কোকৰাঝাৰ, 3 এপ্ৰিল: কোকৰাঝাৰ সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছৰ প্ৰাৰ্থী শব্দৰাম ৰাভা আৰু ইউপিপিএলৰ উৰ্খাও গৌৰা ব্ৰহ্মৰ ৷ কোকৰাঝাৰ জিলা উপায়ুক্তৰ হাতত দুয়োগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ ৷ এবছুৰ সভাপতি প্ৰমোদ বড়ো, এনডিএফবি(প্ৰ), পি জে এ চি বি এমকে ধৰি আন কেবাটাও দল সংগঠনৰ নেতৃবৃন্দৰ লগতে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন দাখিল উৰ্খাও গৌৰা ব্ৰহ্মৰ ৷ ইপিনে জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাই ৷
মনোনয়ন পত্ৰ দাখিল কৰিয়েই নৱ শৰণীয়াক ৰাইজে নিবিচাৰে, বি পি এফৰ পৰিৱৰ্তন বিচাৰি আজি ৰাইজ ওলাই আহিছে বুলি মন্তব্য কৰে ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই ৷ আনহাতে এই নিৰ্বাচনত ইউপিপিএলৰ ব্ৰহ্ম হ'ব ৰাভাৰ মূল প্ৰতিদ্বন্দ্বী এই বুলি মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাই ৷ লগতে বি পি এফ দলক তীব্ৰভাৱে সমালোচনা কৰি হীৰা শৰণীয়াক 60-40 সাংসদ আখ্যা দি নিৰ্বাচনত জয়যুক্ত হ'লে বিটিচিৰ ভূমিৰ সমস্যা , বড়ো - অবড়ো সংঘাতৰ অৱসানকে ধৰি বিভিন্ন বিষয়ত মনোনিৱেশ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