ETV Bharat / state

প্ৰতিদিনে শ্ৰীৰামপুৰ গে'টৰে অসমত প্ৰৱেশ বহিঃৰাজ্যৰ হাজাৰ হাজাৰ লোক - নিজ-নিজ জিলালৈ প্ৰেৰণ কৰাৰ অভিযোগ

কোকৰাঝাৰ জিলাৰ অসম বংগ সীমান্তত অৱস্থিত শ্ৰীৰামপুৰ প্ৰৱেশ দ্বাৰত বহিঃৰাজ্যৰ পৰা অহা লোক সকলক প্ৰশাসনে কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ প্ৰতিদিনে খোজকাঢ়ি উপস্থিত হোৱা লোক সকলৰ স্বাস্থ্য পৰীক্ষা নকৰি ঘৰলৈ যাবলৈ অনুমতি দিয়াৰ বাবে কৰ'ণা আক্ৰান্ত ৰোগী বৃদ্ধি পোৱাৰ আকাংক্ষা কৰিছে ৰাইজে ৷

No madical cheekup at srirampur gate in kokrajhar
প্ৰতিদিনে শ্ৰীৰামপুৰ গে'টৰে অসমত প্ৰৱেশ বহিঃৰাজ্যৰ হাজাৰ হাজাৰ লোক
author img

By

Published : May 11, 2020, 6:49 PM IST

কোকৰাঝাৰ, 11 মে' : যি সময়ত কভিড-19ক প্ৰতিহত কৰিবলৈ স্বাস্থ্য বিভাগ তৎপৰ হৈ পৰিছে সেই সময়ত অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰ প্ৰৱেশ দ্ধাৰত বহিঃৰাজ্যৰ পৰা অহা লোকক কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা নোহোৱাৰ বাবে বৰ্তমান অঞ্চলটোৰ সচেতন মহল শংকিত হৈ পৰিছে ৷ প্ৰতিদিনে শতাধিক লোক খোজকাঢ়ি কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত উপস্থিত হোৱাৰ পিছত প্ৰশাসনে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা নকৰি নিজ-নিজ জিলালৈ প্ৰেৰণ কৰাৰ অভিযোগ উখাপন হৈ আহিছে ৷

প্ৰতিদিনে শ্ৰীৰামপুৰ গে'টৰে অসমত প্ৰৱেশ বহিঃৰাজ্যৰ হাজাৰ হাজাৰ লোক

বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ আদি ৰাজ্যৰ পৰা অহা লোক সকলৰ যিসকলে ম'বাইলৰ জৰিয়তে মিছ কল দি নিজৰ নাম পঞ্জীয়ন কৰিব নোৱাৰিলে সেই সকল লোকে খোজকাঢ়িয়ে উক্ত স্থানত উপস্থিত হোৱাত প্ৰশাসনে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা নকৰাৰ বাবে বৰ্তমান কভিড-19 ৰ সক্ৰমণ বৃদ্ধি পোৱাৰ আকাংক্ষা কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক : বিদ্ৰোহী সংগঠনৰ আভ্যন্তৰীণ বিষয়বস্তু সামৰি আহি আছে 'গেৰিলা'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.