কোকৰাঝাৰ, ১৮ মাৰ্চ: কোকৰাঝাৰ জিলাত পুনৰ ডাইনী সন্দেহত এগৰাকী বৃদ্ধা মহিলাক হত্যাৰ অপচেষ্টা চলোৱাৰ ঘটনা পোহৰলৈ আহিছে । জিলাখনৰ গোসাইগাঁও মহকুমাৰ সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত পলাশগুৰি গাঁৱত আজিছুনু হাছদাৰৰ পত্নী বালে কিস্কুক (৫৫) শনিবাৰে নিজৰ আত্মীয়ই ডাইনী সন্দেহত আক্ৰমন কৰি হত্যাৰ অপচেষ্টা চলায় । হত্যাৰ অপচেষ্টাত আৰক্ষীয়ে ইতিমধ্যে গাঁওখনৰ নিৱাসী ৰবিন বাস্কে আৰু তেওঁৰ পুত্ৰ সুনিল বাস্কেক আটক কৰি তদন্ত আৰম্ভ কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, ৰবিন বাস্কেৰ বিবাহিত কন্যা দীৰ্ঘদিন ধৰি বিভিন্ন বেমাৰত আক্ৰান্ত হৈ থকাত একাধিক বেজ-কবিৰাজৰ ওচৰত চিকিৎসা কৰে যদিও ৰোগৰ উপশম নঘটাত ডাইনী লম্ভা বুলি পৰিয়ালৰ সন্দেহ ওপজে ৷ ইয়াৰ আঁৰত সম্পৰ্কীয় জ্যেষ্ঠ ভাতৃৰ পত্নীৰ হাত থকা বুলি সন্দেহ কৰি তেওঁলোকে স্থানীয় একাংশ ৰাইজক উচটাই এখন ৰাইজমেল পাতে ৷ উক্ত ৰাইজমেলত মহিলা গৰাকীক ডাইনী বুলি অপবাদ দি ৰবিন বাস্কে আৰু তেওঁৰ পুত্ৰই নিৰ্মম ভাবে অত্যাচাৰ চলায় ৷ ফলত বৃদ্ধা গৰাকী গুৰুতৰ ভাৱে আহত হয় যদিও স্থানীয় একাংশ সচেতন ৰাইজৰ হস্তক্ষেপত কথমপি ৰক্ষা পৰে।