ETV Bharat / state

এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাত দিশহাৰা পূব পাকিস্তানৰ ছয় শতাধিক হিন্দু শৰণাৰ্থী

author img

By

Published : Sep 3, 2019, 5:00 PM IST

১৯৬৪ চনৰ পৰা বসতি কৰি অহা শ্ৰীৰামপুৰ কলনিৰ 6 শতাধিক লোক বৈধ নথি-প্ৰত্ৰ থকা সত্বেও বঞ্চিত এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ পৰা ৷

More than 6 hundreds people excluded from NRC in Gusaigaon Sri Rampur

গোসাইগাঁও, 3 ছেপ্তেম্বৰ : 31 আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে হাহাকাৰ সৃষ্টি কৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চলত ৷ বৰ্তমান ভয় আৰু শংকাৰ মাজত দিন কটাইছে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱা বহু পৰিয়ালে ৷ প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন যে ক্ৰুটিমুক্ত নহয় সেই কথা পুনৰ প্ৰমাণিত কৰিছে গোসাইগাঁৱৰ ঘটনাই ৷

নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নোহোৱাত দিশহাৰা পূব পাকিস্তান 6 শতাধিক হিন্দু শৰণাৰ্থী

নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত নহ'ল গোসাইগাঁও শ্ৰীৰামপুৰ কলনিৰ 6 শতাধিক লোক ৷ বঞ্চিত ৰাইজে জনোৱা মতে শ্ৰীৰামপুৰ কলনিত বসবাস কৰা প্ৰায় ১১৪ টা বঙালী হিন্দু পৰিয়াল ১৯৬৪ চনত পূৰ্ব পাকিস্তানৰ পৰা অসমলৈ আহিছিল ৷ এই ১১৪ টা পৰিয়ালক তদানীন্তন বিধায়ক মিথিয়াছ টুডু আৰু মন্ত্ৰী ৰূপনাথ ব্ৰহ্ম মিলিত হৈ অসম চৰকাৰৰ ৰাজহ বিভাগৰ উপৰি গৃহ বিভাগৰ লগত আলোচনা কৰি গোসাইগাঁও ৰাজহ চক্ৰৰ শ্ৰীৰামপুৰত ৮০ বিঘা চৰকাৰী মাটি প্ৰদান কৰি থকাৰ বাবে অনুমতি দিছিল । শ্ৰীৰামপুৰত বসতি কৰি অহা উক্ত ১১৪ টা পৰিয়াল বৃদ্ধি হৈ বৰ্তমান প্ৰায় ১১ শ পৰিয়াল হয়গৈ ।

উল্লেখযোগ্য যে ১৯৬৪ চনৰ পৰা বসতি কৰি অহা শ্ৰীৰামপুৰ কলনিৰ লোক সকলে সকলে আন নাগৰিকৰ দৰে ভোট প্ৰদান কৰি অহাৰ লগতে ভোগ কৰি আহিছে সকলো ধৰণৰ চৰকাৰী সুবিধা ৷ লগতে উক্ত পৰিয়াল সমূহৰ পূৰ্ব বংশৰ এন আৰ চি, লিগেচী ডাটা, ভূমিৰ নথি, স্কুল কলেজত অধ্যয়ন কৰা নথি আৰু পূৰ্ব পাকিস্তানৰ পৰা অসমত আহি প্ৰৱেশ কৰা ৰিফিউজি চাৰ্টিফিকেটো আছে । ভূমি অধিকাৰকে ধৰি অসম চৰকাৰৰ যাৱতীয় সা-সুবিধা আৰু গণতান্ত্ৰিক অধিকাৰ প্ৰদান কৰা এই সকল লোকক কিহৰ ভিত্তিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা আঁতৰাই ৰাখিছে সেয়া সকলোৰে মাজত প্ৰশ্নৰ উত্থাপন হৈছে । বৰ্তমান বিদেশী তালিকাত অন্তৰ্ভুক্ত হোৱাৰ আশংকাৰ মাজত দিন কটাইছে শ্ৰীৰামপুৰ কলনিৰ লোক সকলে ৷

Intro:Story -- :: গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৈধ নথি থকা সত্বেও এন আৰ চিৰ পৰা বঞ্চিত ভাৰতীয় নাগৰিক :: একেখন চুবুৰীৰ ছয় শতাধিক লোকৰ নাম বাদ পৰিল ৰাষ্ট্রীয় নাগৰিক পঞ্জীত :: শ্ৰীৰামপুৰত হাহাকাৰ অৱস্থা :: আতংকত কটাইছে বঞ্চিত পৰিয়াল ::
Feed Name :- Gossaigaon NRC Deprived Family.
Rpt :- Biswajit choudhury Gossaigaon.
Date :-03/09/19.

