ETV Bharat / state

কোকৰাঝাৰত বিশাল জন সমূদ্ৰক সম্বোধন কৰিলে মোডীয়ে

author img

By

Published : Feb 7, 2020, 12:17 PM IST

Updated : Feb 7, 2020, 2:49 PM IST

modi on kokrajhar
কোকৰাঝাৰত প্ৰধানমন্ত্ৰী মোডী

14:33 February 07

হিংসাৰ পথ ত্যাগ কৰিবলৈ দেশবাসীক আহ্বান মোডীৰ

হিংসাৰ দ্বাৰা কোনো কাৰ্য সিদ্ধি নহয় বুলি মন্তব্য মোডীৰ ৷ নিজকে মোডীয়ে ভাগ্যৱান বুলি উল্লেখ কৰি  ইমান আশীৰ্বাদ দিয়াৰ বাবে অসমবাসীক ধন্যবাদ জনায় ৷ বন্দুকৰ পথ ত্যাগ কৰি সকলোকে শান্তিৰ পথলৈ আহিবলৈ আহ্বান জনায় ভাষণ সামৰে মোডীয়ে ৷ 

14:25 February 07

'কা'ৰ দ্বাৰা কোনো বিদেশী মানুহ নাহে : মোডী

অসমৰ সকলোকে আশ্বস্ত কৰিব খোজো যে, অসম বিৰোধী, দেশ বিৰোধী শক্তিক ক্ষমা কৰা নহ'ব ৷  'কা'ৰ দ্বাৰা কোনো বিদেশী মানুহ নাহে , এইবোৰ সকলো উৰাবাতৰি বুলি ক'লে মো়দীয়ে ৷ ভূপেন হাজৰিকাৰ অসমী আই ৰূপহী গীত ভাষণৰ মাজতে দোহাৰিলে মোডীয়ে ৷ 

14:14 February 07

বিজেপি অহাৰ পাচত উন্নয়ন হৈছে উত্তৰ-পূৱৰ : মোডী

বিজেপি অহাৰ পাচত অৰুণাচল,নাগালেণ্ড মিজোৰামৰ পৰা আফচ্পা আঁতৰোৱা হৈছে ৷ এক ভাৰতৰ কথা চিন্তা কৰিছে উত্তৰ-পূৱবাসীয়ে ৷ আগতে মানুহ আহিবলৈ ভয় কৰা উত্তৰ-পূৰ্বাঞ্চলক এতিয়া পৰ্যটন ক্ষেত্ৰ হিচাপে ভাবি লৈছে ভাৰতৰ আন প্ৰান্তৰ মানুহে ৷ আগৰ দৰে এতিয়া দিল্লী দূৰ নহয়, দিল্লী এতিয়া উত্তৰ-পূৱৰ দুৱাৰদলিত ৷ আমাৰ চৰকাৰে অহৰহ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে চিন্তা কৰিছে ৷ বিগত তিনি বছৰত উত্তৰ পূৰ্বাঞ্চলত 3000 ৰাস্তা নিৰ্মাণ হৈছে ৷ উত্তৰ-পূৱৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দিল্লী আৰু বাংগালুৰুত ছাত্ৰাবাস-ছাত্ৰীনিবাস নিৰ্মাণ কৰা হৈছে ৷ 

14:09 February 07

উত্তৰ-পূৱক নিজৰ বুলি আঁকোৱালি লোৱা বুলি মন্তব্য মোডীৰ

বি টি আৰে ভেদভাৱ এৰি সকলোৰে সৈতে মিলি উন্নয়নৰ পথত খোজ দিবলৈ আহ্বান ৷ বি টি আৰ, অসম চৰকাৰ আৰু  কেন্দ্ৰ চৰকাৰে মিলি সবকা সাথ সবকা বিকাশ সাধন কৰিব ৷ অতীতৰ সমস্যা সমূহৰ সমাধান সাধেই লক্ষ্য হোৱা উচিত ৷  উত্তৰ-পূৱৰ বিষয়ে এনে ধাৰণা আছিল যে, কোনেও গুৰুত্ব দিব খোজা নাছিল ৷ এই ধাৰণাই উত্তৰ-পূৱৰ মানুহক সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি ক্ৰোধিত কৰি তুলিছিল ৷ উত্তৰ পূৰ্বাঞ্চলৰ বাবে নতুন ধাৰণাৰে কাম কৰা হৈছে বুলি মন্তব্য মোডীৰ ৷

