ETV Bharat / state

কোকৰাঝাৰৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজত অচলাৱস্থা - কোকৰাঝাৰ

কোকৰাঝাৰৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজত শিক্ষক গোটৰ শ্ৰেণী বৰ্জন কাৰ্যসূচীয়ে সোমবাৰে দ্বিতীয় সপ্তাহত ভৰি দিলে ৷ ২৪ বছৰে নিজৰ গাঁঠিৰ ধন ভাঙি শিক্ষাদান কৰি অহা শিক্ষকসকলে চৰকাৰৰ বঞ্চনাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজত অচলাৱস্থা
author img

By

Published : Jun 10, 2019, 6:27 PM IST

কোকৰাঝাৰ,10 জুন : কোকৰাঝাৰস্থিত নামনি অসমৰ একমাত্ৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজত শিক্ষক গোটৰ শ্ৰেণী বৰ্জন কাৰ্যসূচীয়ে সোমবাৰে দ্বিতীয় সপ্তাহত ভৰি দিলে ৷ ১৯৯৬ চনতে স্থাপিত কলেজখন চৰকাৰীকৰণৰ লগতে চাকৰি নিয়মীয়াকৰণৰ দাবীত যোৱা ২৯ মে'ৰ পৰা শ্ৰেণীবৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰিছে শিক্ষকসকলে ৷ ২৪ বছৰে নিজৰ গাঁঠিৰ ধন ভাঙি হ'লেও শিক্ষাদান কৰি অহা শিক্ষকসকলে চৰকাৰৰ বঞ্চনাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ অসম চৰকাৰ তথা বিটিচি চৰকাৰৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই কিছুসংখ্যক শিক্ষকে চৰকাৰীকৰণৰ অবিহনেই অৱসৰ ল'বলগীয়া হ'ল ৷

কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজত অচলাৱস্থা

কিন্তু এনেদৰে শ্ৰেণীবৰ্জন হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ সেয়েহে 1 জুনৰ পৰা ছাত্ৰ-ছাত্ৰীসকলেও পাঠদান বন্ধ হৈ থকাৰ বাবে আৰম্ভ কৰিলে প্ৰতিবাদী কাৰ্যসূচী ৷ অহা ১৩ জুনৰ পৰা চেমিষ্টাৰ পৰীক্ষা,নিয়মীয়া পাঠদানৰ দাবীত অনিৰ্দিষ্টকালৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণেৰে কলেজ চৌহদ উত্তাল কৰি তুলিলে ছাত্ৰ-ছাত্ৰীসকলে ৷ এতিয়া অভিযোগ উত্থাপন হৈছে যে,মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হস্তক্ষেপত থকা কলেজখন এনেকৈয়ে আলৈ-আথানি হোৱাৰ পাছতো কোনো খবৰ নাই ব্ৰহ্মৰ ৷

Intro:কোকৰাঝাৰ মিওজিক এণ্ড ফাইন আৰ্টছ কলেজ দ্বিতীয় সপ্তাহধৰিঅচলা অৱস্থা। শিক্ষকৰ শ্ৰীনি বৰ্জনত ছাত্ৰৰ ধৰনা অব্যাহত।

কোকৰাঝাৰ,10 মে: কোকৰাঝাৰত অৱস্থিত নামনি অসমৰ এক মাত্ৰ মিওজিক এণ্ড ফাইন আৰ্টছ কলেজৰ শিক্ষক গোটৰ শ্ৰীনি বৰ্জনৰ কাৰ্যকসূচী আজি দ্বিতীয় সপ্তাহত ভৰি দিলে, ফলত অসমৰে দ্বিতীয়টু মিওজিক এণ্ড ফাইন আৰ্টছ কলেজৰ অচলা অৱস্থা বৃদ্ধি পাইগৈ আছে।

Body:যোৱা ২৯ জুনৰ পৰা কলেজক চৰকাৰীকৰণ আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত শ্ৰেণীবৰ্জন কৰি ৰাখিছে কলেজৰ শিক্ষক গোটে। ১৯৯৬ চনতে স্থাপন কৰা কলেজ খন আজিলৈকে চৰকাৰীকৰণৰ পৰা বঞ্চিত হবলগা হৈছে। ২৪ বছৰে নিজৰ গাঠিৰ ধন ভাঙি হলেও শিক্ষকে শিক্ষাদান কৰি আহিছে জুদিও আজি চৰকাৰৰ বঞ্চনাত এনেকৈ পদক্ষেপ কৰিবলগা হল বলি উল্লেখ কৰিছে শিক্ষক গোট। ২৪ বছৰ বিনা বেতনৰে শিক্ষাদান কৰিয়ে কিছুসংখ্যক শিক্ষক অৱসৰ হৈ গল,এয়া অসম আৰু বিটিচি চৰকাৰৰ হেমহীৰ কাৰণে। আজিও একে সমস্যা, আশা কৰি কৰি নিৰাশত ভুগিবলগা দিন শিক্ষকৰ কাৰণে।

পিচৰ পৰায়ে ছাত্ৰ ছাত্ৰীৰ মাজত হাহাকাৰ অৱস্থা।

Conclusion:আনফালে এক বিপৰীত ছবি ছাত্ৰ ছাত্ৰীৰ মাজত, যেন ছাত্ৰ জীৱনক লৈ চৰকাৰে লৰা ধেমালি খেল দৰে। যেহেতু অহা ১৩ জুনৰ পৰা ছাত্ৰ ছাত্ৰীৰ চেমিষ্টাৰ পৰীক্ষা,নিয়মীয়া পাঠ দানৰ দাবীত অনিৰ্দিষ্টকালীন ধৰনা ৰূপায়ণ কৰি আশাক পাঠাল উত্তাল কৰি ৰাখিছে কলেজৰ চৌহদ। যোৱা ৩১ মেৰ পৰা আজি এসপ্তাহ অতিক্ৰম কৰিছে ধৰণা টু। কলেজত শিক্ষা কৰা বাধ্যযন্ত্ৰ খাম, সিফুঙ, চেৰ্জা, যথাক লৈ গান গাই ধৰনা অব্যাহত ৰাখিছে ছাত্ৰ ছাত্ৰী। শিক্ষা অধিকাৰ দিয়াৰ শ্লোগান গাই আকাশ পাতাল উত্তাল কৰি ৰাখিছে।

অভিযোগ উত্থাপন হৈছে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হস্তক্ষেপত থকা কলেজ এতিয়া আলাই আথনি হলেও কোনো খাখবৰ লোৱা নাই।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.