Anchore :- শেহতীয়া প্ৰকাশ হোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বহু পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। উজাগৰে দুৰচিন্তাত কটাইছে বহু পৰিয়াল। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম নথকাত হতাশাত পৰিয়াল । প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন যে ত্ৰুটিমুক্ত নহয় সেয়া আকৌ প্ৰমাণিত কৰিছে।গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰ কলনিৰ ছয় শতাধিক লোকৰ নাম নাই এন আৰ চিত ।।গোসাঁইগাঁৱৰ সংবাদ দাতা বিশ্বজিৎ চৌধুৰীৰ এক প্ৰতিবেদন।

Body:

S/O :-. অসমৰ আন জিলা আৰু মহকুমাৰ দৰে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত এখন বিশেষ অঞ্চলৰ ৰাইজে এন আৰ চিৰ পৰা বঞ্চিত হোৱাৰ ঘটনাই সকলোৰে চকু কপালত তুলিছে। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰৰ কলনিত এই ঘটনা সংঘটিত হৈছে। শ্ৰীৰামপুৰ কলনিৰ প্ৰায় ছয় শতাধিক লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নথকা বাবে এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে শ্ৰীৰামপুৰ এলেকাত।বঞ্চিত ৰাইজে প্ৰকাশ কৰা মতে, শ্ৰীৰামপুৰ কলনিত বসবাস কৰা প্ৰায় ১১৪ টা বঙালী হিন্দু পৰিয়াল ১৯৬৪ চনত পূৰ্ব পাকিস্তানৰ পৰা অসমত আহে। ইয়াৰ একাংশ পৰিয়াল শ্ৰীৰামপুৰত আশ্ৰয় গ্ৰহণ কৰে । উক্ত ১১৪ টা পৰিয়াল বৃদ্ধি হৈ বৰ্তমান প্ৰায় ১১ শ পৰিয়াল হৈছে গৈ।১৯৬৪ চনত পূৰ্ব পাকিস্তানৰ পৰা বিতাড়িত হৈ অসমৰ শ্ৰীৰামপুৰত আশ্ৰয় গ্ৰহণ কৰা ১১৪ টা পৰিয়ালক তদানীন্তন বিধায়ক মিথিয়াছ টুডু আৰু তদানীন্তন মন্ত্ৰী ৰূপনাথ ব্ৰহ্ম মিলিত হৈ আৰু একত্ৰিত হৈ অসম চৰকাৰৰ ৰাজহ বিভাগৰ উপৰি গৃহ বিভাগৰ লগত আলোচনা কৰি উক্ত ১১৪ টা পৰিয়ালক গোসাঁইগাঁও ৰাজহ চক্ৰৰ শ্ৰীৰামপুৰত ৮০ বিঘা চৰকাৰী মাটি প্ৰদান কৰে আৰু থকাৰ বাবে অনুমতি দিয়ে। ১৯৬৪ চনৰ পৰাই এই পৰিয়াল সমূহ ব্যৱসায় বাণিজ্য কৰি জীৱন নিৰ্বাহ কৰি আহিছে। তেতিয়াৰ পৰাই শ্ৰীৰামপুৰৰ উক্ত অঞ্চলটোক শ্ৰীৰামপুৰ কলনি বুলি কোৱা হয়। ১৯৬৪ চনৰ পৰা চৰকাৰে প্ৰদান কৰা উক্ত মাটিত সকলো পৰিয়াল আশ্ৰয় গ্ৰহণ কৰি জীৱন নিৰ্বাহ কৰি আহিছে । বিগত ৫৫ -৬০ বছৰ ধৰি শ্ৰীৰামপুৰ কলনিৰ উক্ত পৰিয়াল সমূহ চৰকাৰী বিভিন্ন আঁচনি যেনে ৰেচন কাৰ্ড, বিদ্যুৎ , ৰাস্তা ঘাট, স্কুল, মন্দিৰ, বজাৰ আদি কৰি বিভিন্ন অনুষ্ঠান আৰু প্ৰতিষ্ঠান চলি আহিছে যদিও হঠাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰি আহিছে।অকল সেয়াই নহয় গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰ এলেকাৰ লোক সকলে আন নাগৰিকৰ সমানে ভোট প্ৰদান কৰি আহিছে । পূৰ্বতে শ্ৰীৰামপুৰত ১১৪ টা হিন্দু বঙালী পৰিয়াল পূৰ্ব পাকিস্তানৰ পৰা বিতাড়িত হৈ আহিছিল যদিও বৰ্তমান ইয়াৰ সংখ্যা প্ৰায় হেজাৰোধিক । শ্ৰীৰামপুৰ কলনিৰ প্ৰায় ছয় শতাধিক লোকৰ নাম শেহতীয়াকৈ প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম নাই। ভূমি অধিকাৰকে ধৰি অসম চৰকাৰৰ যাবতীয় সা সুবিধা আৰু গণতান্ত্ৰিক অধিকাৰ প্ৰদান কৰা এই সকল লোকক কিহৰ ভিত্তিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা আঁতৰাই ৰাখিছে সেয়া সকলোৰে মাজত প্ৰশ্নৰ সৃষ্টি কৰিছে । ইয়াক লৈ যোৱা কেইদিন ধৰি অঞ্চলটোত এক চেপা আতংক বিৰাজ কৰিছে। Conclusion: উক্ত পৰিয়াল সমূহৰ পূৰ্ব বংশৰ এন আৰ চি, লিগেচী ডাটা, ভূমিৰ নথি, স্কুল কলেজত অধ্যয়ন কৰা নথি আৰু পূৰ্ব পাকিস্তানৰ পৰা অসমত আহি প্ৰৱেশ কৰা এখন কৈ ৰিফিউজি চাৰ্টিফিকেট আছে। ইয়াক লৈ শ্ৰীৰামপুৰ অঞ্চলত এক হুলস্থুল পৰিৱেশ নহয় বহু পৰিয়াল বিদেশী তালিকাত অন্তৰ্ভুক্ত হোৱাৰ আশংকাত ভুগিছে।

Byte :- ভুক্তভোগী পৰিয়াল।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.