ETV Bharat / state

বিপিএফ আৰু ইউপিপিএল দলৰ বিৰুদ্ধে মন্তব্য নৱ কুমাৰ শৰনীয়াৰ - গোসাইগাঁও মহকুমা

সাংসদ নৱ কুমাৰ শৰনীয়াই বুধবাৰে বিয়লি গোসাইগাঁও মহকুমাৰ আহমেদপুৰত উপস্থিত হৈ বিপিএফ আৰু ইউপিপিএল দলৰ বিৰুদ্ধে ভিন্ন মন্তব্য কৰে ৷

mp nava kumar sarania reaction against bpf and uppl party

author img

By

Published : Jun 18, 2020, 5:02 PM IST

কোকৰাঝাৰ, 18 জুনঃ বুধবাৰে বিয়লি গোসাইগাঁও মহকুমাৰ ভাওৰাগুৰি আৰক্ষী চকীৰ অন্তৰ্গত আহমেদপুৰত উপস্থিত হয় সাংসদ নৱ কুমাৰ শৰনীয়া ৷ সাংসদ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত বিপিএফ দলৰ বিৰুদ্ধে প্ৰকাশ কৰে ভিন্ন মন্তব্য ৷ বিগত তিনিটা কাৰ্যকাল শাসন চলাই হাজাৰ হাজাৰ কোটি টকা আত্মসাৎ কৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল সম্প্ৰতি চৰম অস্বস্তিত আছে ৷ যাৰ বাবে ৰাইজৰ কাষ চাপিব নোৱৰা হৈছে তেওঁলোক ৷ এই মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ ইয়াৰোপৰি তেওঁ কয়, ওদালগুৰি জিলাত ১৬ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে ৷ কেৱল ভুৱা নথি-পত্ৰ জমা দি এক হাজাৰ কোটি টকা আত্মসাৎ কৰিছে ৷

বিপিএফ আৰু ইউপিপিএল দলৰ বিৰুদ্ধে মন্তব্য নৱ কুমাৰ শৰনীয়াৰ

সম্প্ৰতি স্থগিত হৈ থকা নিৰ্বাচন অনাগত দুমাহত অনুষ্ঠিত হোৱাৰ কোনো আশা নাই যদিও, বিপিএফৰ নেতা-কৰ্মী সকল যথেষ্ট তৎপৰ হৈ ৰাতি-দিন একাকাৰ কৰি প্ৰচাৰ অভিযান চলাই ৰাইজৰ কাষ চাপিবলৈ চেষ্টা চলাইছে ৷ সমগ্ৰ ঘটনাই স্পষ্ট কৰিছে যে, যে বিপিএফ দল শংকাত ভুগিছে আৰু বিপিএফ পৰাজয় হোৱাটো নিশ্চিত বুলি শৰনীয়াই উল্লেখ কৰে ৷ আনহাতে ইউ পি পি এল সন্দৰ্ভতো সাংসদ গৰাকীয়ে কয় যে, বিভিন্ন ৰাজনৈতিক সংগঠনৰ পৰা চান্দা সংগ্ৰহ কৰা ইউ পি পি এল দলেও ধনৰ বলত ৰাইজক কিনিবলৈ চেষ্টা চলাইছে ৷ কিন্তু সেইবোৰ কাৰ্যই গণ সুৰক্ষা পাৰ্টীত কোনো প্ৰভাৱ নেপেলায় বুলিও তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়কঃ সাহিত্য সভাৰ মঞ্চখন জাতীয় জীৱনৰ মঞ্চ হিচাপে গ্ৰহণ কৰিব পাৰে:কুলধৰ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.