ETV Bharat / state

প্ৰাক্তন এনডিএফবি নেতাৰ মৃত্যু,বড়ো ভূমিত শোকৰ ছাঁ

author img

By

Published : Apr 20, 2020, 6:13 PM IST

এন ডিএফবি শীৰ্ষ নেতা বি ডেটচুং ওৰফে জনাৰ্দন বসুমতাৰীৰ আজি ৰাতিপুৱা মৃত্যু হয় ৷ নিজ বাসগৃহত মৃত্যু হয় নেতাজনৰ ৷ দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন নেতাজন ৷

ETV BHARAT
প্ৰাক্তন এনডিএফবি নেতাৰ মৃত্যু, বড়ো ভূমিত শোকৰ ছা

কোকৰাঝাৰ,20 এপ্ৰিলঃ ওদালগুৰি জিলাৰ প্ৰাক্তন এনডিএফবি শীৰ্ষ নেতা বি ডেটচুং ওৰফে জনাৰ্দন বসুমতাৰীৰ মৃত্যু হয় ৷ নেতা জনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছা পৰিছে ৷

NDFB leader Dead At Udalguri

উল্লেখ্য যে,এনডিএফবিৰ (প্ৰগতিশীল) নেতা জনাৰ্দন বসুমতাৰীয়ে বিগত বহু ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল ৷ কিন্তু দীৰ্ঘদিনৰ পৰা চিকিৎসা কৰি আছিল যদিও আজি সোমবাৰে ওদালগুৰিৰ নিজ বাস গৃহত ৰাতিপুৱা ৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷ প্ৰাক্তন নেতাজন বসুমতাৰী গুৱাহাটী আৰু গুৰগাৱঁৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাত ওদালগুৰিৰ নিজ গৃহলৈ লৈ আহিছিল পৰিয়ালৰ লোকে ৷
আনহাতে, নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে নেতাজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ এবছুৰ নেতা গৰাকীয়ে বড়ো জনগোষ্ঠীৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে নেতাগৰাকী বড়ো জনগোষ্ঠীৰ বাবে সদায় চিৰস্মৰণীয় হৈ ৰ'ব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক- পুনৰ আৰম্ভ ৰহা টোল প্লাজাত কৰ সংগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.