ETV Bharat / state

বিটিআৰত আঠুৱা যোগানৰ নামত দুৰ্নীতি: দুই বিজেপি যুৱ নেতাক আটক - বিটিআৰত আঠুৱা যোগানৰ নামত দুৰ্নীতি

বিটিআৰত এইবাৰ সংঘটিত হৈছে আঠুৱা যোগানৰ নামত দুৰ্নীতি (Corruption in eight supply) ৷ দুৰ্নীতিৰ লগত জড়িত থকাৰ অভিযোগত আটক বিজেপিৰ যুৱ মৰ্চাৰ দুজনকৈ নেতাক ৷ সম্প্ৰতি দুয়োকে তিনিদিনৰ বাবে আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰিছে আদালতে ।

2 bjp leaders loot rs 22 lakh by taking out fake orders in the name of eight supplies at BTC
বিটিচিত আঠুৱা যোগানৰ নামত দুৰ্নীতি: ভুৱা অৰ্ডাৰেৰে ২২ লাখ হজম দুই বিজেপিৰ যুৱ নেতাৰ
author img

By

Published : Jun 9, 2022, 1:59 PM IST

কোকৰাঝাৰ,9 জুন: বিটিআৰত চাপ্লাইৰ নামত কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য ফাদিল হোৱাৰ সময়তে কোকৰাঝাৰ আৰক্ষীয়ে আঠুৱা যোগানৰ (Corruption in eight supply) নামত ভুৱা ঠিকা দিয়া দুই প্ৰৱঞ্চকক আটক কৰে । কোকৰাঝাৰ আৰক্ষীয়ে মঙলবাৰে নিশা নলবাৰী জিলাৰ পৰা আটক কৰে প্ৰৱঞ্চক দুটাক ৷ আটকাধীন প্ৰৱঞ্চক দুটা বিজেপিৰ যুৱ মৰ্চাৰ নেতা ৰূপম ডেকা আৰু অনুৰৱ কলিতা জানিব পৰা গৈছে ।

কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) লামহু ডংগলে বুধবাৰে এক সংবাদমেলত সদৰি কৰা মতে, বিটিআৰত প্ৰায় ২/৩ কোটি টকাৰ আঠুৱা যোগানৰ নামত ৰূপম ডেকা আৰু অনুৰৱ কলিতাই ভূৱা অৰ্ডাৰ এটা উলিয়াই অশ্বিনী শৰ্মা নামৰ এগৰাকী ঠিকাদাৰৰ ওচৰত মোটা ধনৰ অংক ধনৰ বিনিময়ত বিক্ৰী কৰিছিল ।

ইয়াৰ পিছত ঠিকাদাৰ অশ্বিনী শৰ্মাই উক্ত বিভাগীয় ভুৱা অৰ্ডাৰৰ ভিত্তিত প্ৰায় দুই/তিনিকোটি মূল্যৰ আঠুৱাৰ যোগান ধৰিছিল ৷ পিছে এই কামৰ বাবদ বিটিআৰত বিল দাখিল কৰোতে আঠুৱা যোগানৰ এই অৰ্ডাৰ কপি ভুৱা বুলি প্ৰমাণিত হোৱাতেই এই দুৰ্নীতি ফাদিল হয় (Mosquito net supply scheme in BTC) ৷

ফলস্বৰূপে ঠিকাদাৰ অশ্বিনী শৰ্মাই যুৱ মৰ্চাৰ নেতা দুজনৰ বিৰুদ্ধে কোকৰাঝাৰত সদৰ থানাত গোচৰ (নং২৬৩/২২ ) ৰুজু কৰি এখন এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিতেই কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই বুধবাৰে নলবাৰীৰ পৰা প্ৰৱঞ্চক দুজনক আটক কৰে ৷

বিটিচিত আঠুৱা যোগানৰ নামত দুৰ্নীতি: ভুৱা অৰ্ডাৰেৰে ২২ লাখ হজম দুই বিজেপিৰ যুৱ নেতাৰ

উল্লেখ্য যে, এই ঘটনাটো বিধানসভা নিৰ্বাচনৰ পূৰ্বে সংঘটিত হৈছিল আৰু প্ৰৱঞ্চকদ্বয়ে ঠিকাদাৰ অশ্বিনী শৰ্মাৰ পৰা ২২ লাখ টকা লৈছিল বুলি আৰক্ষীয়ে জানিব দিয়ে ৷ উল্লেখ্য যে, যোগানৰ নামত বিটিআৰত বৃহৎ কেলেংকাৰী ঘটা বুলি সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে ৷

সম্প্ৰতি প্ৰমোদ বড়ো চৰকাৰে পূৰ্বৰ চৰকাৰৰ আমোলত সংঘটিত হোৱা কোটি কোটি টকাৰ কামৰ তন্নতন্নকৈ পৰীক্ষা কৰিবলৈ "নীটকো" সংস্থাক দায়িত্বভাৰ প্ৰদান কৰিছে ৷ ফলত প্ৰতিদিনে পোহৰলৈ আহিছে ন ন তথ্য । ইফালে বিজেপিৰ যুৱ মৰ্চাৰ নেতাদ্বয় ৰূপম ডেকা আৰু অনুৰৱ কলিতাক বুধবাৰে বিয়লি আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত আদালতে দুয়োজনকে তিনিদিনৰ বাবে আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে কোকৰাঝাৰ সদৰ থানাত দুজনক মাৰাথন জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : লখিমপুৰত বিধায়ক ভৰত নৰহৰ ঘনিষ্ঠ নেতাই যোগদান কৰিলে বিজেপিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.