14:02 February 07

অসম চুক্তিৰ 6 নং দফাও অতি সোনকালে কাৰ্যকৰী কৰা হ'ব : মোডী

বড়ো আন্দোলনত জড়িত সকলোকে ধন্যবাদ জনালে মোডীয়ে ৷ পাঁচ দশক পাচত হিংসাৰ পথ ৰুদ্ধ কৰা হৈছে ৷ এই আন্দোলনৰ সকলো দাবীৰ অৱসান ঘটিল ৷ এতিয়া বিকাশেই হৈছে আমাৰ প্ৰথম আৰু অন্তিম কৰণীয় ৷ এই কৰণীয় খিনি কৰাত মই পিচুৱাই নাহোঁ ৷ শান্তিৰ পথলৈ অহা সকলে যাতে এডাল কাঁইটো গছকিব লগীয়া নহয়, তাৰ ব্যৱস্থা কৰা হ'ব ৷ এই শান্তিৰ লাভ বড়োসকলৰ লগতে বাকীসকলেও পাব ৷ এই চুক্তিৰ দ্বাৰা সকলোৰে জয় হৈছে ৷ শান্তি আৰু মানৱতাৰ জয় হৈছে ৷  বি টি এ ডিৰ সীমা নিৰ্ধাৰণৰ বাবে কমিচন গঠন কৰা হ'ব ৷ 1500 কোটি টকা ধাৰ্য কৰা হৈছে বি টি আৰৰ বাবে ৷ অসম চুক্তিৰ 6 নং দফাও অতি সোনকালে কেন্দ্ৰ চৰকাৰৰ দ্বাৰা কাৰ্যকৰী কৰা হ'ব ৷

13:55 February 07

শ্ৰীমন্ত শংকৰদেৱলৈ গভীৰ প্ৰণিপাত মোডীৰ

শ্ৰীমন্ত শংকৰদেৱলৈ অসমীয়াতে গভীৰ প্ৰণিপাত জনালে মোডীয়ে ৷ শংকৰ সংঘৰ অধিবেশনৰ সফলতা কামনা কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ 

13:44 February 07

বড়ো ভাষাত ৰাইজক সম্ভাষণ জনালে প্ৰধানমন্ত্ৰী মোডীয়ে

বড়ো ভাষাত ৰাইজক সম্ভাষণ জনালে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ ৰাইজৰ মুখত দেখা পোৱা ৰঙে আৰ্ণাই-দখনাৰ ৰঙতকৈও অধিক আনন্দিত কৰিছে বুলি মন্তব্য মোডীৰ ৷ ইমান বিশাল জনসমাগম দেখিবলৈ পোৱাতো সৌভাগ্য বুলি মন্তব্য মোডীৰ ৷ উত্তৰ-পূৱৰ আটাইতকৈ বিশাল জনসভা বুলি মন্তব্য প্ৰকাশ প্ৰধানমন্ত্ৰীৰ ৷  দেশৰ অন্যতম ভূখণ্ড আজি নতুন পোহৰেৰে উজ্জল হৈছে ৷ উপেন্দ্ৰ নাথ ব্ৰহ্ম, ৰূপনাথ ব্ৰহ্মক সুঁৱৰিলে মোডীয়ে ৷ এন ডি এফ বি, এবছু, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, অসম চৰকাৰ সমগ্ৰ ভাৰতবাসীৰ ধন্যবাদৰ পাত্ৰ ৷ আজি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক নতুন আৰম্ভণি ঘটিছে ৷ আজি সংকল্প লোৱাৰ সময় ৷ হিংসাৰ অন্ধকাৰ আঁতৰাই বিকাশ আৰু উন্নয়নৰ পোহৰ চটিওৱাৰ সময় এইয়া ৷ ইয়াত আৰু হিংসা নহয়, কোনো ভাই-পুত্ৰৰ তেজ নবয় ৷ এইসকল মাতৃ-ভগ্নীয়ে মোক আশীৰ্বাদ কৰিচে বুলি মন্তব্য মোডীৰ ৷ 
উত্তৰ-পূৰ্বাঞ্চলত শান্তি আৰু বিকাশৰ নতুন সূৰুয উদয় হৈছে ৷ 

13:37 February 07

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে চিন্তা কৰা একমাত্ৰ ব্যক্তি নৰেন্দ্ৰ মোডী : সোণোৱাল

নৰেন্দ্ৰ মোডীয়ে অসমৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে নৰেন্দ্ৰ মোডীক কৃতজ্ঞতা স্বীকাৰৰ উদ্দেশ্যে এই সভা৷ বড়ো চুক্তিৰ দ্বাৰা বড়ো সকলে ভৱিষ্যতে আগুৱাই যোৱাৰ সন্ধান পাইছে ৷ ইয়াৰ লগতে অবড়োসকলেও দৃঢ়তাৰে আগুৱাই যাব পাৰিব ৷ বড়োসকল নিৰ্ভীক আৰু কৰ্মোদ্যমী জাতি ৷ অসমীয়া জাতিক বিশ্বত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বড়ো জাতিয়ে অগ্ৰণী ভূমিকা ল'ব ৷ 2014 চন পৰাই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে চিন্তা কৰিছে মোডীয়ে ৷ অসমক সন্মান জনোৱা কোনোবা আছে যদি সেইয়া কেৱল নৰেন্দ্ৰ মোডী ৷ 

