কোকৰাঝাৰ,19 অক্টোবৰ: কোকৰাঝাৰত আটক এজন এন ডি এফ বি (এছ)ৰ সদস্য ৷ আটকাধীন এন ডি এফ বি সদস্য জন হৈছে সংবিজিত গোটৰ দুলাল নাৰ্জাৰী উৰফ লাওদাঙগা ৷ ভাৰতীয় সেনা বাহিনী আৰু এছ এছ বিৰ যৌথ অভিযানত শনিবাৰে পুৱতি নিশা ভাৰত-ভূটান সীমান্তৰ ৰেপু বনাঞ্চলৰ পৰা আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ৷ ধৃত এন ডি এফ বি (এছ)ৰ সদস্যজনৰ পৰা 7.65 হস্তনিৰ্মিত পিষ্টল লগতে 6 জাই সজীৱ গুলী জব্দ কৰে ।
![NDFB ARRESTED AT KOKRAJHAR](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-koj-19oct-ndfbarrested-2photo-7204384_19102019172537_1910f_1571486137_178.jpg)
উল্লেখ্য যে,যোৱা 16 অক্টোবৰ দিনাও এই অঞ্চলৰ পৰা অস্ত্ৰ-শস্ত্ৰ সৈতে তিনিজন নতুন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে।