ETV Bharat / state

দৰিদ্ৰ খেতিয়কৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কৰিলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই - পাৱাৰ টিলাৰ বিতৰণ কৰিলে মন্ত্ৰী প্ৰমিলা ৰাণীয়েে

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত মন্তব্য প্ৰদান কৰি মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই কয় যে , মুখ্যমন্ত্ৰীয়ে ভুল পদক্ষেপ গ্ৰহণ নকৰে ৷ মুখ্যমন্ত্ৰীয়ে সদায়ে থলুৱা জনগোষ্ঠীৰ হিতৰ বাবে কাম কৰে ৷ কৃষক সকলক বছৰি তিনিটাকৈ খেতি কৰিবলৈ আহ্বান জনালে মন্ত্ৰী গৰাকীয়ে ৷

minister pramila rani brahma distribute power tiller among the farmers
বছৰি তিনিটা খেতি কৰিবৰ বাবে কৃষকক আহ্বান জনালে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই
author img

By

Published : Jan 11, 2020, 11:47 PM IST

কোকৰাঝাৰ , 11 জানুৱাৰীঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ তিতাগুৰীৰ ইৰাকদাও ভৱনত শনিবাৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত নিজ সমষ্টিৰ দৰিদ্ৰ খেতিয়কৰ মাজত 10 খন পাৱাৰ টিলাৰ বিতৰণ কৰিলে অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷ ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে নিজ অঞ্চলৰ খেতিয়ক সকলক চৰ অঞ্চলৰ কৃষক সকলৰ দৰে একেডৰা মাটিতে বছৰত তিনিটাকৈ খেতি কৰিবলৈ আহ্বান জনায় ৷ "মাটি আমাৰ আত্মা, খেতি আমাৰ জীৱন" বুলি উল্লেখ কৰি চহকী হ’বৰ বাবে কৃষক সকলক খেতি-বাতিত অধিক গুৰুত্ব প্ৰদান কৰিবৰ বাবে আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ৷

বছৰি তিনিটা খেতি কৰিবৰ বাবে কৃষকক আহ্বান জনালে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই
আনহাতে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়াও ভুল সিদ্ধান্ত নলয় আৰু তেখেতে সদায় জনগোষ্ঠী আৰু জনসাধাৰণৰ হিতৰ বাবেই কাম কৰি আহিছে ৷ পৰোক্ষভাৱে নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰাৰ কথা ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে ৷ অনুষ্ঠানটোত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীকে ধৰি আন বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থকাৰ লগতে কোকৰাঝাৰ পূৱ জনজাতি সমষ্টিৰ বহু সংখ্যক কৃষক উপস্থিত থাকে ৷

লগতে পঢ়কঃ'ফ্ৰী কাশ্মীৰ প্লেকাৰ্ড' কাণ্ডঃ ভিডিঅ'ৰ জৰিয়তে যুৱতীৰ ক্ষমা প্ৰাৰ্থনা

Intro:কোকৰাঝাৰত মন্ত্ৰী প্ৰমিলাৰ পাৱাৰ টিলাৰ বিতৰণ ।

মুখ্যমন্ত্ৰীয়ে ভুল পদক্ষেপ নলয় : প্ৰমিলা

কোকৰাঝাৰ/১১ জানুৱাৰী :- অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই আজি নিজ সমষ্টি অৰ্থাৎ কোকৰাঝাৰ পুৱ জনজাতি সমষ্টিৰ খেতিয়কৰ মাজত ১০ খন পাৱাৰ টিলাৰ বিতৰণ কৰে ।
Body:কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ তিতাগুৰীৰ ইৰাকদাও ভৱনত এই উপলক্ষে আয়োজিত হোৱা অনুষ্ঠানত মন্ত্ৰী ব্ৰহ্মই কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কৰি চৰ অঞ্চলৰ দৰে বছৰত একোডৰা মাটিতে তিনিবাৰ পৰ্যন্ত খেতি কৰিবলৈ আহ্বান জনায় । মাটি আমাৰ আত্মা খেতি আমাৰ জীৱন বুলি উল্লেখ কৰি মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই জনসংখ্যা বৃদ্ধিৰ ফলত মাটি সংকুচিত হৈছে বুলি উল্লেখ কৰি কৃষকসকল চহকী হবৰ বাবে খেতিৰ প্ৰয়োজন বুলি উল্লেখ কৰে ।
আনহাতে " কা " সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই মুখ্যমন্ত্ৰীয়ে থলুৱা জনগোষ্ঠীৰ বাবে চিন্তা কৰে আৰু জনজাতি তথা অন্যান্য জনগোষ্ঠীৰ বিৰুদ্ধে ভুল পদক্ষেপ নলয় বুলি মন্তব্য কৰি আওকপীয়াভাৱে চৰকাৰৰ সিদ্ধান্তক সমৰ্থন জনায় মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ।
Conclusion:আজিৰ অনুষ্ঠানত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীকে ধৰি আন বহু বিশিষ্ট অতিথি উপস্থিত থকাৰ লগতে কোকৰাঝাৰ পুৱ জনজাতি সমষ্টিৰ বহু কৃষক উপস্থিত আছিল ।

বাইট _প্ৰমিলা ৰাণী ব্ৰহ্ম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.