কোকৰাঝাৰ, ১০ মাৰ্চঃ কোকৰাঝাৰ জিলাৰ দোতমাত আজি এনডিএফবিৰ সাধাৰণ সম্পাদক বি. আৰ. ফেৰেংগাই আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে ।
দোতমা হাইস্কুলৰ খেলপথাৰত আজি ইউপিপিএল দলে আয়োজন কৰা সভাত নিজৰ কেবাশতাধিক সমৰ্থকসহ এন ডি এফ বিৰ সাধাৰণ সম্পাদক বি. আৰ. ফেৰেংগাই আনুষ্ঠানিকভাৱে ইউ পি পি এল দলত যোগদান কৰে । ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়ো, প্ৰাক্তন সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মকে ধৰি বহু জেষ্ঠ নেতাৰ উপস্থিতিত আজি এন ডি এফ বিৰ সাধাৰণ সম্পাদক বি. আৰ. ফেৰেংগাই আনুষ্ঠানিকভাৱে ইউ পি পি এল দলত যোগদান কৰাত ইউ পি পি এলৰ নেতাসকলে ফেৰেংগাক আৰনাইৰে আদৰণি জনায় ।
ইপিনে ইউপিপিএল দলৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই এন ডি এফ বিৰ সাধাৰণ সম্পাদক বি. আৰ. ফেৰেংগাইক দলৰ মজিয়ালৈ উষ্ম আদৰণী আদৰণি জনায় । এন ডি এফ বি আনুষ্ঠানিকভাৱে ভংগ হোৱাৰ পিছত তেওঁলোকে বিকল্প হিচাপে ইউ পি পি এলত যোগদান কৰি বি টি আৰ চুক্তি ৰূপায়ন আৰু পৰিবৰ্তনৰ বাবে ইউ পি পি এল দলত যোগদান কৰা বুলি মন্তব্য কৰিছে উৰ্খাও গৌৰা ব্ৰহ্মই ।