কোকৰাঝাৰ ৯ জুনঃ আনলক্ 0.1 কাৰ্যকৰী হোৱাৰ লগে লগে ক্ৰমাৎ স্বাভাৱিক হৈছে ৰাজ্যৰ জনজীৱন ৷ মঙলবাৰে বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ বাট-পথটো যান-বাহনৰ ভিৰ পৰিলক্ষিত হয় ৷ ফলত কিছু চিন্তিত হৈ পৰে দল-সংগঠনৰ লগতে সচেতনমহল ৷ চহৰখনৰ সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান, গ্ৰাহক ৰাইজক কৰ’ণা মুক্ত কোকৰাঝাৰ গঢ়াৰ আহ্বানৰে সামাজিক ব্যৱধান মানি,মাস্ক পৰিধান কৰাৰ আহ্বান জনাই কোকৰাঝাৰ মাচেন্ট এছোছিয়েচনে ৷
লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ফণিধৰ বৰাৰ বাসগৃহত বিধায়িকা আঙুৰলতা ডেকা
আনহাতে কোকৰাঝাৰ মাৰ্চেন্ট এছোচিয়েচনৰ নতুন সমিতিখনত সভাপতি হিচাবে ৰাজীৱ ব্ৰক্ষ,কাৰ্যকৰী সভাপতি পদৱীত বিনয় সৰকাৰ,উপসভাপতি ক্ৰমে শংকৰ শ্বাহ,সুৱল ভাৱাল,দিলীপ ছেঠীয়া,নাৰায়ন সৰকাৰ,ভৰত শৰ্মা,যুটীয়া সম্পাদকত বিকাশ চুৱেদী আৰু অমৃতা পাল,কোষাধ্যক্ষ হিচাপে মনোজ প্ৰতিম সাহা, কোষাধ্যক্ষত ছানজান পাল আৰু কাৰ্যালয় সম্পাদক মলয় চৌধুৰীসহ ৩০ জনীয়া সমিতিখনে কাৰ্যভাৰৰে আনুষ্ঠানিক দায়িত্ব গ্ৰহণ কৰে ৷