ETV Bharat / state

মুকলি হ'ল সাংসদ নৱ কুমাৰ শৰণীয়াঃধন বিতৰণৰ অভিযোগ নস্যাৎ

author img

By

Published : Dec 9, 2020, 8:57 AM IST

Updated : Dec 9, 2020, 10:37 AM IST

MP Naba kr Sarania released
মুকলি হ'ল সাংসদ নৱ কুমাৰ শৰণীয়াঃধন বিতৰণৰ অভিযোগ নস্যাৎ

08:53 December 09

কোকৰাঝাৰ,9 ডিচেম্বৰঃ ধন বিলোৱাৰ অভিযোগত মঙলবাৰে নিশা আটক হোৱা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াক বুধবাৰে পুৱাই মুকলি কৰি দিয়া হয় ৷ মুকলি হৈয়ে ধন বিতৰণ কৰাৰ অভিযোগ নস্যাৎ কৰি এইয়া তেওঁৰ বিপক্ষে ষড়যন্ত্ৰ বুলি আখ্যা দিয়ে ৷

উল্লেখযোগ্য যে, কোকৰাঝাৰ জিলাৰ ছালাকাটি পৰিষদীয় সমষ্টিৰ কালিপুখুৰীৰ জৰেগাঁওৰ শিৱ মন্দিৰৰ সমীপত নিশা সাংসদগৰাকীক ধন বিলোৱাৰ অভিযোগত একাংশ ৰাইজে আৱদ্ধ কৰি ৰাখিছিল ৷ নৱ কুমাৰ শৰণীয়া আৰু তেওঁৰ সংগীসকলক জৰেগাঁৱত আৱদ্ধ কৰি ৰখাত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ৷ ইয়াৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সাংসদসহ দলটোক উদ্ধাৰ কৰি প্ৰথমে ছালাকাটি আৰক্ষী চকী আৰু পিছলৈ কোকৰাঝাৰ সদৰ থানালৈ লৈ আহে । আনহাতে, ঘটনাস্থলীত উত্তেজিত জনতাই ছালাকাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ চৰকাৰী বাহনখনৰো যথেষ্ট ক্ষতিসাধন কৰে ।

ইপিনে, ঘটনা সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰণীয়াৰ লগত থকা যাদু সম্ৰাট বিক্ৰম আৰু জিএচপিৰ নেত্ৰী হেমপ্ৰভা দেৱীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰি কয় যে, নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰি নিশাৰ আহাৰ গ্ৰহণ কৰাৰ বাবে জৰেগাঁওৰ এজন লোকৰ বাসগৃহত উপস্থিত হৈছিল । কিছু সময় পিছত যুৱকৰ এটা দল আহি অতৰ্কিতে আক্ৰমণ কৰাৰ লগতে মোবাইলসহ পাৰ্চ কাঢ়ি লৈ যায় । 

তদুপৰি নিৰ্বাচনী বিধি উলংঘা কৰি ধন বিতৰণ কৰা অভিযোগক খণ্ডন কৰি নেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, জিএচপিৰ সভা পাতিবলৈকে পইচা নাই ৷ হোটেলত এসাঁজ খাবলৈকে পইচা নথকাৰ বাবেই শুভকাংক্ষীৰ ঘৰত আহাৰ গ্ৰহণ কৰে ৷ তেনেস্থলত ধন বিতৰণ কৰা কাৰ্য একপ্ৰকাৰ মিছা আৰু ভিত্তীহীন বুলি দাবী কৰে জিএচপিৰ নেত্ৰীগৰাকীয়ে ৷ 

লগতে পঢ়কঃ 19 বাংলাদেশীক পাৰাদ্বীপৰ পৰা উদ্ধাৰ ভাৰতীয় উপকূলৰক্ষীৰ

Last Updated : Dec 9, 2020, 10:37 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.