াৰ গান আৰু কিছু পৰিমাণৰ নগদ ধন জব্দ কৰা বুলি প্ৰকাশ কৰে ৷
উল্লেখ্য যে,বিগত মঙলবাৰে নিশা গোঁসাইগাঁৱৰ শৰাইবিল উপ-আৰক্ষী চকীৰ অন্তৰ্গত নাশ্ৰাইবিলত আৰক্ষীয়ে অভিযান চলাই এখন স্ক’ৰপিঅ’ৰ পৰা বহু সংখ্যক অত্যাধুনিক মাৰণাস্ত্ৰসহ বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত 6 জন লোকক আটক কৰিবলৈ সক্ষম হৈছিল ৷
লগতে চাওকঃ শব্দ প্ৰদূষণে জন্তু আৰু পক্ষীৰ ওপৰত পেলোৱা কাৰকসমূহ...