13:29 February 07

আলফাক শান্তিৰ মেজলৈ অহাৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ

উত্তৰ-পূৱৰ স্থায়ী শান্তি ঘূৰাই আনি নৰেন্দ্ৰ মোডীয়ে নৱোদিত সূৰ্য দেখুৱালে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷ ব্ৰু চুক্তি স্বাক্ষৰিত কৰাৰ পাচতেই বড়ো চুক্তি সম্পন্ন কৰিলে মোডীয়ে ৷ অসমৰ অখণ্ডতা ৰক্ষা কৰি বড়ো চুক্তিৰ দ্বাৰা সমগ্ৰ অসমলৈ শান্তি ওভতাই আনিলে মোডীয়ে ৷ এতিয়াও শান্তি আলোচনালৈ নহা বিপ্লৱী সংগঠন, বিশেষকৈ আলফাক শান্তিৰ মেজলৈ অহাৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ ৷

13:24 February 07

নৰেন্দ্ৰ মোডীক বড়ো শান্তি চুক্তিৰ বাবে ধন্যবাদ জনালে প্ৰমোদ বড়োৱে

বড়ো জাতিৰ ফালৰ পৰা মোডীক অশেষ ধন্যবাদ জনায় প্ৰমোদ বড়োৱে ৷ বড়ো শান্তি চুক্তিয়ে অসম, উত্তৰ-পূৰ্বাঞ্চল তথা বড়ো আৰু আন জনজাতিৰ বাবে শান্তি-সম্প্ৰীতি কঢ়িয়াব ৷ এই চুক্তি ইতিহাসত লিখা ৰ'ব ৷ উগ্ৰপন্থাৰ নামত যিসকলে ভূটান,ম্যানমাৰত আছিল তেওঁলোকৰ মাতৃক এই চুক্তিয়ে পুত্ৰ ঘূৰাই দিলে ৷ মোডীৰ এই পদক্ষেপে সকলোকে মনত শান্তি দিলে ৷ কেৱল বড়ো নহয়, সমূহ অসমীয়া জাতিৰ বাবে ই ঐতিহাসিক চুক্তি ৷ এই চুক্তিৰ দ্বাৰা যাতে বড়ো জাতিৰ প্ৰতি কোনেও বেয়া ভাৱ নাৰাখে ৷ এই চুক্তিয়ে অবড়োক ক্ষতি নকৰে ৷ 

13:07 February 07

বি টি আৰৰ অবড়ো সকলে ভয় কৰাৰ কাৰণ নাই : হাগ্ৰামা মহিলাৰী

বিজয় উৎসৱৰ মুখ্য সভাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ আদৰণি ভাষণ আগবঢ়াই  হাগ্ৰামা মহিলাৰীয়ে ৷ বি টি আৰত অস্ত্ৰ পৰিহাৰ কৰি শান্তি স্থাপনৰ বাবে নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোণোৱালকে প্ৰমুখ্য কৰি চৰকাৰক ধন্যবাদ জনায় হাগ্ৰামা মহিলাৰীয়ে ৷ বিটিআৰৰ অবড়ো সকলৰ কোনো চিন্তাৰ কাৰণ নাই, সকলোৰে বাবে বিটি আৰ বুলি উল্লেখ হাগ্ৰামা মহিলাৰীৰ ৷ বি এল টিৰ ক্ষেত্ৰত যেনে দৰে গোচৰ সমূহ প্ৰত্যাহাৰ কৰা হৈছিল তেনেদৰে এন ডি এফ বিৰ ক্ষেত্ৰটো গোচৰ প্ৰত্যাহাৰৰ আহ্বান হাগ্ৰামাৰ ৷ এন ডি এফ বিৰ কেডাৰ সকলৰো পুনঃ সমস্থাপনৰ মুকলি আহ্বান চৰকাৰলৈ ৷ 

12:38 February 07

কোকৰাঝাৰত উপস্থিত মোডী

কোকৰাঝাৰত উপস্থিত মোডী

হেলিকপ্টাৰযোগে কোকৰাঝাৰত উপস্থিত প্ৰধানমন্ত্ৰী মোডী ৷ ইতিমধ্যে লোকে লোকাৰণ্য হৈ পৰিছে  জাংখ্ৰীঠাই পথাৰ ৷ বাগৰুম্বা নৃত্যৰে প্ৰধানমন্ত্ৰী মোডীক উষ্ম আদৰণি ৷ 

11:57 February 07

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ উপলক্ষে উথপথপ কোকৰাঝাৰৰ জাংখ্ৰীঠাই পথাৰ

বড়ো শান্তি চুক্তিৰ বিজয় উৎসৱত প্ৰধানমন্ত্ৰী মোডী

কোকৰাঝাৰৰ জাংখ্ৰীঠাই পথাৰত অনুষ্ঠিত হৈছে বড়ো শান্তি চুক্তি বিজয় উৎসৱ ৷ এই অনুষ্ঠানত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ইতিমধ্যে বৰঝাৰ বিমান বন্দৰত উপস্থিত নৰেন্দ্ৰ মোডী ৷ বৰঝাৰৰ পৰা হেলিকপ্টাৰযোগে কোকৰাঝাৰলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী ৷ 

Intro:Body:

MODI KOKRAJHAR BTR PROGRAMME LIVE PAGE

Conclusion:
Last Updated : Feb 7, 2020, 2:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.