কোকৰাঝাৰ, ৯ জুলাই: কোকৰাঝাৰ চহৰৰ মাজ-মজিয়াত থকা জামে মজজিদ প্ৰাংগণত মঙ্গলবাৰে অনুস্থিত হয় হজযাত্ৰী সম্বৰ্ধনা অনুষ্ঠান । নৰ্থ ইষ্ট মাইনৰিটি ষ্টুডেন্ট ইউনিয়ন চমুকৈ "নেমছু" ৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় মক্কালৈ যাবলৈ সাজু হোৱা জিলা খনৰ মুঠ 16 গৰাকীকৈ হজযাত্ৰীক । বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী আৰু কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিংহ উপস্থিত থকা অনুষ্ঠানটিৰ আগভাগ লয় নেমছুৰ সভাপতি সাহিনুৰ ইছলাম আৰু সাধাৰণ সম্পাদক নুৰ আলমে । তাৰ উপৰিও একে অনুষ্ঠানতে বিশ্ব শান্তিৰ উদ্দেশ্য এক সমূহীয়া দোৱাৰও আয়োজন কৰা হয় । নিজৰ ভাষনত নেমছুৰ সভাপতি সাহিনুৰ ইছলামে আৰ এছ এছক তীব্ৰ সমালোচনা কৰে । তেঁও কয় যে জয় শ্ৰীৰাম নাম লৈ হিন্দু মুছলিমৰ মাজত আৰ এছ এছে যি বিভেদ সৃষ্টি কৰিব বিচাৰিছে সেয়া আমি হবলৈ নিদিও ।
কোকৰাঝাৰত নেমছুৰ উদ্যোগত হজযাত্ৰীক সম্বৰ্ধনা - হজযাত্ৰী সম্বৰ্ধনা
মক্কালৈ যাবলৈ এইবাৰ সাজু হৈছে জিলাখনৰ মুঠ 16 গৰাকী হজযাত্ৰী । শান্তি কামনা কৰি আয়োজন কৰিলে প্ৰাৰ্থনা সভাৰ ।
কোকৰাঝাৰ, ৯ জুলাই: কোকৰাঝাৰ চহৰৰ মাজ-মজিয়াত থকা জামে মজজিদ প্ৰাংগণত মঙ্গলবাৰে অনুস্থিত হয় হজযাত্ৰী সম্বৰ্ধনা অনুষ্ঠান । নৰ্থ ইষ্ট মাইনৰিটি ষ্টুডেন্ট ইউনিয়ন চমুকৈ "নেমছু" ৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় মক্কালৈ যাবলৈ সাজু হোৱা জিলা খনৰ মুঠ 16 গৰাকীকৈ হজযাত্ৰীক । বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী আৰু কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিংহ উপস্থিত থকা অনুষ্ঠানটিৰ আগভাগ লয় নেমছুৰ সভাপতি সাহিনুৰ ইছলাম আৰু সাধাৰণ সম্পাদক নুৰ আলমে । তাৰ উপৰিও একে অনুষ্ঠানতে বিশ্ব শান্তিৰ উদ্দেশ্য এক সমূহীয়া দোৱাৰও আয়োজন কৰা হয় । নিজৰ ভাষনত নেমছুৰ সভাপতি সাহিনুৰ ইছলামে আৰ এছ এছক তীব্ৰ সমালোচনা কৰে । তেঁও কয় যে জয় শ্ৰীৰাম নাম লৈ হিন্দু মুছলিমৰ মাজত আৰ এছ এছে যি বিভেদ সৃষ্টি কৰিব বিচাৰিছে সেয়া আমি হবলৈ নিদিও ।
নৰ্থ ইষ্ট মাইনৰীটি ষ্টোডেন্ট ইউনিয়ন চমুকৈ "নেমছু" ৰ উধ্যগত আজি কোকৰাঝাৰ জিলা হজ যাত্ৰী সকলক সম্বৰ্ধনা আৰু অভিনন্দন জনাই।
Body:কোকৰাঝাৰ চহৰত স্থিত জামে মছজিডৰ প্ৰাংগণত অনিষ্টত এক অনুষ্ঠানত মুছলিম ধৰ্মালম্বীৰ পবিত্ৰ স্থান মক্কালৈ যাবৰ বাবে সাজু হোৱা মুঠ 16 গৰাকী হজ যাত্ৰী সকলক সম্বৰ্ধনা আৰু অভিনন্দন জনোৱা লগতে বিশ্বৰ সকলো শ্ৰীনিৰ মানৱৰ শান্তি কামনাৰে আলাৰ ওচৰত দৌৱা মাগে।
উক্ত উনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী, কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিংহ, নেমছুৰ সভাৱটি সাহিনুৰ ইছলাম, সাধাৰণ সম্পাদক নুৰ আলম আৰু কোকৰাঝাৰ জিলাৰ শিক্ষা বিষয়া জাহনগীৰ হুছেইন।
Conclusion:তদুপৰি অনুষ্ঠানত উপস্থিত থাকি নেমছুৰ সভাৱটি সাহিনুৰ ইছলামে কৈয়ে ইছলাম শব্দৰ অৰ্থ হল শান্তি, মুছলিম ধৰ্মলম্বী লোকে লোকে সদায় শান্তি বিচাৰে কিন্তু ৰাষ্ট্ৰীয় স্বয়ং সেৱক চুমুকৈ আৰ এছ এছ জয় শ্ৰীৰাম নাম লৈ বিভিন্ন ক্ষেত্ৰত হিন্দু মুছলিমৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছে সেয়া আমি হবলৈ দিয়া নহব ।