কোকৰাঝাৰ, 9 জুলাই : দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে বিটিআৰৰ (BTR) সদৰ কোকৰাঝাৰত উপস্থিত হয় জলসম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা (Piyush Hazarika) ৷ গুৱাহাটীৰ পৰা হেলিকপ্টাৰযোগে কোকৰাঝাৰত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে প্ৰথমে নিৰ্মীয়মান কোকৰাঝাৰ মেডিকেল কলেজৰ (Kokrajhar Medical College) সমীপৰ গৌৰাং নৈ (Gaurang River)ৰ গৰাখহনীয়া পৰিদৰ্শন কৰে । ইয়াৰ পিছতে বিটিআৰ সচিবালয়ত উপস্থিত হৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োকে (Pramod boro) ধৰি বিটিআৰ (BTR)ৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য, পাৰিষদ, বিষয়া-কৰ্মচাৰীৰ সতে বৈঠকত মিলিত হয় মন্ত্ৰী গৰাকীয়ে । উক্ত বৈঠকত মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত উপস্থিত থাকে বিটিআৰ (BTR)ৰ সচিব প্ৰধান শান্তনু পি গোটমাৰে,বিটিআৰৰ আৰক্ষী মহা পৰিদৰ্শক (IGP) এল আৰ বিষ্ণৈ আৰু জিলা আৰক্ষী অধীক্ষক (SP) প্ৰতীক বিজয় কুমাৰ উপস্থিত থাকে ৷
বৈঠকৰ অন্তত মন্ত্ৰী পীযুষ হাজৰিকাই (Piyush Hazarika) পুনৰাই কোকৰাঝাৰ সদৰ চহৰৰ সমীপৰ গৌৰাং নৈৰ (Gaurang River) গৰাখহনীয়া পৰিদৰ্শন কৰে ৷ ইপিনে বিটিআৰ (BTR) সচিবালয়ত মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদমাধ্যমৰ আগত গৰাখহনীয়া ৰোধ কৰাৰ উদ্দেশ্যৰে শীঘ্ৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ বানপানী ৰোধ কৰাৰ ক্ষেত্ৰত সাময়িক আৰু স্থায়ী দুয়োটা ব্যৱস্থাই গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ লগতে বিটিআৰ অঞ্চলত কিমান নদী-উপনদী আছে, কিমান মথাউৰী আছে আৰু কিমানসংখ্যক মথাউৰিৰ প্ৰয়োজন আছে তাৰ ৰিপ’ৰ্ট 15 দিনৰ ভিতৰত জমা দিবলৈ বিভাগীয় অভিযন্তাসকলক নিৰ্দেশ দিয়া হৈছে বুলি সদৰী কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Piyush Hazarika)।
ইফালে কোকৰাঝাৰ মেডিকেল কলেজখন (Kokrajhar Medical College) সকলোৰে বাবে গুৰুত্বপূৰ্ণ আৰু অহা দুবছৰৰ ভিতৰত মেডিকেল কলেজৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে মেডিকেল কলেজৰ চৌহদৰ কাষ পোৱা গৰাখহনীয়া ৰোধ কৰাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বুলি সদৰী কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ।
আনহাতে, বিটিআৰ (BTR)ৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে গৰাখহনীয়া ৰোধ কৰা আৰু বানপানীৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যৰে বিজ্ঞানসন্মতভাৱে পৰিকল্পনা গ্ৰহণ কৰা হ'ব বুলি বুলি সংবাদমাধ্যমৰ আগত সদৰী কৰিছে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰৰ ভ্ৰমণকালত মন্ত্ৰী পীয়ুষ হাজৰিকাক সংগ দিয়ে বিটিআৰ (BTR)ৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে আৰু বিধায়ক লৰেন্স ইছলাৰীয়ে ৷
লগতে পঢ়কঃ উত্তৰ-পূৱক মাহী আই দৃষ্টিৰে চোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে : প্ৰমোদ বড়ো